পৃষ্ঠা:অনিমা গুহ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লৰালৰিকৈ সন্মুখৰ মিঠাইৰ দোকানৰ পৰা মিঠাই কিনি অনাই খোৱাৰ পাছতহে ‘সুস্থ’ হৈছিল ড° অমুক চন্দ্ৰ। প্ৰথমফালে আমি সঁচা বুলি ভাবিলেও পাছত তেওঁৰ ‘চেনি কম’ বেমাৰটো হোৱা বুলি ক'লেই মুখ টিপি টিপি হাঁহিছিলো।

 এগৰাকী চেৰাবলিয়া অৰ্থনীতিবিদ হ’ল অধ্যাপক তমুক চৌধুৰী। তেওঁক প্ৰথমতে পাইছিলো দিল্লী বিশ্ববিদ্যালয়ত। তেতিয়া তেওঁ প্ৰবক্তা আছিল। কেইবা বছৰ পাছত আমিও কলকাতালৈ আহিলো, তেওঁলোকো আহিল। তেওঁৰ পত্নীৰ লগত মোৰ বন্ধুত্ব গঢ়ি উঠিছিল। দিল্লীত থাকোতে তেওঁলোকৰ ঘৰলৈ প্ৰায়ে গৈছিলো যদিও চৌধুৰী ডাঙৰীয়াৰ চেৰাবলিয়া স্বভাৱটো চকুত পৰা নাছিল। হয়তো পলমকৈ এই স্বভাৱটোৰ বিকাশ ঘটে।

 কলকাতাত তেওঁলোকৰ ঘৰত প্ৰথম দিনা প্ৰৱেশ কৰিবলৈ গৈ দেখো বহা কোঠাটোৰ মজিয়াখনত সিঁচৰতি হৈ আছে অসংখ্য বাতৰি কাকত। ভৰি থ'বলৈ ঠাই নথকা বাবে ডেও দি দি বেলকনিলৈ গ'লো তেওঁৰ পত্নীৰ লগত। ভাবিছিলো পেপাৰ কাটিং কৰিবৰ বাবে সেইদৰে ৰাখিছে, পিছে গম পালো তেওঁ হেনো এখন কাগজো নেপেলায়। দিনৰ পাছত দিন ধৰি দৈনিক কাকতবোৰ কোঠাটোত জমা হোৱাৰ পাছত এদিন অধ্যাপকে সেইবোৰ আচুতীয়া কোঠা এটালৈ স্থানান্তৰিত কৰে। সেইটো কোঠাৰ চাৰিওখন বেৰত সাজি লোৱা শ্বেল্‌ফবোৰ বোৰ কাগজেৰে উপচি পৰিছে, ফলত কিছুমানে আশ্ৰয় লৈছে মজিয়াত। পত্নীৰ খেচ্‌খেচনিত বছৰি এবাৰ কিছুমান কাগজ বেচি দিয়া হয়। কিনোতাজনে সদায় একেজনেই।

 কাগজেই নহয় জীৱনৰ প্ৰথমটোকে ধৰি সিদিনাৰ তাৰিখলৈ যিমান পেন তমুক চৌধুৰীয়ে ব্যৱহাৰ কৰিছে তাৰ এটাও পেলাই দিয়া নাই। সেইবোৰ ৰাখিছে তেওঁৰ বিছনাত। এইবোৰ তেওঁৰ শয্যাসংগী। পত্নীগৰাকীয়ে কৈছিল এই অদ্ভুত স্বভাৱটোৰ কথা আগতে জনা হ’লে তেওঁৰ লগত বিয়া পাতিলেহেঁতেন নে নাই সন্দেহ।

 দিল্লী বিশ্ববিদ্যালয়ৰ নৃতত্ববিভাগৰ প্ৰাক্তন অধ্যাপক ড° মিত্ৰলৈ মনত পৰিল। তেওঁৰ সম্পূৰ্ণ নামটো মনত পেলাব পৰা নাই যদিও জধলা পোছাকেৰে স'তে অধ্যাপকগৰাকীৰ স্মৃতি অমলিন হৈ আছে। নিজৰ বিষয়টোৰ ওপৰত তেওঁৰ অগাধ পাণ্ডিত্য, পিছে তেওঁ আছিল এগৰাকী ভোলানাথ স্বভাৱৰ ব্যক্তি। ক্লাছত সোমায়ে বিৰামহীনভাৱে বক্তৃতা দিবৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে শুনিছেনে নাই তালৈ ভ্ৰূক্ষেপ নাছিল। জীয়েকৰ মুখে শুনিছিলো ড° মিত্ৰই হেনো কিতাপৰ বাহিৰে আন একোকে চিনি নাপাইছিল। নিজৰ বিষয়ৰ কিতাপ পঢ়ি পঢ়ি যেতিয়া ভাগৰি পৰিছিল তেতিয়া

বাকীছোৱা জীবন / ১০৩