পৃষ্ঠা:অনিমা গুহ.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখি ধাৰণা হৈছিল কোনোবা অভিজাত ঘৰৰ ল'ৰা সি। নিশ্চয় অবৈধ। পিছে এই আঢ়ৈ বছৰ ক’ত আছিল, মনত প্ৰশ্ন জগাটো স্বাভাৱিক। পাছত জনা গ'ল ল'ৰাৰ জন্ম ইতিহাস ৰহস্য উপন্যাসতকৈও ৰহস্যময়।

 মধুমিতা কলকাতাৰ অভিজাত পৰিয়াল এটাৰ স্মাৰ্ট কনভেণ্ট শিক্ষিতা সুন্দৰী গাভৰু। গ্ৰেজুৱেট হোৱাৰ পাছত তাইৰ বিয়া হয় মুম্বাইৰ এঘৰ চহকী দম্পতীৰ একমাত্ৰ পুত্ৰ আদিত্যৰ লগত। দেউতাক আনন্দ ৰয় আদিত্যৰ জন্মদাতা পিতৃ নহয়। মাক অলকাৰ প্ৰথম স্বামীৰ পুতেক সি।আদিত্যৰ এবছৰ নৌহওঁতেই দেউতাক ঢুকায় আৰু মাকে দুবছৰমান পাছত আনন্দ ৰয়ক বিয়া কৰায়। এওঁ ৰেজেষ্ট্ৰী কৰি নিজপুত্ৰ হিচাপে ল’ৰাজনক তুলি লৈছে। মুম্বাইত এওঁলোকৰ আছে আমদানী-ৰপ্তানীৰ বিৰাট ব্যৱসায় ৷

 বিয়াৰ কিছুদিনৰ পাছতে মধুমিতাই বুজি পালে আদিত্য এজন অতি বৰ্বৰ প্ৰকৃতিৰ মানুহ। প্ৰথমে নীৰৱে সকলো সহ্য কৰিছিল যদিও ইতিমধ্যে জন্ম হোৱা পুতেক পাপুক লৈ তেওঁ মাকৰ ঘৰলৈ উভতি আহে। আদিত্যই মাক-পুতেকক লৈ যাবলৈ বহু চেষ্টা কৰি বিফল হৈছিল।অৱশেষত এদিন সি সোঁ-শৰীৰে আহি শহুৰেকৰ কলকাতাৰ ঘৰত উপস্থিত হ’ল। তাক অভ্যৰ্থনা দূৰৈৰ কথা সোধ-পোছ পৰ্যন্ত প্ৰথমতে কৰা নাছিল। আদিত্যই মধুমিতাহঁতৰ ঘৰৰ আগ বাৰাণ্ডাৰ মজিয়াতে বহি কান্দিবলৈ ধৰিলে। সিদিনা পাপুৰ চাৰি বছৰীয়া জন্মদিন। তাক এবাৰ কোলাত তুলি আশীৰ্বাদ কৰিব খোজে দেউতাকে। সুদীৰ্ঘ কাল পুতেকক নেদেখি আদিত্যৰ পিতৃহৃদয় হেনো থান-বান হৈছে। মিতাৰ দেউতাকৰ সন্দেহ হ’ল পাষণ্ডটোৱে পাপুক টানি-আঁজুৰি লৈ যাবলৈকে আহিছে। মধুমিতাৰ পিছে অলপ কৰুণা উপজিছিল। হেজাৰ হওক পাপুৰ দেউতাক, তাইৰ স্বামী। মানুহৰ মনৰ গতি বুজা টান। এই মুহূৰ্তত যাৰ ওপৰত অসম্ভৱ খং উঠে পিছ মুহূৰ্ততে তাৰ প্ৰতি কৰুণাৰ উদ্ৰেকো হয়।

 দাৰোৱান, চকীদাৰ, কাম কৰা মানুহ আদিক ওচৰে-পাজৰে পহৰা দিবলৈ ৰাখি পাপুক উলিয়াই আনিছিল। আদিত্যই তাক সাবটি লৈ মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে সহস্ৰবাৰ চুমা খোৱা দেখি মধুমিতাও কান্দিবলৈ ধৰিলে। দেউতাক-মাকে জোঁৱায়েকৰ হৃদয় পৰিৱৰ্তন হোৱা বুলি নিশ্চিত হ’ল। অনুশোচনাত পুৰি পুৰি সি হেনো সোণ হৈছে। অনুমতি দিলে ল’ৰা-তিৰোতাক লৈ যাব খোজে। ইতিমধ্যে দিল্লীত এটা নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিছে। মধুমিতাৰ দেউতাকে ভাবি চাব বুলি কৈ আদিত্যক বিদায় দিলে। তাৰ পাছত আদিত্যৰ মাক-দেউতাকৰ লগত তেওঁলোক

২১৮/ বাকীছোৱা জীৱন