পৃষ্ঠা:অনিমা গুহ.pdf/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অঞ্চলত নিগাজীকৈ বহিব পাৰিছে। অৱস্থাই মানুহক সাহসী আৰু এ্যডভেনচাৰপ্ৰিয় কৰে। সেয়েহে অতীতৰে পৰা বাংলাদেশৰ মানুহ জীয়াই থকাৰ তাড়নাত মৰসাহ কৰি ওলাই গৈ আছে অনিশ্চিত ভৱিষ্যতৰ মাজলৈ।

 আমেৰিকাত ১৯৯৩ চনত এখন গুজৰাটী ৰেস্তোৰাঁত ওৱেটাৰ হিচাপে কাম কৰি থকা কপৰ্দকহীন আব্দুল জলিল নামৰ বাংলাদেশী ডেকা এজনক লগ পাইছিলো। জীৱন যুদ্ধত হাৰ নমনা ডেকাজন আজি মোগল পেলেচ আৰু ৰাণী মহল নামৰ দুখন ৰেস্তোৰাঁৰ, এটা তিনি মহলীয়া ঘৰৰ আৰু এখন বি এম ডব্লিউ গাড়ীৰ মালিক। ঢাকাৰ অভিজাত অঞ্চলতো মাটি কিনি থৈছে। আব্দুলে মোক মাকৰ দৰেই শ্ৰদ্ধা কৰে। তেওঁৰ উল্কাৰ গতিত হোৱা উত্তৰণ ঘটিছে আমাৰ চকুৰ আগত। সাফল্যৰ কোনো চুটি পথ নাই। তেওঁ দীঘলীয়া বাটেৰেই আগবাঢ়িছে। য’ৰেই মানুহ নহওক, যি ধৰ্মাৱলম্বীয়ে নহওক কঠোৰ পৰিশ্ৰম কৰি সফলতা অৰ্জন কৰা মানুহ মোৰ শ্ৰদ্ধাৰ পাত্ৰ। জলিলক আপোন কৰি লৈছো একমাত্ৰ সেইকাৰণে। এওঁ বাংলাদেশী অধ্যুষিত জেকচন হাইটছ এলেকাৰ বাসিন্দা নহয়।

জামীক বিচাৰি হাবাথুৰি : জামীৰ লগত মোৰ চিনাকি নাই। কিন্তু তেওঁক মই জানো। তেওঁকে বিচাৰি ফুৰিছো যোৱা তিনিটা দশক ধৰি। সুনীল গাংগুলী ৰচিত ‘পূৰ্ব পশ্চিম’ নামৰ গ্ৰন্থখনত পাইছিলো ৰুমী-জামী নামৰ দুটা ভাই-ককাইৰ নাম। তেওঁলোকৰ মাক সুন্দৰী-শিক্ষিতা-আধুনিকা জাহানাৰা ইমাম বাংলাদেশৰ এগৰাকী নামী লেখিকা। দেউতাক শৰীফ এগৰাকী দেশপ্ৰেমিক।

 ১৯৭১ চনত পাকিস্তানৰ হাতোৰাৰ পৰা পূব পাকিস্তানক মুক্ত কৰি স্বাধীন বাংলাদেশ গঠিত হয়। ডেকা মুক্তিযোদ্ধা আৰু স্বাধীনতাকামী নাগৰিকে এই যুঁজত অংশগ্ৰহণ কৰিছিল। তাৰ পাছত অৱশ্যে ভাৰত চৰকাৰৰ সৈন্যবাহিনীয়ে বিজয় ত্বৰান্বিত কৰিলে। মুক্তিযুদ্ধত আন বহু বাংলাভাষী মানুহৰ দৰে ৰুমী-জামীহঁতৰ পৰিয়ালটোৱেও যোগ দিছিল। সেই সময়ৰ প্ৰতিদিনৰ ঘটনাসমূহ লিপিবদ্ধ কৰিছিল জাহানাৰা ইমামে। পাছত তেওঁ ‘একাত্তৰেৰ দিনগুলি' নামেৰে সেই লিপি গ্ৰন্থাকাৰে প্ৰকাশ কৰে। ওঠৰ-ঊনৈশ বছৰীয়া ৰুমীয়ে পোনপটীয়াকৈ যোগ দিছিল মুক্তিযুদ্ধত। পাক সেনাৰ অমানৱিক অত্যাচাৰত অসংখ্য মুক্তিযোদ্ধাই প্ৰাণ হেৰুৱায়। ৰুমীও আছিল তেওঁলোকৰ মাজত এজন। তেওঁৰ মৃতদেহটো পোৱা নগ'ল। জামী তেতিয়া বাৰ-তেৰ বছৰীয়া কিশোৰ। দেউতাকৰ লগত জামীকো পাক সেনাই মাজে মাজে ধৰি লৈ গৈছিল। ইও আছিল

বাকীছোৱা জীৱন / ২৬৩