পৃষ্ঠা:অনিমা গুহ.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কলকাতা বিমান বন্দৰত মাকৰ বুকুত আশ্ৰয় পাই মধুমিতাই জ্ঞান হেৰুৱালে। জ্ঞান উভতি আহিল যদিও মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। মাক-দেউতাক, চিকিৎসক আৰু মনোবিজ্ঞানীৰ চেষ্টাত সুস্থ হৈ উঠিল যদিও তেওঁ স্বাভাৱিক নহ'ল। আনহাতে দেখিলে তেওঁ অন্তঃসত্ত্বা। গৰ্ভপাত কৰোৱাৰ সময় উকলি গৈছে। মাকে জীয়েকক অত্যন্ত কঠোৰ হৈ হৃদয়হীনা হ’বলৈ আদেশ জাৰী কৰিছিল। তুমি তোমাৰ গৰ্ভত বাঢ়ি অহা সন্তানটোৰ প্ৰতি স্নেহশীলা হ’ব নোৱাৰিবা। আকৌ তুমি নতুন জীৱন গঢ়ি তুলিব লাগিব। কথা দিলো দুয়োটা ল’ৰাক মই চোৱাচিতা কৰিম, কিন্তু তুমি সিহঁতক পাহৰি যোৱা। তোমাৰ বাকী জীৱন ইহঁতৰ বাবে নষ্ট হোৱাটো চাই থাকিব নোৱাৰিম।’

 দ্বিতীয় ল’ৰাটোৰ জন্মৰ পাছত মাকে তাক মধুমিতাৰ ওচৰলৈ এবাৰো অনা নাছিল। তেওঁলোক চহকী মানুহ, টকাৰ অভাৱ নাই। অভাৱ শান্তিৰ। ডাঙৰ পাপুক বোৰ্ডিং হাউছলৈ পঠালে। মধুমিতাক পঠালে বায়েকৰ ওচৰলৈ লণ্ডনত। সৰুটো ঘৰতে আয়াৰ হাতত ডাঙৰ হ’বলৈ ধৰিলে। দুয়োটা ল’ৰাক আইতাকে মৰম নকৰিলেও অৱজ্ঞা কৰা নাছিল।

 অহুকাণে-পহুকাণে খবৰ পাই ৰমলা দত্ত আহিছিল সৰুটোক তুলি ল'বলৈ। আইতাকে যেন স্বৰ্গ হাতত পালে। ৰমলাৰ চৰ্তটো আছিল মধুমিতাই কোনো দিনে যেন তাক চাবলৈ নাহে।

 আঢ়ৈ বছৰীয়া ল'ৰা। মানুহ চিনি পায়। নতুন পৰিবেশত খাপখাইছে নে নাই চাবলৈ আইতাক মাজে মাজে আহিছিল। পিছে আইতাকক দেখিলে সি ৰমলাৰ কোলাত জাঁপ মাৰি উঠি সাবটি ধৰিছিল তেওঁক। আইতাকে কৰ্তব্যহে কৰিছিল, মৰম কৰা নাছিল। আয়াৰ লগতো মানসিক সম্পৰ্ক গঢ়ি উঠা নাছিল তাৰ। বহু বছৰৰ মূৰত লণ্ডনৰ পৰা উভতি আহি মধুমিতাই হেনো পুতেকক এবাৰ চাই যাব খুজিছিল। চৰ্তমতে ৰমলাই নিষেধ কৰিলে। আঢ়ৈ বছৰীয়া সেই মানসে ইতিমধ্যে নিশ্চয় বিয়া-বাৰুও কৰালে, নিজেও দেউতাক হ’ল কিজানি। মানুহক, তাকো নিজৰ সন্তানৰ মাতৃক পণ্য কৰি ব্যৱসায় কৰা তাৰ জন্মদাতা দেউতাকটোৰ কথা মানসে জানিলে নে, মাজে মাজে মই ভাবো।

 বৈচিত্ৰ্যৰে ভৰা এই বিশ্বত বোধকৰো আটাইতকৈ বিচিত্ৰ প্ৰাণী হ’ল মানুহ। মধুমিতাক তাইৰ স্বামীয়ে কিমান ডলাৰত বেচিছিল নাজানিলো। বোধহয় বহু ডলাৰত। মধুমিতা ৰূপৱতী আৰু আৰৱ শ্বেখৰ টকা অজস্ৰ। সেই ভয়ংকৰ গধুলি শ্বেখহঁতে

২২০/ বাকীছোৱা জীৱন