পৃষ্ঠা:অনিমা গুহ.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰা বাবে বহুতে অনুমান কৰে দুয়োৰে মাজত হয়তো প্লেট’নিক প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল।

 এই চৌহদতে লক্ষ্মীনাথ বেজবৰুৱাই বিয়া কৰাইছিল মহৰ্ষি দেৱেন্দ্ৰ নাথ ঠাকুৰৰ তৃতীয় পুত্ৰ হেমেন্দ্ৰ নাথৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীক। আন এগৰাকী অসমীয়া গুণাভিৰামৰ পুত্ৰ জ্ঞানদাভিৰামে ঠাকুৰ পৰিয়ালত বিয়া কৰাইছিল। ঘৰৰ পৰা বহু আঁতৰত কলকাতাৰ ভৱানীচৰণ দত্ত লেনৰ মেছ এটাৰ পৰা দৰা সাজি ঠাকুৰবাড়ীলৈ বিয়া কৰাবলৈ গৈছিল লক্ষ্মীনাথ। দৰা নৈষ্ঠিক ব্ৰাহ্মণ সন্তান, কইনা প্ৰগতিশীল ব্ৰাহ্ম পৰিয়ালৰ জীয়াৰী। আগতেই কোৱা হৈছে মই কল্পনাবিলাসী। সিদিনা, শিখাক লক্ষ্মীনাথৰ কথা কৈ কল্পনাতে তেওঁৰ বিবাহমণ্ডপটো যেন দেখা পালো। ব্ৰাহ্ম বিয়াত বৈদিক মন্ত্ৰ উচ্চাৰিত হ'লেও হোম পোৰা নহৈছিল। পুতেকে বাঙালী ব্ৰাহ্ম পৰিয়ালৰ ছোৱালী বিয়া কৰোৱা বাবে শিৱসাগৰত দীননাথ বেজবৰুৱাৰ পৰিয়ালটোক তেতিয়া দুখ-খং আৰু হতাশাই ম্ৰিয়মান কৰি তোলে। পাছত অৱশ্যে বোৱাৰীয়েকক আদৰি গ্ৰহণ কৰিছিল।

 ঠাকুৰবাড়ীৰ নিয়মেই আছিল সৎ বংশজাত, সুশিক্ষিত, সুদৰ্শন পাত্ৰ পালে তেনে ল’ৰাক জোঁৱাই কৰা। ভাৰতৰ নানা ঠাইৰ সুপাত্ৰ তেওঁলোকৰ জোঁৱাই। যি কি নহওক, কেৱল জোঁৱায়ে নহয় বোৱাৰীও আনিছে আন ৰাজ্যৰ পৰা। মহৰ্ষি দেৱেন্দ্ৰনাথৰ নাতি, ৰবীন্দ্ৰনাথৰ ভতিজাক সুভো ঠাকুৰে ( সুভগেন্দ্ৰ ) বিয়া কৰাইছিল ‘আৱাহান’ আলোচনীৰ সম্পাদক দীননাথ শৰ্মাৰ জীয়াৰী আৰতিক। জ্ঞানদাভিৰাম বৰুৱাৰ জীয়াৰী ইৰাৰ বিয়া হৈছিল ঠাকুৰ পৰিয়ালৰ আন এটা শাখাৰ সদস্য গীতিন্দ্ৰনাথৰ লগত। এওঁলোকৰে জীয়াৰী অভিনেত্ৰী শৰ্মিলা ঠাকুৰ।

 এটা কথাই মাজে মাজে মোক ভবাই তোলে। কিয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জীয়েক তিনিগৰাকীয়ে ভালদৰে অসমীয়া নাজানিছিল! আনকি যিগৰাকী মাজু জীয়েকৰ অসমীয়া পৰিয়ালত বিয়া হৈছিল তেওঁৰো জীয়েকসকল ঠাকুৰ পৰিয়ালৰ জীয়াৰী, আইতাক প্ৰজ্ঞাসুন্দৰী ভাষাৰ প্ৰতি অধিক অনুৰক্ত আছিল বুলি শুনিছো। বোধহয় ঘৰখনত দেউতাকতকৈ মাকৰ প্ৰভাৱেই আছিল অধিক। নে ৰবিৰ প্ৰভাৱ।লক্ষ্মীনাথ বেজবৰুৱাৰ ডাঙৰ জীয়াৰী অৰুণা মুখাৰ্জীৰ পুত্ৰক এবাৰ ধুবুৰীত প্ৰতুল ৰায়চৌধুৰী আৰু সুকুমাৰী ৰায়চৌধুৰীৰ ঘৰত লগ পাইছিলো। তেওঁ অসমীয়া জানে নে নাজানে গম নাপালো। কিয়নো কথা কৈছিল বাংলাত। অৱশ্যে সৰুজনী জীয়েকৰ কথা সঠিককৈ নাজানো।

১২৬/ বাকীছোৱা জীৱন