পৃষ্ঠা:অনিমা গুহ.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘটে। এওঁলোকৰ ভিতৰত ‘আসাম বুৰঞ্জী'ৰ ৰচয়িতা হলিৰাম ঢেকিয়াল ফুকন ( ১৮০২-১৮৩২ ) আৰু তেওঁৰ ভায়েক যজ্ঞৰাম খাৰঘৰীয়া ফুকনৰ ( ১৮০৫-১৮৩৮ ) নাম উল্লেখযোগ্য। তেওঁলোক বংগৰ শ্ৰীৰামপুৰৰ পৰা বেপ্টিষ্ট মিছনাৰীৰ দ্বাৰা প্ৰকাশিত ‘সমাচাৰ দৰ্পণ' পত্ৰিকাৰ গ্ৰাহক আছিল। বাংলা আৰু সংস্কৃত ভাষাৰে শিক্ষিত হলিৰামক বংগৰ সামাজিক আন্দোলনবোৰে প্ৰভাৱিত কৰিছিল। ‘সমাচাৰ দৰ্পণ'লৈ লিখা এখন চিঠিত হলিৰামে স্ত্ৰী শিক্ষাক সমৰ্থন কৰা পৰিলক্ষিত হয়। ১৮৩১ চনৰ ৯ জুলাই তাৰিখে ‘সমাচাৰ দৰ্পণ’লৈ লিখা চিঠিত সতীদাহ প্ৰথা ৰোধ কৰাৰ বাবে যজ্ঞৰাম খাৰঘৰীয়া ফুকনে চৰকাৰক অভিনন্দন জনায়। এওঁলোকৰ দৰে দুই-চাৰিজন ব্যক্তিৰ বাহিৰে অসমৰ অধিকাংশ মানুহ আছিল ৰক্ষণশীল। নতুন চিন্তাধাৰাৰ পক্ষে-বিপক্ষে তেওঁলোকৰ মাজত বিতৰ্কৰ ধুমুহা বৈ গৈছিল।

 ইতিহাস মই বৰকৈ নাজানো যদিও ঐতিহাসিক ঠাইবোৰলৈ গ'লে কল্পনাত ডেউকা লগাই অতীতলৈ গুচি যাওঁ। উত্তৰ কলকাতাৰ মাণিকতলা অঞ্চললৈ গ'লে সপৰিয়ালে শেষ জীৱনটো এইখিনি ঠাইৰে ক'ৰবাত কটোৱা গুণাভিৰাম বৰুৱালৈ ( ১৮৩৭-১৮৯৪ ) মনত পৰে। ঊনৈশ শতিকাত উচ্চ শিক্ষা লাভ কৰিবলৈ অসমৰ পৰা কলকাতালৈ যোৱা ছাত্ৰসকলৰ ভিতৰত হলিৰাম ঢেকিয়াল ফুকনৰ পুত্ৰ আনন্দৰাম ঢেকিয়াল ফুকন ( ১৮২৯-১৮৫৯ ), গুণাভিৰাম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ নাম উল্লেখযোগ্য। পাশ্চাত্যৰ ধ্যান-ধাৰণা আৰু বংগৰ নৱচেতনাই তেওঁলোকৰ মানসিকতাক এটা নিৰ্দিষ্ট গঢ় দিছিল। তদুপৰি বংগৰ বিদ্বৎজনৰ ঘনিষ্ঠ সান্নিধ্যলৈ অহা বাবে তেওঁলোকৰ চিন্তাধাৰাৰ দ্বাৰাও প্ৰভাৱান্বিত হয়। দৰাচলতে অসমৰ জাতীয় জীৱনক নৱলব্ধ এই প্ৰভাৱেৰে প্ৰভাৱান্বিত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল আনন্দৰাম। অসমত স্ত্ৰীশিক্ষাৰ বাবে আগবাঢ়ি অহা প্ৰথম ব্যক্তিগৰাকীয়েই আছিল আনন্দৰাম। তেওঁ নিজৰ জীয়াৰী পদ্মাৱতীক ঘৰতে বিদ্যা শিক্ষা দিওৱাৰ ব্যৱস্থা কৰিছিল।

 আজি ইংৰাজী মাধ্যমৰ স্কুলত ল'ৰা-ছোৱালীক ভৰ্তি কৰিব নোৱাৰিলে জীৱন বৃথা বুলি ভবাসকলে শুনিলে অবাক হ’ব যে ইংৰাজী শিক্ষাৰে শিক্ষিত হোৱা বাবে আনন্দৰামৰ খুৰাক যজ্ঞৰামৰ পৰিয়ালটোক তেতিয়াৰ সমাজপতিসকলে ‘জাত যোৱা’ আখ্যা দিছিল। আনকি এইখন ঘৰৰ ছোৱালী বিয়া কৰোৱা বাবে উদাৰমনা নান্দীশ্বৰ বৰুৱাক দেউতাকে হেনো ত্যাজ্য পুত্ৰ কৰিছিল। এতিয়া ডেৰশমান বছৰ পাছত ফৰফৰাই ইংৰাজী ক’ব পৰা সকলেহে ‘জাতত উঠে'।

 তাহানিৰ সেই ৰক্ষণশীল সমাজখনত ছোৱালীক শিক্ষাদান কৰাটো আছিল এক

১২০/ বাকীছোৱা জীৱন