পৃষ্ঠা:অনিমা গুহ.pdf/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানসিকভাৱে বিহা এক কঠোৰ শাস্তি। ৰুমীৰ মৃত্যু, দেশবাসীৰ ওপৰত বিহা শাৰীৰিক তথা মানসিক নিৰ্যাতন, দেশৰ অৱস্থা আদি সহিব নোৱাৰি ৰুমী-জামীৰ দেউতাকে হৃদৰোগত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুৱায়।

 সুনীল গাংগুলীৰ ‘পূৰ্ব পশ্চিম’ পঢ়িয়েই জামীহঁতৰ পৰিয়ালটোৰ প্ৰতি মই সহানুভূতিশীল হৈছিলো, ‘একাত্তৰেৰ দিনগুলি’য়ে অচিনাকি পৰিয়ালটোক মোৰ আপোন কৰি পেলালে। মোকেই নহয় ৰুমী যেন অলক্ষে হৈ উঠিল কাৰোবাৰ পুত্ৰ, কাৰোবাৰ ভ্ৰাতৃ। শৰীফ হয়গৈ স্নেহশীল পিতৃ বা ভ্ৰাতৃ বা অন্তংৰগ বন্ধু বা পৰামৰ্শদাতা। পিতৃ-ভ্ৰাতৃক হেৰোৱা কণমানি জামী সকলোৰে মৰমৰ। হৃদয়ক কঠিন কৰি, মনৰ কোনোবা গভীৰত বহন কৰি থকা বেদনাসমূহক এক মুক্তিযোদ্ধাৰ মাতৃ আৰু সংগ্ৰামী দেশপ্ৰেমিকৰ পত্নী জাহানাৰাই ব্যক্ত কৰিছে দিনলিপিবোৰত। অসম্ভৱ দৃঢ়মনা মহিলা জাহানাৰা ইমাম।

 ১৯৮৮ চনত মই বাংলাদেশলৈ যাওঁতে ঢাকাত তেওঁক লগ পোৱাৰ ব্যৱস্থা কৰি দিছিল এগৰাকী মহিলাই তেওঁৰ ঘৰত। পিছে নিৰ্দিষ্ট দিনত তেওঁ আহিব নোৱাৰিলে অসুস্থতাৰ বাবে। বিৰাশী চনত তেওঁ ঘাতক ব্যাধি কেন্সাৰৰ দ্বাৰা আক্ৰান্ত হৈ অত্যন্ত সাহসেৰে কেন্সাৰৰ মুখামুখি হৈছিল।

 ঢাকাত নাইবা সুনীলৰ কিতাপ পঢ়ি জানিছিলো জামী আমেৰিকাবাসী। সেই সময়ত আমেৰিকালৈ কেতিয়াবা যাম বুলি ভবা নাছিলো। গতিকে মাক-পুতেক কাকো লগ নোপোৱাৰ দুখ মনৰ এটা কোণত থাকি গৈছিল।

 কেইটামান বছৰ পাছৰে পৰা মাজে-সময়ে ল’ৰা-বোৱাৰী-নাতিহঁতক লগ পাবলৈ আমেৰিকালৈ গ'লে বাংলাদেশৰ কাৰোবাক লগ পালেই জামীৰ খবৰ কৰাটো এটা অভ্যাসত পৰিণত হৈছিল। ১৯৯১ চনত আমেৰিকালৈ প্ৰথম যোৱাৰ পৰা ২০০৯ চনলৈ জামীক বিচাৰি বিচাৰি যেতিয়া হাইৰান হৈছিলো তেতিয়াই সেই আপ্তবাক্যটো— heart's earnest desire never remains unfulfilled— মোৰ মগজুৰ পৰা সাউত কৰে ওলাই আহিল।

 আমি ঘৰলৈ উভতি আহিবৰ দুদিন আগতে জয়ৰ কেইজনমান সহকৰ্মীক সপৰিয়ালে ৰাতিৰ সাজলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোকৰ মাজত আছিল মহম্মদ নামৰ এগৰাকী বাংলাদেশী বিজ্ঞানী। লগে লগে মনত পৰিল জামীলৈ। তেওঁ চিনি পায় বুলি কোৱাত কেতিয়াবাই হেৰাই যোৱা পৰমাত্মীয়ক বিচাৰি পোৱাৰ আনন্দ উপজিল হিয়াৰ সোঁমাজত। মহম্মদক মোৰ আন্তৰিক ধন্যবাদ জনালো।

২৬৪/ বাকীছোৱা জীৱন