পৃষ্ঠা:অনিমা গুহ.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰ্যায়ত আমাৰ পুৰুষ-নাৰীক সচেতন হোৱা নেদেখো। কাৰণ কি? কাৰণ সকলোৰে জনা। ভ্রূণ হত্যা, শিশু কন্যা হত্যা, শিশু কন্যাক অনাদৰ, বোৱাৰী হত্যা আদিৰ প্ৰতিবাদত কেৱল নাৰী সংগঠনবোৰেহে আগবাঢ়ে। যেন এই সমস্যা কেৱল নাৰীৰহে।

 কেতিয়াবা দুখতো যে হাঁহি উঠে তেনে হাঁহি মোৰো মাজে মাজে নুঠা নহয়। আমি কলকাতাত থাকোতে কিবা কাৰণত সাম্রাজ্যবাদী আমেৰিকাৰ বিৰুদ্ধে কিছুমান মানহে প্রতিবাদ সাব্যস্ত কৰিছিল আমেৰিকান কনছ্যুলেটৰ অফিচৰ সন্মুখত। হাত-ভৰি জোকাৰি, ডিঙিৰ সিৰা ফুলাই বক্তৃতা দি ঘৰলৈ উভতি আহি তেওঁলোকৰে দুজনমানক দেখিছিলো খোৱা টেবুলত মুৰ্গীৰ ঠেং চোবাই চোবাই নানা ধৰণৰ অন্যায়ৰ বিৰুদ্ধে, শ্ৰেণী সংগ্ৰামৰ কথাৰে গৰম গৰম আলোচনাত লিপ্ত হোৱা। একেখন টেবুলত বহি চজিনা চোবাই আছিল বামুণৰ ঘৰখনৰ বিধৱা বোৱাৰীজনীয়ে।

 হিন্দু সমাজত, ঘাইকৈ উচ্চ বৰ্ণৰ মাজত বৈধৱ্য এক যন্ত্রণাদায়ক কৰুণ অৱস্থা। এই শ্ৰেণীৰ মহিলাই হেনো শুভকার্যত অংশগ্ৰহণ কৰাৰ নিয়ম নাই। কি কাৰণে, তাৰ এটা যুক্তিসংগত উত্তৰ কোনোবাই আগবঢ়াব পাৰিব নে? নোৱাৰে। আজি চহৰ-নগৰৰ প্ৰগতিশীল অংশটোৰ ভিতৰত আগৰদিনীয়া ৰক্ষণশীল মনোভাব নাই যদিও বৃহত্তৰ সমাজখনৰ দৃষ্টিভংগীৰ সালসলনি হোৱা নাই। পিছে মোৰ এই সুদীৰ্ঘ জীৱনৰ অভিজ্ঞতাই কয়, গাঁৱেই হওক, চহৰেই হওক বা মহানগৰীয়ে হওক কিছুমান অন্ধবিশ্বাসৰ পৰা মানুহৰ মুক্তি নাই। গুৱাহাটীৰ আধুনিকমনস্ক বুলি জনাজাত পৰিয়াল এটাৰ বিধৱা মাকগৰাকীয়ে জোৰণত হ'বলগীয়া বোৱাৰীজনীক সেন্দূৰ নিপিন্ধালে, জানোচা তেওঁৰ দুৰ্ভাগ্য সেন্দূৰৰ মাজেদি বিজুলী বৈ যোৱাৰ দৰে অদৃশ্যভাৱে বৈ বোৱাৰীয়েকৰ গাত লম্ভে! প্রগতিশীল শিক্ষিতা কইনাজনীয়েতো জোৰ কৰি শাহুয়েকৰ হাতেৰেই এই ফেৰা কাম কৰোৱাব পাৰিলেহেঁতেন। নাই, নকৰে। কিয়নো তেৱোঁ অন্ধবিশ্বাস আৰু কু-সংস্কাৰমুক্ত নহয়।

 অদৃশ্য পথেৰে এজনৰ দুৰ্ভাগ্য আন এজনলৈ প্ৰৱাহিত হোৱা ধাৰণাটোৰ জন্ম হৈছিল সুদূৰ অতীতকালৰ সমাজত। নৃতত্ত্বৰ ভাষাত ইয়াক কয় ‘মানা’। পৃথিৱী বহু আগুৱাই গ’ল, কিন্তু মানাৰ অস্তিত্ব লোপ নাপালে। দুখতো হাঁহি উঠিছিল যেতিয়া অর্থনীতিত এম এ পাছ ছোৱালী এজনীয়ে জোৰণৰ সামগ্ৰীখিনিত নবৌয়েকক হাত লগাবলৈ বাৰণ কৰিলে। তেওঁ আছিল নিঃসন্তান। কইনাৰ বিশ্বাস নবৌয়েকৰ সন্তানহীনতা মানাৰ বোকোচাত উঠি ছোৱালীজনীৰ দেহত প্ৰৱেশ কৰিব।

 কলকাতা মহানগৰীত, য’ত ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ দৰে

বাকীছোৱা জীৱন / ২০১