পৃষ্ঠা:অনিমা গুহ.pdf/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এনে লাগে যেন ঘৰৰ গৰাকীজন ইয়াতে ক'ৰবাত আছে।

 একেই সুৰক্ষিত অৱস্থাত হাইড পাৰ্কত দেখিছো যোৱা শতিকাৰ ত্ৰিশৰ দশকত আমেৰিকাৰ মন্দাকালৰ পৰিত্ৰাতা, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এগৰাকী বিশ্বনেতা, চাৰিবাৰকৈ আমেৰিকাৰ প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচিত জনপ্ৰিয় ফ্ৰেংকলিন ডি ৰুজভেল্টৰ (১৮৮২-১৯৪৫) এষ্টেট। ৩৯ বছৰ বয়সত পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ কঁকালৰ তলৰ অংশ তেওঁৰ অৱশ হয়। তাৰ পাছতহে তেওঁ ৰাজনীতিৰ মঞ্চত প্ৰৱেশ কৰি বিশ্বনেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে। তেওঁ খোজকাঢ়িব পৰা নাছিল, তেতিয়াৰ দিনত লিফ্‌টো নাছিল। দুই-তিনি মহলালৈ উঠা-নমা কৰিবলৈ তেওঁৰ ব্যৱহৃত হাতেৰে চালিত এখন বিশেষ ধৰণৰ চকী সুৰক্ষিত অৱস্থাত দেখিলো। ৰুজভেল্টে পৃথিৱীৰ সকলো ভয় জয় কৰিব পাৰিছিল বাবেহে ক'ব পাৰিছিল — The only thing we have to fear is fear itself.

 একেদৰে দেখিছো ৰিপ্ ভ্যান উইংক্‌লৰ গ্ৰন্থকাৰ ৱাশ্বিংটন আৰ্ভিঙৰ হাডচন নৈৰ পাৰৰ ঘৰটো। আনকি ১৮৯০ ৰ দশকত স্বামী বিবেকানন্দ আমেৰিকালৈ যাওঁতে নিউয়ৰ্কৰ উত্তৰে তেওঁৰ বন্ধু ধনকুবেৰ ফ্ৰান্সিছ লেগেতৰ বিশাল এষ্টেটৰ ৰিজ্‌লী মেনৰ নামৰ যিটো ঘৰত আছিল সেইটোও সুৰক্ষিত। ১৮৯৪ চনত নিউয়ৰ্ক মহানগৰীত প্ৰতিষ্ঠা লাভ কৰা বেদান্ত ছ'চাইটিৰ প্ৰথমগৰাকী প্ৰেছিডেণ্ট আছিল ফ্ৰান্সিছ লেগেত নামৰ চাহাবজন। বৰ্তমানে বিবেকানন্দ বাস কৰা ঠাইডোখৰ ৰামকৃষ্ণ মিছনৰ অধীনত। চাহাব-মেম সন্ন্যাসীসকলে হিন্দুৰ দৰেই ৰামকৃষ্ণ আৰু শ্ৰীমাক পূজা কৰে। বিবেকানন্দৰ বিছনা, চকী-মেজ সকলো সুৰক্ষিত। তেওঁ বোলে আইচক্ৰীম খাবলৈ ভাল পাইছিল।

 তদুপৰি দেখিছিলো সোতৰ শতিকাৰ এটা পৰিত্যক্ত ৰূপৰ খনি আৰু কাৰখানা, ডাচ্চ ব্যৱসায়ী গোষ্ঠীৰ পৰিত্যক্ত বসতি। পৰিত্যক্তৰ অৰ্থ হাবিৰ মাজত পেলাই থৈ যোৱা নহয়৷ সু-সংৰক্ষিত কৰি এনেকৈ ৰখা হয় যেন ৰূপৰ খনিৰ পৰা চপৰা চপৰে আকৰ আনি তাৰ পৰা ৰূপ উলিয়াই আছে। আগৰ সকলো সা-সামগ্ৰী পৰ্যন্ত সুৰক্ষিত। ডাচ্চ ব্যৱসায়ীসকলৰ ব্যৱসায়ো যেন চলিয়ে আছে। যিকোনো সংৰক্ষণৰ দায়িত্ব ঘাইকৈ গ্ৰহণ কৰে ধনশালী নাগৰিকসকলে। তদুপৰি পৰ্যটকলৈ বেচা টিকটৰ পৰাও অৰ্থ সংগ্ৰহ হয়।

 প্ৰায় ত্ৰিশ বছৰ অসমৰ বাহিৰত কটাই স্থায়ীভাৱে গুৱাহাটীলৈ আহি প্ৰথমতে গৈছিলো মোৰ মৰমৰ কটন কলেজখন চাবলৈ। তাত ঐতিহ্যপূৰ্ণ এ্যডমিনিষ্ট্ৰেটিভ বিল্ডিঙটোৰ ঠাইত কংক্ৰিটৰ বিল্ডিংটো দেখি বৰ হতাশ হৈছিলো। একেদৰে হতাশ

বাকীছোৱা জীৱন /২৫৯