পৃষ্ঠা:অনিমা গুহ.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিদ্বৎজনৰ সান্নিধ্যত

 বিদ্বৎজনৰ সান্নিধ্য মোৰ জীৱনৰ এটা পৰম প্ৰাপ্তি। নিজ নিজ ক্ষেত্ৰত একো একোগৰাকীৰ অগাধ পাণ্ডিত্য। তেওঁলোকৰ ওচৰলৈ গ'লে নিজকে বাওনা যেন লাগে। পাণ্ডিত্য আৰ্জিবলৈ মেধাতো লাগেই, তাতোকৈ বেছি প্ৰয়োজন পৰিশ্ৰম কৰাৰ ক্ষমতা, একাগ্ৰতা, অধ্যৱসায় আৰু জ্ঞানাৰ্জনৰ প্ৰতি তীব্ৰ স্পৃহা। অভিজ্ঞতাৰ পৰা ক’ব পাৰো কিছুমান ক্ষেত্ৰত স্কুল-কলেজৰ বহু মেধাৱী ছাত্ৰ-ছাত্ৰীতকৈও কম মেধাৱীসকল জীৱনত অধিক সফল হৈছে তেওঁলোকৰ আন কিছুমান গুণৰ বাবে।

 প্ৰাক্তন ৰাষ্ট্ৰপতি বিশ্বখ্যাত বিজ্ঞানী এ পি জে আব্দুল কালামে কোৱাৰ দৰে সফলতা লাভ কৰিবলৈ সপোনো দেখিব লাগিব। সেইবুলি মুংগেৰিলালে দেখাৰ দৰে ‘হাচিন’ সপোন দেখিলে জীৱনটো ফ্লপহে হ’বগৈ।

 দিল্লী আৰু পুনেত পাইছিলো অমৰ্ত্যসেন, ৰোমিলা থাপাৰ, সুখময় চক্ৰৱৰ্তী, ডি আৰ গাদগিল, বি এম দাণ্ডেকৰ, ইৰাৱতী কাৰ্ভে, এইচ ডি চাংকালিয়া, তপন ৰায় চৌধুৰী, ৰণজিৎ গুহ প্ৰমুখ্যে নিজ নিজ বিষয়ত শীৰ্ষস্থান অধিকাৰ কৰি থকা পণ্ডিতসকলক। কলকাতাত পাইছো অৰ্থনীবিদ অমিয় বাগচি, ইতিহাসবিদ বৰুণ দে, গৌতম চট্টোপাধ্যায়, সমাজবিজ্ঞানী ৰামকৃষ্ণ মুখাৰ্জী, নৃতত্ত্ববিদ সুৰজিৎ সিংহ, গৌৰাংগ চট্টোপাধ্যায়, দেৱপ্ৰসাদ মুখাৰ্জী প্ৰমুখ্যে নক্ষত্ৰসকলক। দূৰৰ পৰা দেখা পণ্ডিতসকলৰ ওচৰলৈ আহিলে তেওঁলোকৰ ব্যক্তিত্বৰ কিছুমান আমোদজনক দিশো চকুত পৰে। এনে দুজনমানৰ কেইটামান কথা মোৰ এই স্মৃতিকথাখনতে খাঁজি থ’লো। পিছে প্ৰথম তিনিগৰাকীৰ নামবোৰ উল্লেখ কৰাৰ পৰা বিৰত থাকিলো।

 মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি’ত বৰ্তমানে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা এগৰাকী অনা-অসমীয়া অধ্যাপকৰ ছাত্ৰাৱস্থাৰ বিষয়ে লিখিছিলো নামেৰে সৈতে। তেতিয়া ভবা নাছিলো যে জীৱনত অসম নেদেখা আৰু অসমীয়া নজনা মানুহজনে কেতিয়াবা মোৰ দৰে অখ্যাত লেখকৰ কিতাপখনৰ সন্ধান পাব। ড° অমিতাভ কুণ্ডু নামৰ সিদিনাৰ ছাত্ৰজন আজি প্ৰায় চল্লিশ বছৰমান পাছত কনফাৰেন্স এখনত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ আহি আমাৰ ঘৰত উপস্থিত। ইতিমধ্যে তেওঁৰ কথা যে লিখিছিলো পাহৰি গৈছো। যি কি নহওক, মোক আচৰিত কৰি অমিতাভে ক’লে যে তেওঁৰ অসমীয়া ছাত্ৰী

বাকীছোৱা জীৱন /১০১