পৃষ্ঠা:অনিমা গুহ.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাছত দৰোৱানজনে মোক সুধিলে— ‘আপ ৱহ মেম চাহাবকো পহ্চানতে হ্যেয়?’ পাওঁ বুলি কোৱাত দাৰোৱানে মোক সোমাবলৈ ভিছা দিলে। আমি অৱশ্যে চাৰি বজাতে সোমাম বুলি ক'লো। ছালৰ ৰংটোৰ বাবে দাৰোৱানে অক্সফোর্ডৰ পৰা অহা মানুহগৰাকীক লিলিয়ানাতকৈ নিম্নতৰ শ্ৰেণীভুক্ত বুলি গণ্য কৰিছিল।


দ্বিতীয় প্ৰজন্মৰ বিবাহ আৰু তৃতীয় প্ৰজন্মৰ আগমন

 ১৯৮০ ৰ দশকৰ পৰা আৰম্ভ হৈছিল আমাৰ বাই-ভনীকেইজনীৰ পৰৱৰ্তী প্ৰজন্মৰ ল’ৰা-ছোৱালীৰ বিয়া-বাৰু। বাইদেউ অনিতাৰ জাত-পাতক লৈ অলপো ৰক্ষণশীলতা নাই। তেওঁ নিজেই কইনা চাই বেলেগ বেলেগ সমাজৰ পৰা বোৱাৰী আনিছে পুতেকহঁতলৈ। জ্যেষ্ঠ পুত্ৰ আলোকৰ কইনা বন্দনা উজনিৰ। মাজু ডাঃ অৰূপে গুৱাহাটীৰ অধিবক্তা ৰুণুমীক বিয়া কৰাইছে। তৃতীয় পুত্ৰ ডাঃ অসীমৰ কইনা অজপা অভয়াপুৰীৰ। তাই বিজনীৰ শেষ ৰজা ভৈৰবেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ নাতিনী। জীয়েক কল্পনাক বিয়া দিছে কাশ্মিৰী দৰা অমৃত নেহৰুলৈ। এইখন বিয়াও ঘৰৰ পৰা ঠিক কৰা। জোঁৱাইৰ উপাধি নেহৰু হোৱা হেতুকে আমি বৰ স্ফূর্তি পাইছিলো, জৱাহৰলাল নেহৰুৰ কিবা হ'ব পাৰে বুলি। কাশ্মীৰৰ সকলো হিন্দুই ব্রাহ্মণ আৰু একে উপাধিধাৰীসকলৰ উৎপত্তি একেটা বংশত। সেইফালৰ পৰা ভাবিছিলো অমৃত নিশ্চয় জৱাহৰলালৰ সৈতে একেটা উপাধিভুক্ত হোৱা বাবে গৌৰৱান্বিত ৷ পিছে কথা বেলেগ। কেৱল অমৃতেই নহয় ভূস্বর্গ কাশ্মীৰৰ নিজ নিজ পিতৃ ভিঠা ত্যাগ কৰি ওলাই আহিবলগীয়া হোৱা প্ৰায়ভাগ কাশ্মিৰীয়ে জৱাহৰলালকে দোষী সাব্যস্ত কৰে। তেওঁৰ ভুল পদক্ষেপৰ বাবেই কাশ্মিৰী হিন্দু গৃহহাৰা হ'ল বুলি ভাবে।

 ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সৈতে একে উপাধিধাৰী হোৱা হেতুকে তেওঁৰ ভতিজা সুভগেন্দ্ৰ নাথ ঠাকুৰে বৰ অস্বস্তিবোধ কৰা বুলি তেওঁ লিখা প্রবন্ধ এটাত পঢ়িছিলো। ঠাকুৰ পৰিয়ালটোৰ প্ৰতিজন সদস্যই প্রতিভাবান। কিন্তু ৰবীন্দ্ৰনাথৰ বিশাল ব্যক্তিত্ব আৰু কৃতিত্ব তথা বিশ্বজোৰা খ্যাতিৰ ঔজ্জ্বল্যই বাকী ঠাকুৰসকলৰ প্ৰতিভাক নিষ্প্রভ কৰিছে। সুভগেন্দ্ৰ ঠাকুৰে লিখিছে পৃথিৱীৰ য’লৈকে তেওঁ গৈছে প্ৰতিখন ঠাইৰ মানুহৰ পৰা একেটা প্রশ্ন শুনি শুনি তেওঁ বিৰক্ত বোধ কৰিছিল। প্ৰশ্নটো আছিল — আপুনি ৰবীন্দ্ৰনাথ ঠাকুৰৰ আত্মীয় নে? তেওঁ নো কোন জানিবৰ আগ্ৰহ যেন কাৰো নাই। তেওঁ যেন এজন পৰিচয়হীন মানুহ।

৯৮/ বাকীছোৱা জীৱন