পৃষ্ঠা:অনিমা গুহ.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাৰ্ডি। চেহেৰাত বৈসাদৃশ্য থাকিলেও এটা বিষয়ত সাদৃশ্য ভালেখিনি। দুয়োৰে মগজুৰ নাট-বল্টুবোৰ ঢিলা আৰু দুয়ো কল্পনাবিলাসী। প্ৰতিদিনে মনুৰ কোঠাত দুপৰীয়া দুয়োৰে চলে নাটকৰ আখৰা, নহ'লে নাচ-গান। হঠাতে শুনিলো হেমন্তৰ মালিকে তেওঁৰ অফিচত তাক কাম এটা দিছে। মালিক ৰাতিপুৱা চাহ খাই যায়গৈ আৰু দহমান বজাত হেমন্তই তেওঁলৈ দুপৰীয়াৰ আহাৰ লৈ যায়। দুপৰীয়াবোৰ শান্তিপূৰ্ণ হোৱা বাবে সকাহ পাই মনুক নিতৌ দহোটাকৈ ইংৰাজী শব্দ শিকোৱাত লাগিলো। এইদৰে কিছুদিন পাৰ হোৱাৰ পাছত হঠাতে এদিন আকৌ লৰেল-হাৰ্ডিৰ নাটকৰ বচন কাণত পৰিল। মনুৰ কোঠালৈ গৈ হেমন্তক তাৰ অফিচ নাই নে কি জানিব খোজাত উত্তৰ শুনি কোনোমতে মোৰ হাঁহি ৰখাইছিলো।

 ‘আছে আইতা। পিছে তেনে চাকৰি কৰাত মই নাই, সদায় হেনো সময়মতে গৈ হাজিৰা দিব লাগে। সিদিনা যাওঁতে বাটত বান্দৰৰ নাচ দেখা পাই তাতে ৰৈ দিলো। মানুহৰ কি ভিৰ আইতা। সকলোৱে চাইছে, ময়ো চালো। বাপ্পা ঐ অফিচত সোমোৱাৰ লগে লগে কি ধম্কি। আপুনিয়ে কওক আইতা বান্দৰৰ নাচ ডাঙৰ নে অফিচ ডাঙৰ’।

 গুৱাহাটীৰ সমীপৱৰ্তী কোনোবা গাঁও এখনৰ বাসিন্দা হেমন্তই হেনো ইয়ালৈ আহিহে প্ৰথম ৰে'লগাড়ী দেখিছে৷ ‘মিহি দুডাল লাইন’ৰ ওপৰেদি মস্ত ৰে'লখন যোৱা দেখিলে সি ভেবা লাগি চাই থাকে। ৰে’ল চাই থকা বাবেও মাজে মাজে তাৰ পলম হ’লে অফিচত গালি খায়। স্বাধীনচিতীয়া ল'ৰাটোৱে তেনে চাকৰিত ইস্তাফা দি মালিকৰ ঘৰৰখীয়া হৈয়ে থাকিল। ফলত দুপৰীয়াবোৰ সিহঁতৰ উৎপাতত মোৰ তেজৰ চাপ ঊৰ্ধ্বমুখে গতি কৰিবলৈ ল'লে।

 হেমন্তৰ গৰাকীজন বৰ ভাল মানুহ। তেওঁ প্ৰায়ে অফিচৰ কামত বাহিৰলৈ যায়। তেতিয়া ল’ৰাটোৰ চালচলন দেখিলে ধাৰণা হয় সি বোধকৰো ভাবে I am the monarch of all I survey. এদিন গৰাকীজনে মোক লগ পাই ক’লে তেওঁৰ অনুপস্থিতিত হেমন্তই হেনো ফ্ৰীজৰ পৰা বিয়েৰ উলিয়াই খায়। মোৰ বিশ্বাস মনুৱে তাক সংগ দিয়ে।

 এদিন মনুই তাৰ বন্ধু এজনক ৰে'লত উঠাই দিবলৈ পুৱা পাঁচ বজাত ঘৰৰপৰা ওলাই গৈছিল। হেমন্তই হঠাতে তাক দেখি তাৰ পিছ লৈ সিও ৰে'ল ষ্টেচন পালে। মনু আচৰিত। ‘বেটা, তই অকলে ওলাইছ বম্বেলৈ? তই তাত গৈ চিনেমা কৰিবি আৰু মই ইয়াত চিনেমা হলত তোক চাম, মোৰ বুকু ফাটি নাযাব? বাটে-ঘাটে মাৰি

বাকীছোৱা জীৱন / ২০৯