পৃষ্ঠা:অনিমা গুহ.pdf/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুৱাৰত তলা মাৰি চকীদাৰৰ পৰিয়ালটোক গেৰেজত থাকিবলৈ দিহা দি নিজ নিজ কৰ্মক্ষেত্ৰলৈ ঢাপলি মেলে।

 আমেৰিকাত ‘চেণ্ডউইচ জেনেৰেশ্যন’ এটা নতুন শব্দ শুনিলো। আজিকালি মানুহৰ আয়ুসকাল বঢ়া বাবে বৃদ্ধ-বৃদ্ধাৰ সংখ্যা বাঢ়িছে। এফালে পিতৃ-মাতৃ আৰু আনফালে পুত্ৰ-কন্যাৰ দায়িত্বৰ হেঁচাত তৰুণ প্ৰজন্ম হৈছে চেণ্ডউইচ্‌ড। নাই, মাক-দেউতাকক অধিকাংশই উপেক্ষা নকৰে। এনেবোৰ ধাৰণাৰ প্ৰচাৰ কৰাৰ আঁৰত আছে সাত দিনৰ বাবে দেশ এখনলৈ গৈ সাতশ পৃষ্ঠাৰ ভ্ৰমণ কাহিনীৰ লেখক কেইজনমান।

 মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰে ১৯৯৩ চনৰ আগষ্টত এখন আইন প্ৰণয়ন কৰে। এই আইনমতে কমপক্ষে পঞ্চাশজন কৰ্মচাৰী থকা যিকোনো অফিচ বা কোম্পানীয়ে কৰ্মৰত সকলো ব্যক্তিকে বছৰি বাৰ সপ্তাহ বিনা বেতনে মাক-দেউতাক, স্বামী-স্ত্ৰী, পুত্ৰ-কন্যা বা আন আপোনজনৰ বেমাৰ-আজাৰত ছুটী মঞ্জুৰ কৰিবলৈ বাধ্য। আইনখন জাৰি হোৱাৰ লগে লগে দূৰণিবটীয়া বয়সীয়া আত্মীয়ৰ খা-খবৰ কৰিবলৈ ছুটী লোৱাৰ ধুম উঠিছিল। আইনখন এতিয়াও বলৱৎ হৈ আছে নে নাই নাজানো।

লেবাৰ ডে’ : এটা কথা মন কৰিছো নিজকে বিশ্বৰ বৰ ককাই বুলি ভবা মাৰ্কিন যুক্তৰাষ্ট্ৰই সকলো বিষয়তে অনন্য হৈ থাকিব বিচাৰে। বিশ্বৰ বহু দেশে যেতিয়া মে’ ডে' পালন কৰে সিদিনা তেওঁলোকৰ সেইফালে কাণসাৰ নাই। অথচ মে' ডে’ তেওঁলোকৰ শ্ৰমিকৰ দ্বাৰাই সৃষ্ট এটা দিন। তেওঁলোকে পালন কৰে লেবাৰ ডে’ প্ৰতি ছেপ্টেম্বৰৰ প্ৰথমটো সোমবাৰে।

 আৰম্ভণিতে লেবাৰ ডে’ বা শ্ৰম দিৱস প্ৰকৃততেই আছিল শ্ৰমিক শ্ৰেণীৰ দিন। ইয়াৰ মেজাজ আছিল শ্ৰেণী সংগ্ৰামৰ মেজাজ, যাৰ লগত শ্ৰেণী চেতনাৰ গৰ্ববোধো জড়িত আছিল। যেনে ১৮৮২ চনত নিউয়ৰ্কত প্ৰথম শ্ৰম দিৱস উদযাপিত হোৱাৰ সময়ত শ্ৰমিকসকলে বিৰাট পাৰ্ক এখনত নিজ নিজ ইউনিয়ন পাৰ্টি সমন্বিতে সমবেত হৈ শ্ৰমিক নেতাসকলৰ ভাষণ শুনিছিল, পান-ভোজন কৰিছিল আৰু ইউনিয়নৰ বেণ্ডৰ তালে তালে নাচিছিল। এইদৰেই দিনটো অতিবাহিত কৰিছিল। মে’ ডে’ৰ মেজাজটো তাত থকাৰ উপৰি মাৰ্কিন দেশাত্মবোধৰো প্ৰকাশ ঘটিছিল। এই উৎসৱত একচেটিয়া শিল্পপতি আৰু তেওঁলোকৰ ‘মোচাহেব'সকলৰ কোনো ভূমিকা নাছিল। পৰৱৰ্তী কালত লেবাৰ ডে’ই তাৰ মূল চৰিত্ৰ হেৰুৱাই পেলাইছে। ইউনিয়নবোৰৰ ক্ষমতা কমি অহা বাবে ইয়াৰ মাজত ফুটি উঠা radicalism আৰু শ্ৰমিকেই দেশৰ

২৩২/ বাকীছোৱা জীৱন