পৃষ্ঠা:অনিমা গুহ.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুটামান লেখা পঢ়ি পিছদিনা বিষ্ণু ৰাভা সম্পৰ্কে আন এটা এনে প্ৰশ্ন সুধিলে যে মোৰ উশাহ চুটি হৈ আহিছিল।

 ‘বিষ্ণু ৰাভাকতো আপোনালোকে দেখিছে, তেওঁ কিচ্কিচীয়া ক’লা আছিল নহয়।’

 ই নিৰ্বাক হৈ তাৰ মুখলৈ চাই থকা দেখি সি নিজেই উত্তৰ দিলে, ‘মানে তেওঁক কলাগুৰু বুলি কোৱা হয়তো’। কলাৰ অৰ্থ বুজাবলৈ চেষ্টা কৰিছিলো, বুজিলে নে নাই গম নাপালো। কেইদিনমান তাৰ মুখত বিষ্ণু ৰাভাৰ বাহিৰে আন কথা নাই। হঠাতে এদিন মূৰটো খজুৱাই খজুৱাই সি ঘোষণা কৰিলে— ‘আজিৰে পৰা বাজপেয়ী আউট, কলাগুৰু ইন্। কলাগুৰুৱে তেওঁৰ আঢ়ৈশ বিঘা মাটি দুখীয়াক দিছে, বাজপেয়ীয়ে কি দিছে? এইবাৰ গাঁৱলৈ গৈ সকলোকে কমিউনিষ্ট বনাম বাপ্পেকে। কলাগুৰু জিন্দাবাদ'।

 চেৰাবলিয়াই হওক বা বলিয়াই হওক কিতাপত ৰাপ নোহোৱা ল’ৰাটো আমাৰ ঘৰলৈ অহাৰ পাছত কিতাপৰ প্ৰতি আগ্ৰহী হয়। দুপৰীয়া ভাত খাই উঠি বাতৰি কাকতখন হাতত লোৱাটো তাৰ অভ্যাসত পৰিণত হৈছিল। ভূপতি অকলেই নহয় কিতাপত নো কি আছে জানিবলৈ আগ্ৰহী হৈছে আমাৰ লগত থাকিবলৈ অহা প্ৰায়বোৰ সাহায্যকাৰী। বৰ্তমানে আমাৰ লগত থকা সুৰো নামৰ অনাখৰী মহিলাগৰাকী পঢ়িব নাজানিলেও আলোচনীবোৰ লিৰিকি বিদাৰি চায়। ছবি চাই চাই তেওঁ অনেককে জনা হৈছে। গধুলি সাত বাজিলে দূৰদৰ্শনত অসমীয়া বাতৰি বুজক নুবুজক শুনিবই। তেওঁৰ মনতো বহু প্ৰশ্ন জাগে, উত্তৰ বিচাৰি আহে মোৰ ওচৰলৈ। পাকিস্তান ক’ত, বাংলাদেশ ক’ত, বিজুলী ক'ৰপৰা আহে, মাটিৰ তলত কি আছে, জোন-বেলি-তৰা আকাশৰ গাত কেনেকৈ ওলমি থাকে ইত্যাদি বহু প্ৰশ্ন তেওঁৰ। প্ৰায়ে কয় যে আমাৰ ঘৰলৈ আহি বহু নজনা কথা জানিলে, নুশুনা কথা শুনিলে। তেওঁ সংগীতপ্ৰিয়ও। ভূপেন হাজৰিকা আৰু পুলক বেনাৰ্জী তেওঁৰ প্ৰিয় গায়ক, যদিও এজনৰ নামো তেওঁ নাজানে। ৰেডিঅ'ত গান শুনি শুনি তেওঁলোকৰ কণ্ঠস্বৰৰ সৈতে চিনাকি হৈছে। নিখিলেশ বৰুৱাৰ গোৱালপাৰীয়া গানৰ চিডিখন শুনাবলৈ পেঘেনিয়াই থাকে মানুহজনীয়ে। সম্প্ৰতি তাই চহীটো কৰিবলৈ চেষ্টা কৰি আছে।

 ভূপতিৰ কথালৈ উভতি যাওঁ। কেই বছৰমানৰ আগতে কিছুদিনৰ বাবে ৰঙা ৰঙৰ মঙল গ্ৰহটো আকাশত উজ্জ্বল হৈ জিলিকি থকাৰ সময়ত ভূপতিয়ে সৌৰজগত সম্পৰ্কে কিছু জ্ঞান অৰ্জন কৰিছিল। মঙল গ্ৰহৰ বিষয়ে কাগজত কিবা ওলালে সি মনযোগ দি পঢ়িছিল। গ্ৰহটোলৈ মানুহ যাব, তাত মাটি আছে পানী আছে ইত্যাদি বিষয়ে অৱগত হোৱাৰ পাছত মোক এটা ‘সুখবৰ’ দিবলৈ আহিল এদিন। দেউতাকৰ

২১২/ বাকীছোৱা জীৱন