পৃষ্ঠা:অনিমা গুহ.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুৰস্কাৰ আদিও পাইছে। ৰুথৰ লগত অনুৰ প্ৰথম চিনাকি কৰিড’ৰত। লাহে লাহে অন্তৰংগতা। মাজে মাজে দুয়োগৰাকী মহিলাই অৱসৰৰ সময়ত ইজনীয়ে সিজনীৰ ঘৰলৈ আড্ডা মাৰিবলৈ যায়। ৰুথৰ বান্ধৱী লিয়েনেও পর্বত বগায়। লিয়েন চাকৰিয়াল। এদিন ৰুথৰ ফটোৰ এলবামত দুয়োগৰাকী বান্ধৱীৰ ফটো এখন চকুত পৰিছিল অনুৰ। উৎসৱমুখৰ পৰিবেশ। অনুই ভাবিছিল পুৰস্কাৰ পোৱাৰ আনন্দত তোলা ছবি। পিছে নহয়। সেইখন আছিল সিহঁতৰ বিয়াৰ ফটো। অনু হতবাক। ৰুথ আৰু লিয়েন দুয়ো ছোৱালী, সিহঁতৰ আকৌ বিয়া কিহৰ? লুকাই-চুৰ কৰি কৰা বিয়া নহয়। ৰেজিষ্ট্রি কৰি পতা বিয়া।

 অনুৰ কথা শুনি মোৰ গুৱাহাটী আৰু দিল্লীৰ লেছবিয়ান যোৰা দুটালৈ মনত পৰিছিল। সিহঁতে নিশ্চয় ৰুথ-লিয়েনৰ দৰে বিয়া পাতিব পৰা নাই।

 যোৱা শতিকাৰ নব্বৈৰ দশকতে আমেৰিকাত সমকামী বিয়া আইনতঃ সিদ্ধ আছিল। শুনি ভাবিছিলো কি অদ্ভুত দেশ এইখন। তেওঁলোকে নিজৰ অধিকাৰৰ বাবে আন্দোলনো কৰিছিল। মার্কিন প্ৰতিৰক্ষা বিভাগত তেওঁলোকে এসময়ত চাকৰি পোৱা নাছিল। প্ৰতিৰক্ষা বিভাগত সমকামী সৈনিকক পালে বৰ্খাস্ত কৰা হৈছিল। বিল ক্লিনটন ৰাষ্ট্ৰপতি হৈ থকা সময়ত এই নিষেধাজ্ঞা উঠাই দিয়া হৈছে।

 সেই সময়তে এগৰাকী জার্মান মহিলাৰ কথা পঢ়িছিলো আলোচনী এখনত। তেওঁ টিভিত কাম কৰে, নাম হেলনা ভন ছিলেন। তেওঁৰ সমকামী বান্ধৱী কর্নেলিয়া স্কীল ভূতপূর্ব জার্মান ৰাষ্ট্ৰপতি ৱাল্টাৰ স্কীলৰ জীয়ৰী। এওঁলোকে বিবাহপাশত আবদ্ধ হ’বলৈ আবেদন কৰিছিল, কিন্তু জার্মান কোর্টে অনুমতি দিয়া নাই৷ আজিকালি বহুদেশত সমকামী বিবাহ বৈধ।

 যিমানে বৈধ নহওক, হয়তো মোৰ পুৰণিকলীয়া মনে এনে বিবাহক স্বাভাৱিক বুলি মানি ল’ব পৰা নাই।


খেনোৱে কয় মই হেনো প্রো-আমেৰিকান আৰু প্ৰো-বাঙালী

 আমাৰ একমাত্র সন্তান আমেৰিকাবাসী হোৱা বাবে মাজে-সময়ে স্বাভাৱিক কাৰণে তালৈ যাওঁ। বিশাল দেশ। ভাৰততকৈ আয়তনত তিনিগুণ ডাঙৰ। দেশখন তন্নতন্নকৈ চোৱা অসম্ভৱ যদিও প্রতিবাৰেই নতুন নতুন ঠাইলৈ গৈ অভিজ্ঞতা সঞ্চয় কৰিছো। প্ৰথম দৰ্শনৰ অভিজ্ঞতা মোৰ ভ্ৰমণকাহিনীখনত লিখা বুলি ইতিমধ্যে উল্লেখ কৰা

বাকীছোৱা জীৱন /২২৩