পৃষ্ঠা:অনিমা গুহ.pdf/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰত্যাহাৰ নকৰালৈকে আমৰণ অনশনত বহিবলৈ সিদ্ধান্ত লয়। এই অনশনক আত্মহত্যাৰ প্ৰচেষ্টা বুলি ধৰি লৈ ভাৰতীয় দণ্ডবিধিৰ ৩০৯ ধাৰামতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আজি এঘাৰ বছৰ ধৰি এই লৌহমানৱী বন্দী অৱস্থাত অনশনৰত হৈ আছে। অহিংস আন্দোলনৰ পূজাৰী শৰ্মিলা গান্ধীবাদী। চৰকাৰে জোৰ কৰি তেওঁক নাকেৰে জুলীয়া পদাৰ্থ খুৱাই আছে।

 উত্তৰ-পূৰ্বাঞ্চল যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ অন্যান্য অঞ্চলৰ মানুহৰ দ্বাৰা উপেক্ষিত তাৰ প্ৰমাণ আমি খোজেপতি পাওঁ। আন্না হাজাৰে আৰু শৰ্মিলা দুয়ো অহিংসাৰ পূজাৰী আৰু দুয়ো ন্যায়সংগত কাৰণে আমৰণ অনশনত ব্ৰতী হৈছিল। আন্না হাজাৰেৰ ক্ষেত্ৰত চৰকাৰ, জনসাধাৰণ আৰু মিডিয়াই তেৰ দিনৰ অনশনতেই যিটো ভূমিকা ল’লে শৰ্মিলাৰ ক্ষেত্ৰত তাৰ সামান্যতম লৈছেনে? নাই লোৱা। কিয় এই বৈষম্য। প্ৰথম কাৰণ শৰ্মিলা পূৰ্বভাৰতৰ, দ্বিতীয়তে তেওঁ মহিলা। পৃথিৱীৰ বহু ঠাইৰ পৰা শৰ্মিলাই মান-সন্মান, বঁটা পাইছে। মানৱ অধিকাৰ কৰ্মীবৃন্দই তেওঁৰ নামত সংস্থা গঠন কৰিছে, বহুতে তেওঁৰ সন্মানাৰ্থে কবিতা, গ্ৰন্থ আদি ৰচনা কৰিছে, মহাশ্বেতা দেৱীয়ে বৰ্তমান শতিকাটোক ইৰম শৰ্মিলা শতিকা বুলি অভিহিত কৰিছে। কিন্তু ভাৰত চৰকাৰ অলৰ-অচৰ। মনত প্ৰশ্ন জাগে মাওবাদী অধ্যুষিত এলেকাত এই আইনখন বলৱৎ কৰা নাই কিয়?

 সেনা বাহিনীৰ চকুত মণিপুৰীয়ে নহয় অসমীয়া মানুহ মাত্ৰেই উগ্ৰপন্থী। ২০১১ চনত আমাৰ ম'বাইলবোৰৰ কাকত-পত্ৰ নৱীকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দেশ আহিছিল। উদ্দেশ্য উগ্ৰবাদীৰ সন্ধান কৰা। বাহিৰৰ পৰা অহাসকলৰ ম'বাইল ফোনবোৰ অচল হৈ গৈছিল অসমত সোমোৱাৰ লগে লগে। এই আদেশ এতিয়া তুলি লোৱা হৈছে। কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰযোজ্য নীতি-নিয়মবোৰ ভাৰতৰ অন্যান্য ৰাজ্যত প্ৰয়োগ কৰা নহয়। যেন সেইবোৰ ঠাইত শান্তি বিৰাজমান, যেন মাওবাদীসকল হাবি এৰি ঘৰলৈ উভতিছে, যেন মুম্বাই-দিল্লীত উগ্ৰবাদী নাই, যেন এইবোৰ ঠাইত কোনো দিনে বোমা বিস্ফোৰণ ঘটা নাই।

মণিপুৰ পালোহি : মণিপুৰৰ লগত গুহ পৰিয়ালৰ সম্পৰ্ক এক শতাব্দীজোৰা। পূৰ্বে কোৱা হৈছে যে কুৰি শতিকাৰ প্ৰথম দশকত বৰ্তমান বাংলাদেশৰ টাঙাইলৰ (তেতিয়া ভাৰতৰ অংগ আছিল) পৰা শিক্ষকতা কৰিবলৈ ইম্ফললৈ আহিছিল যামিনী সুন্দৰ গুহ। ১৯৩৭ চনত অৱসৰ গ্ৰহণ নকৰালৈকে তেওঁ ইম্ফলৰ জনষ্টন হাইস্কুলৰ প্ৰধান

৩২২/ বাকীছোৱা জীৱন