পৃষ্ঠা:অনিমা গুহ.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুই প্ৰকাৰ। পৰিয়ালৰ পৰা পোৱা সম্পত্তি তেওঁ বেচিব নোৱাৰে। ভোগ কৰিব পাৰে। পৰিয়ালৰ আন সদস্যৰ বিপদ-আপদ বা সংকটকালত সেই সম্পত্তি তেওঁলোকেও ভোগ কৰে। উল্লেখযোগ্য বিষয়টো হ'ল নুমলীয়া জীয়ৰীয়ে সম্পত্তি লাভ কৰিলেও সম্পত্তিৰ ৰক্ষণাবেক্ষণ কৰে খাদ্দুৰ মোমায়েকেহে। অৰ্থাৎ তেওঁলোক পুৰুষৰ প্ৰতিপত্তিৰ পৰা মুক্ত নহয়। গাৰো সমাজত আকৌ নুমলীয়া জীয়েকৰ স্বামীয়ে সম্পত্তি ৰক্ষা কৰে। ডাঙৰ ছোৱালী কেইজনীয়েতো একোকেই নাপায়। এওঁলোকক ঈৰ্ষা কৰাৰ কোনো যুক্তি নাই।

 সাধাৰণ খাচী মহিলাৰ, বিশেষকৈ তেওঁ যদি দুখীয়া হয়, ভাগ্য পিতৃতান্ত্ৰিক সমাজৰ মহিলাৰ দৰেই কষ্টকৰ। নিজৰ ঘৰখনৰ আৰু ল'ৰা-ছোৱালীৰ সুখৰ বাবে কাম কৰি কৰি স্বাস্থ্যৰ অৱনতি ঘটায়। বেমাৰত চিকিৎসকৰ ওচৰলৈ মহিলাসকল নাযায় বুলিয়ে ক’ব পাৰি। আমাৰ সমাজত পোৱাৰ দৰে স্বাস্থ্যৰক্ষাৰ বাবে প্ৰাধান্য পায় পুৰুষেই। আমি ভবাৰ দৰে খাচী পুৰুষে ঘৰ-গৃহস্থালি চম্ভালিব নালাগে। তেওঁলোকে চাকৰি কৰে অৰ্থ উপাৰ্জন কৰিবলৈ। গতিকে স্বাস্থ্য ভালে ৰখা প্ৰয়োজনীয়। সাধাৰণ গৃহিণীসকলৰ স্বাস্থ্য ভালে নথকাৰ কাৰণ সঘনাই সন্তানৰ জন্ম দিয়া। আজিৰ যুগতো তেওঁলোকে গড়ে আঠোটাকৈ সন্তানৰ জন্ম দিয়ে। স্বাস্থ্যহীন মাতৃয়ে স্বাস্থ্যৱান সন্তানৰ জন্ম দিব নোৱাৰে। গতিকে ঘৰখনত স্বাস্থ্য ৰক্ষাৰ দ্বিতীয় অধিকাৰ লাভ কৰে সন্তানে।

 মাক-সন্তান দুয়ো ঘাইকৈ ভোগে ৰক্তহীনতাত। ফলত কেঁকাই-গেঁথাই জীৱননিৰ্বাহ কৰে শতকৰা আশীগৰাকী খাচী মহিলাই। স্বাস্থ্যহীনাক অৰ্থনৈতিকভাৱে স্বাধীন হ’বলৈ আগ্ৰহী কৰাও অসম্ভৱ। তদুপৰি সময় ক’ত বাহিৰলৈ ওলাবলৈ। দিনটো কটায় জুহালত। তাৰে মাজতে শাক-পাচলি দুটামান ৰোৱে। সেইখিনি বেচি নিমখ-তেল-চাউল কিনে।

 পিতৃতান্ত্ৰিক সমাজৰ পুৰুষৰ দৰে মাতৃতান্ত্ৰিক সমাজৰ পুৰুষো স্বাধীন। সকলো কাম স্বইচ্ছাৰে কৰে। মদ খায়, চিগাৰেট হোপে, জুৱা খেলি সৰ্বস্বান্ত হয়। পত্নী প্ৰহাৰ প্ৰতিদিনে কৰিবলগীয়া যেন এটা মহান কৰ্তব্য। চহৰৰ মহিলা গাঁৱৰ মহিলাৰ তুলনাত বেছি উৎপীড়িতা। আনহাতে সমগ্ৰ ভাৰততে শিক্ষিতা মহিলাই স্বামীৰ দ্বাৰা অশিক্ষিতাৰ তুলনাত বেছি নিৰ্যাতিতা হয়। বোধকৰো নিজকে বৰমতা বুলি ভবা পুৰুষ শ্ৰেণীটোৱে তেওঁৰ সমপৰ্যায়ৰ পত্নীক সহ্য কৰিব নোখোজে। এই বিষয়ত যিকোনো সমাজ ব্যৱস্থাৰ পুৰুষৰ একেটা চৰিত্ৰ।

 মাতৃতান্ত্ৰিক সমাজ হোৱা হেতুকে সম্ভৱতঃ খাচী সমাজত বিয়াবোৰ প্ৰায়ে নিটিকে।

বাকীছোৱা জীৱন / ২০৫