পৃষ্ঠা:অনিমা গুহ.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহিলাসকলে শাক-পাচলি আদি বজাৰত বহি বিক্ৰী কৰা দেখি, তাকো ৰাতিৰ বজাৰত। তেওঁলোকক দেখিবলৈ সদায় দেউতাৰ লগত বজাৰলৈ গৈছিলো। পাইন কাঠৰ খণ্ডত জুই জ্বলাই পোহৰাই তুলিছিল বজাৰৰ চৌহদ। মুকলিমুৰীয়া মহিলাসকলক দেখি আমাৰ মা-খুড়ী-মাহী-পেহীলৈ মনত পৰিছিল। তেওঁলোক আছিল অসূৰ্যম্পশ্যা। দেউতাক সুধিছিলো মাবোৰে কিয় মাছ বেচিছে। তেওঁ কৈছিল এওঁলোকৰ সমাজত এইটোৱে নিয়ম।

 আমাৰ লগত দেউতাৰ অফিচৰ পিয়ন এজনো গৈছিল। মোৰ দৰে তেৱোঁ তিৰোতা মানুহে মাছ-পাচলি বেচা দেখি আচৰিত হৈছিল। পিছে তেওঁৰ প্ৰতিক্ৰিয়া আছিল সাংঘাতিক। শ্বিলঙৰ পৰা কোকৰাঝাৰলৈ উভতি আহি মানুহক কৈছিল এইদৰে—

 ‘শ্বিলংখন বৰ সুন্দৰ ঠাই। গৰম মুঠে নাই। কিন্তু আপীগুলা মস্ত ডাংকাটি। লাজ-চৰম নাই। তামোল খাই মুখখন লাল টিকটিকা কৰি আপাগুলাৰ লগত হাঁহিয়া হাঁহিয়া কথা কয়। সব চৰিত্ৰহীন।’

 যি কি নহওক আমি ভাবিছিলো পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বাবে আমাৰ নাৰীসকল নিৰ্যাতিতা, বঞ্চিতা। মহিলাৰ সম্পত্তিত অধিকাৰ থাকিও নথকা বাবেও দায়ী কৰো আমাৰ সমাজ ব্যৱস্থাক। আইনে সকলো ক্ষেত্ৰতে সম অধিকাৰ দিছে যদিও মানসিকতাৰ পৰিৱৰ্তন নোহোৱা বাবে প্ৰায় ভাগ আইন কাৰ্যকৰী হৈ উঠা নাই।

 আমি জানো মাতৃতান্ত্ৰিক খাচী আৰু গাৰো ছোৱালী বিয়াৰ পাছত শহুৰেকৰ ঘৰলৈ নাযায়, দৰাহে যায় কইনাৰ ঘৰলৈ। আমাৰ ধাৰণা দৰাবোৰে শহুৰৰ ঘৰলৈ গৈ ভাত ৰান্ধে, কাপোৰ ধোৱে, শহুৰ শাহুৰ আলপৈচান ধৰে, সকলোকে সন্তুষ্ট কৰি চলে। ঘৈণীয়েকৰ-মাকৰ ধমকি খাই কান্দি মৰে। ঘৈণীয়েকে গিৰিয়েকক চাহৰ অৰ্ডাৰ মাৰি ভৰিৰ ওপৰত ভৰি তুলি থমথম মদন গোপালটো হৈ বহি থাকে। পিতৃতান্ত্ৰিক সমাজৰ আমিসকলে গেবাৰি খাটি খাটি নৈখনৰ দৰেই ভাবো— আহ্, খাচী-গাৰো সমাজৰ মহিলাসকলৰ কি যে সুখ। অহা জনমত যেন মেঘালয়তে ওপজো।

 পিছে খাচী-গাৰো সমাজৰ বিষয়ে প্ৰবন্ধ, কিতাপ-পত্ৰ আদি পঢ়ি সেই সমাজৰ মানুহৰ লগত আলোচনা কৰি উপলব্ধি কৰিছো কথাবোৰ নৈৰ ইটো পাৰে ভবাৰ দৰে নহয়। মাতৃতান্ত্ৰিক সমাজত বাস কৰিও সিপাৰৰ মহিলাৰ সুখ নাই।

 এই কথা সত্য যে খাচী-গাৰো সমাজত বংশৰ মূল ধাৰাটো বাহিত হয় মাতৃ বংশৰ যোগেদি। খাচী আৰু জয়ন্তীয়াসকলৰ ক্ষেত্ৰত সম্পত্তি লাভ কৰে ঘৰৰ কনিষ্ঠ জীয়েকজনীয়ে৷ এওঁক কোৱা হয় খাদ্দু। তেওঁ পৰিয়ালৰ সম্পত্তি লাভ কৰে। সম্পত্তি

২০৪ / বাকীছোৱা জীৱন