পৃষ্ঠা:অনিমা গুহ.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমেৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়াকে ধৰি বহু দেশত গিজগিজাই আছে। তেনেহ'লে তেওঁলোকৰ মাক-দেউতাকো ‘প্ৰো’। কেতিয়াবা কৌতুকবোধ কৰো যেতিয়া আমেৰিকাবিদ্বেষীসকলক ফ্ৰীজৰ পৰা উলিয়াই বৰফশীতল কোকাকোলা খোৱা দেখো। নাইবা মে’ ডেত ডিঙিৰ সিৰা ফুলাই বিশ্বৰ শ্ৰমিকক এক হোৱাৰ আহ্বান জনোৱা শুনো। মে’ ডে নো কোন দেশৰ শ্ৰমিকে প্ৰথম কৰা আন্দোলনৰ ফলত প্ৰতিষ্ঠা লাভ কৰিছে। একেদৰে ৮ মাৰ্চ নাৰী দিৱস পালন কৰা কিছু আমেৰিকাবিদ্বেষী মহিলায়ো পাহৰি যায় কোন দেশৰ আন্দোলনকাৰী নাৰী শ্ৰমিকক ওলগ জনাবলৈ সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনে ৮ মাৰ্চ তাৰিখটো বিশ্ব নাৰী দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাইছিল।

 মই আমেৰিকালৈ যাওঁ, সেই দেশৰ কথা লিখো আৰু মোৰ পুত্ৰ তাত থাকে বাবে মই যেনিবা প্ৰো-আমেৰিকান বুলি জনাজাত হ'লো। পিছে প্ৰো-বাঙালী স্টাম্প এটা মোৰ পিঠিত কিয়বা মৰা হ’ল? আমাৰ গৃহস্থ বাঙালী বাবে? তেওঁ যে জন্মগত সূত্ৰে বাঙালী মই কেতিয়াবা পাহৰিয়ে যাওঁ। পঁইত্ৰিশ বছৰ অসমৰ বাহিৰত কটোৱাৰ পাছত অৱসৰ গ্ৰহণ কৰাৰ লগে লগে অসমলৈ উভতি আহিবলৈ, বিশেষকৈ কলকাতাৰ পৰা, ব্যাকুল হোৱা মানুহজনক, অসমৰ ইতিহাস-সমাজ আদিৰ অধ্যয়নৰ বাবে দিনে-ৰাতি কাম কৰা মানুহজনক বাঙালী কওঁ কেনেকৈ? গতিকে মইনো কি কাৰণে প্ৰো-বাঙালী বিশ্লেষণটো লাভ কৰিলো আজিও গম নাপালো। অৱশ্যে সেইদৰে কথা কৈ যদি কোনোবাই মানসিক শান্তি লাভ কৰে কৈ থাকক। ময়ো মেলি থাকো মোৰ বকলাখন।

 মাক-দেউতাকৰ পৰা আঁতৰত থাকিলেই তেওঁলোকক অৱজ্ঞা কৰা নুবুজায়। অনেকে একেলগে থাকিও তেওঁলোকক বোজা বুলি ভাবে। এনে স্বভাৱৰ পুত্ৰ-কন্যাৰ অভাৱ নাই আজিৰ এই স্বাৰ্থপৰ সমাজখনত। সেই ফালৰ পৰা নিজকে ভাগ্যৱান বুলিয়ে ভাবো। আজি স্কুল-কলেজৰ শিক্ষকসকলে পেন্সন পায়। আমাৰ গৃহস্থহঁতৰ সময়ত এই সুবিধা নাছিল৷ তদুপৰি দৰমহাও আছিল কম। এনে অৱস্থাত তেওঁলোকে বাকী জীৱনটো কটাবলৈ কিমান টকা জমাব পাৰে অলপ চিন্তা কৰিলেই উপলব্ধি কৰিব পাৰি। তেনেহ'লে আমিনো কেনেকৈ জীয়াই আছো। ঘৰৰ পৰা বহু আঁতৰত থকা ল’ৰা-বোৱাৰীয়ে আমাক অৱজ্ঞা নকৰা বাবেইতো? অৱশ্যে আমাৰো অলপ-অচৰপ উপাৰ্জন নথকা নহয়, পিছে আজিৰ দৰবৃদ্ধিৰ সময়ত জীৱন ধাৰণ কৰাটোৱে এটা সমস্যা।

বাকীছোৱা জীৱন /২২৭