পৃষ্ঠা:অনিমা গুহ.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শৰাইঘাট দলং নথকা বাবে আমিনগাঁৱত ৰে'লৰ পৰা নামি ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ ইপাৰে পাণ্ডুলৈ আহিছিলো। গুৱাহাটীত তেতিয়া চিটি বাছ বা টেক্সীৰ প্ৰচলন নাছিল, আছিল ঘোঁৰাৰ গাড়ী আৰু ৰিক্সা। আজিৰ ট্ৰেফিক জামত পৰি হাৰাশাস্তি ভোগ কৰা প্ৰজন্মই নাজানে তাহানিৰ গুৱাহাটীৰ উদং বাটপথৰ কথা।


জোড়াসাঁকোৰ ঠাকুৰবাড়ীত

 কলকাতাৰ জোড়াসাঁকো অঞ্চলত বিখ্যাত ঠাকুৰ পৰিয়ালৰ প্ৰাসাদোপম বাসগৃহটো এবাৰ ৰবীন্দ্ৰনাথৰ জন্মদিন পঁচিশ ব'হাগৰ দিনা দৰ্শন কৰিবলৈ গৈছিলো ভগ্নীসমা বান্ধৱী নৃতত্ত্ববিদ শিখা চেটাৰ্জীৰ লগত। আমি দুয়ো কেৱল ৰবীন্দ্ৰ ভক্তই নহওঁ, পৰিয়ালটোৰ প্ৰতিগৰাকী প্ৰতিভাশালী ব্যক্তিৰ প্ৰতি আমি শ্ৰদ্ধাশীল আৰু তেওঁলোকৰ বিষয়ে জানিবলৈ আগ্ৰহী।

 সোমায়ে মনত পৰিল ১৮০৯ চনত গাঁও সদৃশ কলকাতাৰ জোড়াসাঁকো অঞ্চলৰ স্বচ্ছল জমিদাৰ পৰিয়ালৰ পোন্ধৰ বছৰ বয়সীয়া দ্বাৰকানাথ ঠাকুৰৰ সৈতে ছবছৰীয়া ৰূপৱতী দিগম্বৰীৰ বিয়ালৈ৷ দ্বাৰকানাথ আছিল অত্যন্ত মেধাৱী। সেই সময়ত ভাৰতত ইংৰাজৰ প্ৰৱেশ ঘটিলেও বংগত প্ৰশাসনীয় কাৰ্যত মুছলমান শাসনৰ প্ৰভাৱ লোপ পোৱা নাছিল। আৰবী আৰু ফাৰ্চী ভাষাৰ প্ৰাধান্য তেতিয়াও আছিল। দুয়োটা ভাষাত ব্যুৎপত্তি লাভ কৰাৰ উপৰি দ্বাৰকানাথে ইংৰাজী ভাষাও আয়ত্তাধীন কৰে। নিজৰ জমিদাৰী পৰিচালনা কৰি বহু উন্নতি ঘটায় তেওঁ। বিশিষ্ট আইনজ্ঞ হিচাপেও খ্যাতি লাভ কৰে। অৰ্থ, মান-সন্মান, প্ৰভাৱ-প্ৰতিপত্তিত উন্নতি হয় উল্কাবেগেৰে। তাতেই সন্তুষ্ট নাথাকি আৰম্ভ কৰে ব্যৱসায়। বংগৰ এজন প্ৰধান উদ্যোগী দ্বাৰকানাথে ব্যৱসায়-বাণিজ্য, শিল্পোদ্যোগ, বেংকিং আদিত মনোনিবেশ কৰিও সমাজ কল্যাণৰ কাম-কাজ, বিজ্ঞান চৰ্চাৰ প্ৰসাৰ, থিয়েটাৰ, লাইব্ৰেৰী আদিৰ প্ৰতিষ্ঠাত আগভাগ লৈ মুকলি হাতেৰে দান কৰিছিল। আনহাতে বিলাসিতাৰ বাবেও খৰচ কৰিছিল লাখ লাখ টকা। ব্যৱসায়-বাণিজ্যৰ সুবিধাৰ বাবে ঘৰৰ পৰা বহু আঁতৰত দ্বাৰকানাথে সজা ‘বেলগাছিয়াভিলা' নামৰ প্ৰাসাদত আয়োজন কৰা ভোজসভালৈ নিমন্ত্ৰিত হ’লে স্থানীয় ব্যক্তি আৰু ইংৰাজসকলেও নিজকে ভাগ্যৱান বুলি ভাবিছিল।

 বাহিৰৰ কামত উদয়াস্ত ব্যস্ত হৈ থাকিবলগীয়া হৈছিল যদিও বৈষ্ণৱ পৰিয়ালৰ সন্তান দ্বাৰকানাথে নিজ হাতেৰে হোম, তৰ্পণ আৰু জপ কৰিছিল। এনেতে ৰেনাঁছাৰ

১২২/ বাকীছোৱা জীৱন