পৃষ্ঠা:অনিমা গুহ.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নাৰী হ'লেই যে মধুৰ স্বভাবা হ’ব আশা কৰা ভুল। শাহু-বোৱাৰীৰ তিক্ত সম্পৰ্কৰ কথা আজিৰ নহয়। ব্যতিক্ৰমীসকলৰ প্ৰসংগ উত্থাপন কৰা নাই। প্ৰথম জীৱনত শাহুৰ দ্বাৰা নিৰ্যাতিত বোৱাৰীয়ে বুঢ়া বয়সত শাহুৰ চোকটো কমিলে প্ৰতিশোধ লোৱা দেখিছো। সামান্য কথাৰ আলম লৈ মহিলাই মহিলাৰ চুলি কটা, মুখত চূণ সনা, প্ৰহাৰ কৰা উদাহৰণ গুৱাহাটী মহানগৰীতে দেখিবলৈ পাওঁ। এইবোৰ অপৰাধৰ শাস্তি হোৱা নেদেখো।

 নামমাত্ৰ কথাতে ৪৯৮ ( ক ) ধাৰাৰ অধীনত স্বামীক গ্ৰেপ্তাৰ কৰোৱা নাৰী আমাৰ সমাজৰ কলংক। শীঘ্ৰেই এনে আইনৰ সংশোধনী হোৱাটো বাঞ্ছনীয়। আজিকালি নাৰীও জংগী হ’ল।


নিৰ্মল আনন্দ প্ৰদান কৰা কেইটামান চৰিত্ৰ

 চোৰ-ডকাইত-হত্যাকাৰী-ধৰ্ষক-নিপীড়ক-সন্ত্ৰাসবাদী আদিৰ বিষয়ে আলোচনা কৰি কৰি যেতিয়া দেহ-মন অশান্ত হৈ উঠে, যেতিয়া হাঁহিবলৈ পাহৰি যাওঁ তেতিয়া মনত পেলাওঁ কেইটামান নিমাখিত চৰিত্ৰক, যিসকলে মানুহক দিয়ে নিৰ্মল আনন্দ। জীৱনৰ বাটত লগ পোৱা তেনে কেইজনমানক স্মৃতিৰ জোলোঙাখনৰ পৰা উলিয়াই খাজি থ’লো মোৰ এই স্মৃতিকথাত। কেৱল দুজনমানৰ নামবোৰ সলাই দিয়া হ'ল।

 চৰিত্ৰ নম্বৰ এক : কোকৰাঝাৰত পৰমা নামৰ আমাৰ এজন সাহায্যকাৰী ল’ৰা আছিল। আন এজনৰ প্ৰয়োজন হোৱাত গাঁৱৰ পৰা পৰমাই কানাই নামৰ ল’ৰা এজনক আনি দেউতাক ক’লে সি তাৰ ভাই। দেউতাই সুধিছিল— ‘আপোন ভাই নে?’ পৰমাই টপৰাই কৈছিল— ‘আপোন নহয়। টেম্প’ৰাৰী ব্ৰাদাৰ’। কথাষাৰ মনত পৰিলে আজি ষাঠি বছৰ পাছতো হাঁহি উঠে। আচলতে কানাই পৰমাৰ গাঁও সম্পৰ্কীয় ভাই, অৰ্থাৎ একেখন গাঁৱৰ ল’ৰা। টেম্প’ৰাৰী ব্ৰাদাৰ শব্দ দুটা আমাৰ ভনীকেইজনীৰ ভ’কেব্যুলাৰীত সেইদিনাৰে পৰা চিৰস্থায়ীভাৱে সোমাই গ'ল। আনকি আমাৰ ভিনীহিদেৱেও সেই শব্দটো ৰপ্ত কৰিছিল। শব্দটোৰে সৈতে পৰমাও থাকিল মনৰ মাজত।

 চৰিত্ৰ নম্বৰ দুই আৰু তিনি : দুটা প্ৰাতঃস্মৰণীয় চৰিত্ৰ আমাৰ গুৱাহাটীৰ ঘৰৰ সাহায্যকাৰী ওখ-পাখ পাহুৱাল ডেকা মনু আৰু চুবুৰীয়াৰ সাহায্যকাৰী ক্ষীণ-মিন চাপৰ ওঠৰ বছৰীয়া কিশোৰ হেমন্ত। দুয়ো নলে-গলে লগা বন্ধু, আমি কওঁ লৰেল-

২০৮ / বাকীছোৱা জীৱন