পৃষ্ঠা:অনিমা গুহ.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দীঘলীয়া আলোচনাত বহিল। তেওঁলোকো পুতেকৰ অঘৰী জীৱনটোৰ বাবে চিন্তিত আছিল। গতিকে তাৰ সুমতি দেখি ভাল পালে। দিল্লীত নতুনকৈ ব্যৱসায় খোলাটো মিছা নহয়। মধুমিতাৰ দেউতাকে ভাবিলে ৰত্নাকৰ দস্যু যদি বাল্মিকী হ'ব পাৰে আদিত্যই মনুষ্যত্ব ফিৰাই নাপাব কিয়।

 যি কি নহওক পাপুক পোনে পোনে দিল্লীলৈ নিব বুলি কৈ মধুমিতাৰে সৈতে আদিত্য মুম্বাইলৈ উৰা মাৰিলে। তেওঁলোক থাকিল গৈ এখন অভিজাত হোটেলত; কাৰণ আদিত্যৰ মাক-দেউতাক বাহিৰলৈ গৈছিল। তেওঁলোক উভতি নহালৈকে হোটেলতে থাকি পিছত দিল্লীলৈ যাব।

 কেইদিনমান আদিত্যই মধুমিতাক সংগদান কৰাৰ পাছত ব্যৱসায়ৰ কামত দিনটো বাহিৰত কটাবলগীয়া হৈছিল। এদিন দুপৰীয়া হোটেলৰ মেনেজাৰজন মধুমিতাৰ কোঠালৈ আহি সুধিলে মুম্বাইত তেওঁৰ কোনোবা আপোন মানুহ আছে নেকি। ভাগ্যক্ৰমে সিদিনাই শহুৰ শাহু আহি পাইছিল। তেওঁলোকৰ ঠিকনা আৰু ফোন নম্বৰ লৈ ততালিকে মেনেজাৰে প্ৰস্থান কৰিলে। মধুমিতাৰ দুশ্চিন্তা হ’ল। ইমান ডাঙৰ হোটেলৰ মেনেজাৰ নিজে কিয় কাষ্টমাৰৰ কোঠালৈ আহিছিল। শহুৰৰ ঠিকনাই বা নিলে কিয়। এনেতে মেনেজাৰজন আকৌ আহিল। মধুমিতাৰ হাত ভৰি চেঁচা হৈ আহিছিল, মানুহজনৰ কু-মতলব নাইতো?

 মেনেজাৰে মধুমিতাৰ মনটো পাঠ কৰিব পাৰি কৈছিল— ‘মেডাম, এটা অতি গোপন কথাৰ বাবে নিজেই আহিছো। আপোনাৰ টয়লেটৰ পিছফালে থকা ঘূৰণীয়া চিৰিটোৰে তললৈ নিঃশব্দে নামি তাত অপেক্ষা কৰি থকা গাড়ীখনত উঠিব। তাত আপোনাৰ শহুৰ আৰু শাহু আছে।’

 মধুমিতাই ভেবাচেকা খাই মেনেজাৰৰ মুখলৈ চাই থাকিল।

 ‘আপোনাৰ স্বামীয়ে বহু টকাৰ বিনিময়ত আপোনাক আৰব শ্বেখহঁতৰ ওচৰত বেচিছে! আজি সিহঁতে আপোনাক লৈ যাব। কোনো প্ৰশ্ন নকৰি পলাওক। পলাওক। সিহঁতো এই হোটেলতে আছে।’

 মধুমিতাই সম্বিৎ হেৰুৱাই জঠৰ হৈ ৰ'ল। মেনেজাৰৰ ধমকি খাই দেহাটো তললৈ টানি লৈ গ'ল কোনোমতে। শহুৰ শাহুয়েকে তেওঁক পোনে পোনে লৈ গৈছিল এয়াৰ প'ৰ্টলৈ। পিছে পিছে গৈছিল পুলিচৰ গাড়ী। বহু সতৰ্কতাৰ মাজেৰে মধুক তুলি দিয়া হ’ল কলকাতাগামী বিমানত।আন্তৰ্জাতিক ট্ৰেফিকিং। কোনে ক’ত খাপ পিটি আছে বুজা টান।

বাকীছোৱা জীৱন / ২১৯