পৃষ্ঠা:অনিমা গুহ.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহে। সেইখন দেশত সাহায্যকাৰীসকলৰ মান-মৰ্যাদা যথেষ্ট উন্নত। তেওঁলোকৰ প্ৰতি চৰকাৰে বান্ধি দিয়া নিয়ম-নীতি মানি নচলিলে আইনী শাস্তি ভোগ কৰিবলগীয়া হয়।

 সময় বাগৰাৰ লগে লগে মাতাজীয়ে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে আৰু মালিকৰ পৰিয়ালটো আন ঠাইলৈ গুচি যোৱাৰ পাছতো তেওঁ আমেৰিকাতে থাকি যায়। তেওঁ বাৰে বাৰে মোক সোঁৱৰাই দি আছিল, ‘ম্যায় আনপঢ় হুঁ।’ লিখা-পঢ়া নাজানিলে কি হ’ব তেওঁ যথেষ্ট স্মাৰ্ট। নিজে নাগৰিকত্ব লাভ কৰাৰ পাছত এজন এজনকৈ দুয়োজন ল'ৰাকে সপৰিয়ালে ইমিগ্ৰেট কৰি আমেৰিকালৈ আনি কামত সুমুৱাই দিছে।

 মই নিশ্চিত আছিলো যে মাতাজী পুতেকৰ লগত থাকে। পিছে তেওঁ হেনো কাৰো লগত থাকিবলৈ ভাল নাপায়। আৰ্থিক দিশৰ পৰা পিছপৰা আমেৰিকান জ্যেষ্ঠ নাগিৰকসকলে চৰকাৰৰ পৰা বহু সা-সুবিধা পায়। মাতাজীয়ে পাইছে একোঠাৰ এট এপাৰ্টমেণ্ট। খোৱা খৰচো চৰকাৰে দিয়ে। ইফালে তেওঁৰ দেহত এপাচি বেমাৰ— ডায়েবেটিছ, হাৰ্টৰ ৰোগ, কেন্সাৰ আৰু কিবাকিবি। এনে অৱস্থাত পুতেকৰ লগত নাথাকি কিয় অকলে থাকি ভাল পায় সুধিছিলো। ডিঙিত আৰি লোৱা লকেটসদৃশ বস্তু এটা দেখুৱাই মাতাজীয়ে কৈছিল যে তেওঁ অকলশৰীয়া নহয়। এই বস্তুটোত টিপা মাৰি দিলে ইমাৰ্জেন্সি বিভাগৰ মানুহে তেওঁক হাস্পতাললৈ নিয়ে, চিকিৎসা কৰোৱায়। সেই মুহূৰ্তত মাতাজীক মোৰ পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি যেন লাগিছিল। বুঢ়া বয়সত মানুহে সাধাৰণতে অসহায়বোধ কৰে শাৰীৰিক আৰু মানসিক দিশৰ পৰা শক্তিহীন হৈ অহা বাবে। এইটো বয়সত কোনে চাব ই এটা ডাঙৰ চিন্তা, বেমাৰ-আজাৰৰ চিন্তাই সৰ্বাধিক। ধনী-দুখীয়া কোনোৱে এই চিন্তাৰ পৰা মুক্ত নহয়। জীৱনৰ বিয়লি বেলা ধন-দৌলত, মান-সন্মান, বিদ্যা, চাকৰি, গাড়ী-মটৰ ইত্যাদি পাৰ্থিৱ বস্তুৰ বাবে কোনো আশা-আকাংক্ষা নাথাকে। মাতাজীয়ে যি দিবলগীয়া আছিল দিছে, যি কৰিবলগীয়া আছিল কৰিছে। বাৰ্ধক্য আৰু ৰোগে হেঁচি ধৰা সত্ত্বেও তেওঁ নিশ্চিন্ত। তেওঁ স্বাধীন। ল’ৰাহঁত ওচৰতে থকা সত্ত্বেও তেওঁ সিহঁতৰ ওপৰত কোনো কাৰণতে নিৰ্ভৰশীল নহয়। চৰকাৰেই তেওঁৰ পিতৃ-মাতৃ, স্বামী-সন্তান। বজাৰ-সমাৰ ঘৰৰ কাষতে। লাখুটিত ভৰ দি লাহে লাহে খোজকাঢ়ি যায়। ডাক্তৰে খোজকাঢ়িবলৈ কৈছে। ব্যায়ামো হ’ল বজাৰো হ'ল। বৰ্তমানে শক্তিহীন হোৱা বাবে তেওঁ ৰুটিৰ ব্যৱসায় নকৰে। তাৰ বাবে তেওঁৰ কোনো আফচোছ নাই। মনৰ সুখেই যে প্ৰকৃত সুখ

২৩৪/ বাকীছোৱা জীৱন