পৃষ্ঠা:অনিমা গুহ.pdf/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এই প্ৰসংগত মনত পৰিল আমাৰ খুড়াৰ জীয়ৰী গীতা বাইদেউলৈ। তেওঁ কবি-সাহিত্যিক অধ্যাপক প্ৰয়াত মহেন্দ্ৰ বৰাৰ পত্নী। বৰা ভিনীহিও আগৰ জমানাৰ পেন্সনহীন অধ্যাপক। আমাৰ মাজত বয়সৰ ব্যৱধান কম হোৱা বাবে দুয়ো বাই-ভনী হ’লেও আমি বন্ধুও। আমাৰ দুয়োৰে গৃহস্থ সমাজত নামী ব্যক্তি কিন্তু অৰ্থনৈতিক দিশৰ পৰা দাৰিদ্ৰ্য সীমাৰ ওচৰা-উচৰি। গীতা বাইদেৱে এদিন ফোনত আমাৰ ধুবুৰীয়া ভাষাত প্ৰচলিত ফকৰা এষাৰ মাতি মোক বৰ আমোদ দিলে। ‘নামে গগন ফাটে, হাড়ীৰ ভাত কুকুৰে চাটে ( চেলেকে )’।

 যাওক বাৰু সেইবোৰ কথা। আমাৰ ল'ৰাই তেওঁলোকৰ লগত থাকিবলৈ বহুবাৰ কৈছে। তাত থকা হ’লে আমি জ্যেষ্ঠ নাগৰিক হিচাপে বহু সুবিধা পালোহেঁতেন। এই সুবিধাবোৰৰ বাবে কেইবাটাও পৰিয়ালৰ মাক-দেউতাকক তাত থকা দেখিছো। আটাইতকৈ ডাঙৰ সুবিধা উন্নত চিকিৎসাপ্ৰাপ্তি। তাৰ বাবে অৱশ্যে গ্ৰীনকাৰ্ড কৰাব লাগে। গ্ৰীনকাৰ্ড অৰ্থাৎ তাত থকাৰ অনুমতি থাকিলে ভাৰততো থাকিব পাৰি কিন্তু বছৰি এবাৰ হাজিৰা দিবগৈ লাগে। ইয়ো এক সমস্যা। নিজৰ দেশত আমাৰ নিজস্ব জীৱন থাকোতে বিদেশত স্থায়ীভাৱে বা তাঁতবাটি কৰি থাকিবলৈ কাৰোবাৰ ভাল লাগিলেও আমাৰ নালাগে। মাজে-সময়ে গৈ থাকিবলৈ অৱশ্যে ভাল লাগে। ল'ৰা-বোৱাৰী আৰু নাতিহঁতৰ সান্নিধ্য লাভ কৰো, অভিজ্ঞতাৰ ভঁৰাল সমৃদ্ধ হয়, লগ পাওঁ পৃথিৱীৰ নানা দেশৰ মানুহক। অভিজ্ঞতাৰ সেই ভঁৰালটোৰ পৰা উলিয়াই আনিলো মোৰ মনত চাব পেলোৱা কিছু কথা।

ককা-আইতাৰ গুৰুত্ব : আমেৰিকাত ‘ককা-আইতাকৰ গুৰুত্ব’ নিউয়ৰ্ক টাইমছত পৃষ্ঠজোৰা বিজ্ঞাপন এটা চকুত পৰাত আচৰিতে হৈছিলো। বুঢ়া বয়সত কৰ্মহীন হৈ নিজকে বহুতে পৰিয়ালৰ বোজা বুলি ভাবে। একেদৰে সমাজে বয়সীয়া মানুহক গুৰুত্ব দিয়া বৰকৈ দেখা নাযায়। ঘৰৰ মানুহেও কেতিয়াবা তেওঁলোকক বোজা বুলি নভবা নহয়। এনে পৰিস্থিতিত ককা-আইতাকৰ গুৰুত্ব শীৰ্ষক বিজ্ঞাপনখনে মোক ভালকৈয়ে আকৰ্ষণ কৰিছিল। বিজ্ঞাপনৰ যোগেদি ককা-আইতাহঁতক আবেদন জনাই কোৱা হৈছে যে নাতিসকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক মধুৰ। তদুপৰি তেওঁলোক অসীম মানসিক শক্তিৰ অধিকাৰী। এখন সুস্থ সমাজ গঢ়িবলৈ তেওঁলোক আগবাঢ়ি আহক। তেওঁলোকৰ অৱদানে মানৱ জাতিৰ কল্যাণ সাধিব। কোনে কয় ককা-আইতা মূল্যহীন বুলি। নাতি-নাতিনীৰ সৈতে থকা মিঠা সম্পৰ্ক আৰু নিজৰ মানসিক শক্তি

বাকীছোৱা জীৱন / ২২৯