পৃষ্ঠা:অনিমা গুহ.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অধিক, তাতো ভেড়াৰখীয়া দুষ্প্রাপ্য। সেয়েহে ভেড়াপামৰ গৰাকীসকলে নির্দিষ্ট সময়ৰ বাবে দক্ষিণ আমেৰিকাৰ পেৰু আৰু চিলিৰ পৰা অতিথি শ্রমিক অনায়। নামত আমেৰিকালৈ আহিলেও এওঁলোকে বাস কৰিবলগীয়া হয় এক আদিম জগতত। মৰুভূমিৰ উত্তপ্ত পৰিবেশত নিজৰ পৰিয়াল আৰু লোকালয়ৰ পৰা বহু আঁতৰত দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি কটায় এক কঠোৰ জীৱন। পৰিশ্ৰম কৰে দিনে চৌবিশ ঘণ্টাকৈ সপ্তাহটো জুৰি। এওঁলোকৰ সংগী পাঁচ-ছশ ভেড়া আৰু দুটামান কুকুৰ। ঘৰ বুলিবলৈ ছফুট বহল আৰু বাৰ ফুট দীঘল একোখন চকাযুক্ত যান, যাৰ পোছাকী নাম ট্রেলাৰ। ট্ৰেলাৰবোৰত বিজুলী নাই, ফেন নাই, শৌচাগাৰ নাই, পানীৰ ব্যৱস্থাও নাই। কেলিফর্নিয়াৰ মৰুভূমি অঞ্চলত আছে আঠশ ভেড়াৰখীয়া। যাযাবৰী জীৱন-যাপন কৰা এইসকল ব্যক্তি খাদ্য, পানীয়, চিঠিপত্ৰ আৰু অন্যন্য প্রয়োজনীয় সা-সামগ্ৰীৰ বাবে নিৰ্ভৰশীল মালিকসকলৰ ওপৰত। মাহেকে-পষেকে অহা মালিকসকলৰ বাহিৰে এই পাণ্ডৱবৰ্জিত দেশত কাৰো পদচিহ্ন নপৰে। মালিকো আহে ভেড়াৰ পালটোৰ বাবে চাৰণভূমি স্থানান্তৰ কৰিবৰ সময়ত। এনে পৰিস্থিতিত বাট-পথহীন মৰু অঞ্চললৈ যাওঁ কাৰ লগত কেনেকৈ? তদুপৰি মোৰ দৰেতো সকলোৱে বলিয়া নহয়।

 পৰিভ্ৰমী খাটপামৰ (migrant farm) শ্ৰমিকসকলৰ কাম-কাজৰ অৱস্থাৰ সংস্কাৰ কৰিবলৈ আগবাঢ়ি অহা সমাজ সচেতন ব্যক্তিৰ সংখ্যা তেনেই তাকৰ। মার্কিন শ্রমিক আইন অনুসৰি সকলো শ্রমিকে কিছুমান সা-সুবিধা পায়, ন্যূনতম মজুৰিও পায়। ভেড়াৰখীয়াসকল এই আইনৰ অধীনত নপৰে। পিছে ২০০১ চনত Industrial Welfare Commission এ এওঁলোকৰ মজুৰি বঢ়াবলৈ মালিকসকলক নির্দেশ দিছিল। তদুপৰি কৰ্মক্ষেত্ৰত কিছুমান সা-সুবিধা যেনে— কামৰ সময় কৰ্তন, বিশ্ৰামৰ সময় বৃদ্ধি, বিজুলী-পানী-শৌচাগাৰ-ফোন আদিৰ সুব্যৱস্থা কৰি দিবলৈ নিৰ্দেশ দিছে। হয়তো ইমান দিনে ‘তৃতীয় বিশ্ববাসী’ৰ শোষণ-নির্যাতন হ্রাস পাইছে।

 ফ্ৰেচনোৰ আইনী সাহায্য সংগঠন এটাই দুহেজাৰ চনত দাখিল কৰা প্ৰতিবেদন এখনৰ মতে ফ্ৰেচনো আৰু কাৰ্ন মৰুভূমি অঞ্চলৰ ৪১ জন ভেড়াৰখীয়াৰ শতকৰা ৯০ জনে এদিনলৈ ছুটী পোৱা নাই আৰু শতকৰা ৯৫ জনৰ বাবে শৌচাগাৰৰ ব্যৱস্থা নাই। An Area of Darkness গ্রন্থত ভি এছ নাইপলে ভাৰতখনক এটা বিৰাট শৌচাগাৰ বুলি কৈছিল। তেওঁ এবাৰ আমেৰিকাৰ ভেড়াৰখীয়াসকলৰ লগত এটা দিন যদি কটাই আহিলহেঁতেন! উল্লিখিত প্রতিবেদনখনৰ মতে ভেড়াৰখীয়াসকলক লগ

বাকীছোৱা জীৱন / ২৪১