পৃষ্ঠা:অনিমা গুহ.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জন্ম হৈছিল ১৯৭৮ চনৰ ২৫ জুলাইত। সহজ ভাষাত এওঁলোকক আমি টেষ্টটিউব বেবী বুলি কওঁ। তাইৰ জন্মৰ তিনি মাহ পাছত ১৯৭৮ চনৰ ৩ অক্টোবৰত বিশ্বৰ দ্বিতীয়জনী টেষ্টটিউব বেবী দুৰ্গাৰ জন্ম হয় কলকাতাত। কৃত্রিম প্রজনন পদ্ধতিত জন্মলাভ কৰা দুৰ্গাৰ আগমনৰ আঁৰত আছিল ৰিপ্ৰডাকটিভ্ বিজ্ঞানী সুভাষ মুখার্জী। আমি তেতিয়া কলকাতাত। হৈ চৈ লাগিল। মানুহে বিশ্বাস কৰিবলৈ টান পালে যে এজন বাঙালীয়ে এনে এটা কাম কৰিব পাৰে। তেওঁক ঠগ, প্ৰৱঞ্চক, ধোকেবাজ আদি শব্দেৰে সমালোচনা কৰিবলৈ ধৰিলে বিদগ্ধমহলেও। আনকি আমোলাতন্ত্ৰই তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লৈছিল। লাজ-অপমান সহ্য কৰিব নোৱাৰি ১৯৮১ চনৰ ১৯ জুলাই তাৰিখে সুভাষ মুখার্জীয়ে আত্মহত্যা কৰে।

 ডাঃ মুখার্জীয়ে লিখি থৈ যোৱা গৱেষণামূলক ৰচনাসমূহ পৰৱৰ্তী বিজ্ঞানীসকলে পাঠ কৰি নতুনকৈ তাৰ মূল্যায়ন কৰিছে। ডাঃ মুখাৰ্জীৰ আছিল এটা নিজস্ব টেক্‌নিক। ২০০৫ চনত ইণ্ডিয়ান মেডিকেল কাউন্সিলে কিছুমান বিষয়ত তেওঁক বাটকটীয়াৰ সন্মান যাচিছে। সেইবোৰ টেক্‌নিক পৰৱৰ্তী সময়ত কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে। কিন্তু মূৰ্খ আৰু হিংসাকুৰীয়া তেওঁৰ সতীৰ্থসকলে বিজ্ঞানীগৰাকীক অপমানজনক বাক্যবাণেৰে থকাসৰকা কৰিছিল। ১৯৯৭ চনত ভাৰতীয় জ্যেষ্ঠ প্রজনন বিজ্ঞানী টি চি আনন্দ কুমাৰে Current Science নামৰ এখন জাৰ্নেলত লিখিছে যে পশ্চিমবংগ চৰকাৰে মুখার্জীৰ কাম-কাজবোৰ পৰীক্ষা কৰিবলৈ যিখন তদন্ত কমিটী গঠন কৰিছিল তাত থকা কোনো এজন বিশেষজ্ঞ বিজ্ঞানীগৰাকীৰ কামৰ মূল্যায়ন কৰাৰ যোগ্য নাছিল। তেওঁ আচৰিত হৈ প্ৰশ্ন কৰিছে চৰকাৰে কি যুক্তিত সম্পূর্ণ অচিনাকি ক্ষেত্ৰৰ বিশেষজ্ঞ এজনক তদন্ত কমিটীৰ শীৰ্ষত স্থান দিলে। গৱেষণাপত্র নিজা খৰচত পাঠ কৰিবলৈ জাপানৰ বিশ্ববিদ্যালয় এখনে আমন্ত্ৰণ কৰা চেমিনাৰ এখনলৈ পশ্চিমবংগ চৰকাৰে মুখাৰ্জীক অনুমতি দিয়া নাছিল। তাৰ পৰিবৰ্তে তেওঁক এনে এটা বিভাগলৈ বদলি কৰিছিল যিটো বিষয়ত ডাঃ মুখার্জীৰ পাৰদৰ্শিতা নাই। ইয়াৰ এমাহ পাছতে তেওঁ আত্মঘাতী হৈছিল। তেওঁৰ মৃত্যুৰ বহু বছৰ পাছত সত্য উদ্‌ঘাটন কৰিলে উল্লিখিত বিজ্ঞানী আনন্দ কুমাৰে।

 বিশ্বৰ প্ৰথমগৰাকী টেষ্টটিউব বেবীৰ জন্মৰ আঁৰত থকা বিজ্ঞানী ৰবাৰ্টছ এডোৱাৰ্ডছে ২০১০ চনৰ চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা নবেল বঁটাটো লাভ কৰিছে; সুভাষ মুখাৰ্জীয়ে কি লাভ কৰিলে? অপমান।

 যিয়েই নহওক কেৱল আমাৰ ল’ৰাহে আমেৰিকাত থাকেনে? অসমৰ বহু মানুহ

২২৬/ বাকীছোৱা জীৱন