পৃষ্ঠা:অনিমা গুহ.pdf/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাই। বান্ধটোৰ কাষতে থকা পাহাৰ এখনৰ উচ্চ শিখৰত থকা এডোখৰ সমতল ভূমিলৈ অকোৱা পকোৱা আধা নিৰ্মিত বাট এটাৰে মাৰুতি-জিপছিত উঠি গৈছিলো। নামিয়ে চকুৰ আগত দেখিলো চিৰহৰিৎ পৰ্বতমালাৰ এক দিগন্ত প্ৰসাৰিত দৃশ্য। দুনয়ন ভৰি দেখিলো চৌদিশে বিয়পি থকা পাহাৰ-উপত্যকা, পথাৰ প্ৰান্তৰত সেউজীয়া বৰণটোৰ বিভিন্ন মাত্ৰাৰ ঘনত্ব। বোধকৰো এনেকুৱা কোনোবা এডোখৰ ঠাইত থিয় হৈ ভাৰতৰ ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে মণিপুৰক কৈছিল ভাৰতৰ চুইজাৰলেণ্ড! আচল চুইজাৰলেণ্ড নেদেখাকৈয়ে যে চকু মুদিব লাগিব ভাবিলেই চকু চলচলীয়া হ'ব খোজে।

 পানী আৰু বিজুলী কঙাল মণিপুৰক ছিংদা বান্ধে জীয়াই ৰাখিব বুলি শুনিছিলো, প্ৰায় ওঠৰ-ঊনৈশ বছৰ পাছত ২০১১ চনত বাতৰি কাকতত পঢ়িলো মণিপুৰ এতিয়াও বিজুলী কঙাল। বাহিৰৰ পৰা কিনিব লাগে বিদ্যুৎ। কিছুমান অঞ্চল হেনো বিজুলীহীন হৈয়ে থাকে। সেয়েহে আজিকালি মণিপুৰী মানুহে জীয়েকৰ বিয়াত উপহাৰ হিচাপে দিয়ে একোটা জেনেৰেটৰ। নাই, দৰা ঘৰে দাবী নকৰে। মণিপুৰী সমাজত নাৰীৰ স্থান তলত নহয়। মৈৰা পাইবি মণিপুৰী মহিলাৰ এক সক্ৰিয় সংগঠন। অতীতৰে পৰা তেওঁলোকে অতন্দ্ৰ প্ৰহৰীৰ দৰে সমাজখনক পহৰা দি আছে। এশ বছৰ আগতেই তেওঁলোকে মণিপুৰৰ চাউল বাহিৰলৈ নিয়াত বাধা দিছিল। বোধকৰো মণিপুৰী ছোৱালী বাবেই ইৰম শৰ্মিলা চানু লৌহমানৱী হ’ব পাৰিছে।

 ইম্ফলৰ এক মুখ্য আকৰ্ষণ ইমা বজাৰ। বিৰাট এক অঞ্চল জোৰা বজাৰখনত নোপোৱা বস্তু নাই। বজাৰখন পৰিচালনা কৰে মহিলাই, আটাইবোৰ ষ্টলৰ গৰাকী মহিলা। এদিন দুই ভনী প্ৰতিমা, সবিতা আৰু ৰামৰ লগত কাহিলি পুৱাতে গৈছিলো মহিলা অধ্যুষিত পাইকাৰী বজাৰলৈ। ট্ৰাকৰ পৰা পাচলিৰ বস্তাবোৰ তেওঁলোকেই টানি টানি নমাই যথাস্থানলৈ লৈ গৈ বহিছে, বেচিছে। তাৰ পৰা ইমাবজাৰলৈ গৈছিলোহে, হঠাতে ভূমিকম্পৰ এক প্ৰচণ্ড জোকাৰণি অনুভৱ কৰি লোৰ খুঁটা এটা সাবটি তিনিও বাই-ভনী থৰ লাগি থাকিলো। জোকাৰণি শেষ হোৱাৰ পাছতো তেনেকৈ থকা দেখি মণিপুৰী মহিলাসকলে হাঁহিবলৈ ধৰিলে। বোধকৰো ভাবিছিল বীৰাংগনাহঁতৰ দেশলৈ ক’ৰ পৰানো আহিল এই ভয়-পাদুৰীকেইজনী। আমালৈ পুতৌ ওপজা বাবে এগৰাকী মহিলাই আমাক একোপাহকৈ দি গ'ল সোণালী চম্পা, ৰাতি গাৰুৰ তলত লৈ শুবলৈ। চম্পা আৰু পদুম নাৰীৰ প্ৰিয় ফুল।

 ফুলৰ দৰে কোমলপ্ৰাণা হ'লেও মহিলাসকল লতাগছ নহয়। ইমাবজাৰতে

৩২৪/ বাকীছোৱা জীৱন