পৃষ্ঠা:অনিমা গুহ.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইত্যাদি। গধূলি বাকীসকলৰ সন্মুখত চাকি-বন্তি আৰু চাহাবৰ ভগৱানৰ আগত মমবাতি জ্বলোৱা হয়। এইদৰে কিছুদিন পাৰ হোৱাৰ পাছত ছোড়দিৰ মগজুত এটা নতুন চিন্তাৰ ঢৌৱে খুন্দা মাৰিবলৈ ধৰিলে।

 এদিন গধূলি দুয়ো বাই–ভনীয়ে বেলকনিত বহি পূৰ্ণিমাৰ নিশাটো উপভোগ কৰি আছিল। এনেতে ছোড়দিয়ে ভনীয়েকক ক'লে যীশুৰ পূজাত অলপ ত্ৰুটি থাকি গৈছে। গধূলি তেৰালৈ অলপ ওৱাইন আগবঢ়াব পাৰিলে ভাল আছিল। হাজাৰ হওক খ্ৰীষ্টানৰ দেৱতা। সেইদিনৰে পৰা এবটল ওবাইন আনি দিবলৈ ভনীয়েকক বায়েকে পেঘেনিয়াই থাকিবলৈ ধৰিলে। কলেজলৈ আহি আৰতিদিয়ে আমাক কয় আৰু আমি হাঁহি মৰো।আৰতিদিৰ মতে ছোড়দিৰ উদ্ভট ইচ্ছা পূৰণ কৰা বৰ ডাঙৰ কাম নহয়। ওৱাইনৰ দোকানখনো ওচৰতে। ডাঙৰ কথা হ’ল সেইখন দোকানত সোমোৱা দেখিলে ছাত্ৰ-ছাত্ৰীবোৰৰ চকু কপালত উঠিব আৰু পিছদিনাখনেই মেডামে মদ খায় বুলি আলোচনা কৰা কথাষাৰ বিশ্ববিদ্যালয় কেম্পাছত বনজুইৰ দৰে বিয়পি পৰিব। আশীবছৰীয়া ছোড়দিক এইবোৰ কথা বুজাব নোৱাৰি। অৱশেষত এদিন গুণাগঁথা কৰি ছোড়দিক কোৱা হ'ল যে যীশু চাহাবৰ দেৱতা হ'লেও তেওঁৰ এছিয়া মহাদেশত জন্ম। এছিয়াৰ মানুহে আজিকালি মদ্যপান কৰিলেও যীশুৰ আমোলত ই আছিল নিষিদ্ধ। ভনীয়েকৰ কথাত পতিয়ন গৈ গধূলি যীশুৰ সন্মুখত একাপকৈ চাহ বা কফি দিয়াৰ ব্যৱস্থা কৰিছিল ছোড়দিয়ে।

 জীৱনত বহু ধাৰ্মিক মানুহৰ সান্নিধ্যলৈ আহিছো। পিছে ছোড়দিৰ দৰে নিজৰ গোসাঁইঘৰত যীশুক পূজা কৰা কোনো হিন্দুক আজিলৈকে লগ পোৱা নাই। সম্প্ৰতি সৰ্বধৰ্মত বিশ্বাসী মোৰ ভাগিন এজনক দেখিলো ৰমজান পালন কৰিবলৈ। মুছলমান হজযাত্ৰী বন্ধুৰ হতুৱাই মক্কাৰ পৰা অনাইছে জম্‌জমৰ পানী। তাৰে এবটল মোলৈ পঠাইছে। এই পানীৰ হেনো ঔষধীয় গুণ আছে। আনহাতে বেদ-উপনিষদ আৰু ধৰ্মীয় কিতাপ-পত্ৰৰ তেওঁ নিয়মীয়া পাঠক। সকলো ধৰ্মৰ প্ৰতি সমানে শ্ৰদ্ধাশীল আমাৰ ব্যক্তিক্ৰমী ভাগিনজনক মই শ্ৰদ্ধাৰ চকুৰে চাওঁ।

 চৰিত্ৰ নম্বৰ সাত : Rice should be sticky. কলিকতা বিশ্ববিদ্যালয়ত মোৰ চিনাকি অধ্যাপিকা লতিকাদিৰ তত্ত্বাৱধানত কাম কৰিবলৈ এবাৰ দক্ষিণ কোৰিয়াৰ পৰা আহিছিল এজন ৰিছাৰ্চ স্কলাৰ। আমাৰ চকুত দেখিবলৈ চীনা যেন লগা যুৱকজনৰ নামটো মনত পৰা নাই যদিও ইয়াত তেওঁক বেন্ বুলি উল্লেখ কৰিম। লতিকাদিয়ে তেওঁৰ বান্ধৱী শীলাৰ ঘৰত বেনক পেয়িং গেষ্ট হিচাপে থকা-মেলাৰ ব্যৱস্থা কৰি

২১৪/ বাকীছোৱা জীবন