পৃষ্ঠা:অনিমা গুহ.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হ’ব।

 কেইমাহমানৰ পাছত একেটা উদ্দেশ্যেৰে সেইখন গাঁওলৈ আকৌ গৈছিলো। আন এটা পৰিয়ালৰ মুখে শুনিলো গাঁওখনলৈ এবাৰ আহিছিল এজন জ্যোতিষী। নিজ নিজ ভৱিষ্যৎ সুৰক্ষা কৰিবলৈ গঞা ৰাইজে তেওঁৰ পৰা তাবিজ-মাদলি ইত্যাদি লৈ ধাৰণ কৰিলে। ছাত্ৰসকলেও ভিৰ কৰিছিল পৰীক্ষাত পাছ হ’বলৈ দিহা-পৰামৰ্শ বিচাৰি সৰ্বানন্দই তাবিজ এটাৰ বাবে পেঘেনিয়াই আছিল। জ্যোতিষীয়ে কাগজ এডোখৰত কিবা কিবি লিখি মন্ত্ৰ-চন্ত্ৰ মাতি তাবিজ এটাত ভৰাই ল'ৰাটোৰ ডিঙিত আৰি দিছিল। লগতে কৈছিল পৰীক্ষাৰ ফল ওলোৱাৰ দিনা কাগজখন উলিয়াই যেন পঢ়ে।

 পৰীক্ষাৰ ফল এদিন ওলাল। প্ৰায় আটাইকেইটা বিষয়ত শূন্য পাই সৰ্বানন্দ ফেইল কৰা বুলি গম পাই আমি কম দুঃখিত হোৱা নাছিলো, বিশেষকৈ দেউতাকৰ কথা ভাবি। শুনিলো তাবিজটো ধাৰণ কৰাৰ পাছত সৰ্বানন্দৰ হেনো কিতাপৰ লগত সম্পৰ্ক বিচ্ছিন্ন হৈ গৈছিল। যি কি নহওক, জ্যোতিষীৰ কথামতে ফেইল কৰাৰ পাছত ল'ৰাজনে তাবিজটোৰ পৰা কাগজ ডোখৰ উলিয়াই পঢ়িলে। তাত লিখা আছিল— গাধ, নপঢ়িলে পাছ কৰিবি কেনেকৈ? জ্যোতিষীও ইমান ৰসিক হয় নে? তেওঁক যদি এবাৰ লগ পালোহেঁতেন!

 চৰিত্ৰ নম্বৰ পাঁচ : কেই বছৰমান আগতে সহায়কাৰী হিচাপে গুৱাহাটীলৈ আহিছিল গাঁৱৰ ল’ৰা ভূপতি। কিতাপৰ প্ৰতি অলপো ৰাপ নথকা ল’ৰাজনে আমাৰ ঘৰত পঢ়া-শুনাৰ পৰিবেশ দেখি লাহে লাহে এইখন জগতৰ প্ৰতি আকৰ্ষণ বোধ কৰে। ক্লাছ এইটলৈকে পঢ়া ল'ৰাটোক সি বুজি পাব পৰা কিতাপ-পত্ৰ পঢ়িবলৈ দিছিলো। ভূপতি অলপ চেৰাবলিয়া স্বভাৱৰ আছিল৷ ৰাজনীতিত তাৰ কিছু ইনটাৰেষ্ট নথকা নহয়, পিছে মানসিক স্থিৰতাৰ অভাৱ। আজি যদি কংগ্ৰেছ দলৰ প্ৰতি অনুগত, কাইলৈ বিজেপিৰ, পৰহি অগপৰ। কেতিয়াবা আকৌ আলফাত যোগ দিয়াৰো ইচ্ছা। এন ডি এ চৰকাৰৰ শাসনৰ সময়ত সি অটলবিহাৰী বাজপেয়ীক (টিভি চাই চাই) ইমানে ভালপোৱা হ'ল যে বিজেপিৰ সদস্য হ’বলৈ সিদ্ধান্ত লৈছিল। মই কোনো সভা-সমিতিলৈ যাবলগীয়া হ’লে বাজপেয়ীৰ দৰে চকু মুদি ৰৈ ৰৈ ভাষণ দিবলৈ শিকাইছিল মোক।

 সেই সময়ত বিষ্ণু ৰাভাৰ জন্মদিন উপলক্ষে কাগজে-পত্ৰে ওলোৱা কেইটামান প্ৰবন্ধ পঢ়ি ভূপতিয়ে মোক সুধিলে বিষ্ণু ৰাভাক কমৰেড বুলি কয় কিয়? কম বয়সত (কমডেড্) ঢুকোৱা বাবে? কোনোমতে হাঁহি ৰখাই কমৰেডৰ অৰ্থ বুজালো। আৰু

বাকীছোৱা জীৱন /২১১