পৃষ্ঠা:অনিমা গুহ.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আমি আগৰদিনীয়া ছোৱালীবোৰ বৰ অঁকৰা আছিলো। সমকামী শব্দটো শুনাই নাছিলো। গুৱাহাটীৰে হোষ্টেল এখনৰ ছোৱালীবোৰে কোৱা-কুই কৰিছিল যে হোষ্টেলৰ দুজনী ছোৱালীৰ সম্পৰ্ক বৰ লাজ লগা। যেন দুয়ো গিৰিয়েক-ঘৈণীয়েকহে। দুয়ো একেটা ৰুমতে থাকে। আমি আলেঙে আলেঙে থাকি কৃত্ৰিম প্ৰেমিক-প্ৰেমিকা দুজনীক চাইছিলো। নিলাজ অসভ্য ছোৱালী বুলি নিন্দা কৰা মনত পৰে।

 কেইবাবছৰ পাছত মই দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। গৃহস্থ এবছৰৰ বাবে লণ্ডনলৈ যাওঁতে মই থাকিলো মিৰাণ্ডা হাউছ হোষ্টেলত। ছোৱালী এজনীয়ে এদিন মোক আবেলি তাইৰ ৰুমলৈ মাতি লৈ গৈছিল। বেলকনিত মোক বহিবলৈ চকী এখন আগবঢ়াই দি তাই আন এখনত বহিলে। কোঠাত মূৰ ফণিয়াই আছিল তাইৰ ৰুমমেট। ধৰি ল'লো মোক মাতি নিয়া ছোৱালীজনীৰ নাম ৰূপা আৰু ৰুমমেটৰ নাম ৰমা। ৰূপাই এটা সময়ত ৰমাক মাতি ক’লে চিগাৰেটৰ পেকেটটো দিবলৈ আৰু আমালৈ দুকাপ চাহ কৰিবলৈ। মই চকখাই উঠিলো। চিগাৰেট? কোনে খাব? মিৰাণ্ডা হাউছৰ অনেকে চিগাৰেট খায় জানো, কিন্তু ৰূপাৰ দৰে তেনেই সাধাৰণ সাজপাৰ পিন্ধা, প্ৰসাধন নকৰা ছোৱালীজনীয়ে লাইটাৰটো ফচ্‌কৈ জ্বলাই যে চিগাৰেট হুপিব আশা কৰা নাছিলো। মই কৈয়ে পেলালো কিয় এই ধোঁৱা সোপা গিলিছা। তাই ক'লে তাইৰ দেউতাকে খায়, ককায়েকে খায় তাই কিয় নাখাব। মই হেনো তাইৰ মাকৰ দৰে কথা কওঁ। মাকৰো বৰ দুখ জীয়েকে চিগাৰেট খোৱা বাবে।

 ইতিমধ্যে ৰমাই কোঠাটো সাৰি বিছনা দুখন নিয়াৰিকৈ পাৰি আমালৈ চাহ লৈ আহিল॥ তাৰ পাছত দুয়োৰে কাপোৰ জাপি-জুপি থ’লে। সিহঁত দুটা যে সমকামী বুজিবলৈ মোৰ বাকী নাথাকিল। কিবা ঘিণ লাগি গৈছিল। সিহঁতৰ কোঠালৈ দ্বিতীয়বাৰলৈ যোৱা নাছিলো। ইয়াৰ পাছত গে’ আৰু লেছবিয়ানসকলৰ বিষয়ে কাগজে-পত্ৰে পঢ়ি জানিছিলো যে প্ৰতিখন সমাজতে এটা নিৰ্দিষ্ট হাৰত সমকামী মানুহ থাকে। প্ৰকৃতিৰে সৃষ্টি এওঁলোক, কোনো বিকৃতমনা নহয়।

 আমি ১৯৯১ চনত প্ৰথমবাৰ আমেৰিকালৈ যাওঁতে বষ্টনত আত্মীয় এঘৰত দুৰাতি আছিলো। গৃহিণী অনুৰ লগত ঘূৰি-পকি তেওঁলোকৰ সোতৰ মহলাৰ এপাৰ্টমেণ্টলৈ যাবলৈ এলিভেটৰত উঠিছিলো। কোনোবা এটা মহলাত উঠিল এজনী মেম। অনুই মোৰ লগত ৰুথ নামৰ মেমজনীক চিনাকি কৰি দিছিল। তেওঁলোকৰ ঘৰলৈ মোক এপাক লৈ যাবলৈ ৰুথে অনুক কৈছিল।

 অনুই কৈছিল ৰুথে চাকৰি নকৰে। পৰ্বত বগোৱা তেওঁৰ হবি। তাৰ বাবে তেওঁ

২২২/ বাকীছোৱা জীৱন