পৃষ্ঠা:অনিমা গুহ.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৰতত নাৰীৰ সংখ্যা কমিছে।

 আমাৰ সমাজ সচেতন পুৰুষসকলে নাৰী সংক্ৰান্ত ইস্যুবোৰত মৌন ব্ৰত কৰি থাকে কিয়? ২০০১ চনত সচেতন পুৰুষৰ নিৰ্লিপ্ততাৰ বিষয়টোত মই অধিক সচেতন হৈছিলো। সেই বছৰ আমেৰিকাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত আমেৰিকাই সন্ত্ৰাসবাদীৰ আশ্ৰয়দাতা আফগানিস্তানৰ তালিবান চৰকাৰৰ ওপৰত আক্ৰমণ হানিবলৈ অহাৰ প্ৰতিবাদত আমাৰ ইয়াত সাম্ৰাজ্যবাদী আমেৰিকাৰ নিন্দাত মুখৰ হৈছিল সচেতন নাগৰিক সমাজ। মেল-মিটিঙত তেতিয়াৰ বুশ্ব চৰকাৰৰ মুণ্ডপাত কৰাৰ উপৰি হাতত বেনাৰ আদি লৈ ওলাইছিল যুদ্ধবিৰোধী সমদল কাগজে-পত্ৰে আক্ৰমণকাৰীৰ শৰাধ কৰি ওলাইছিল প্ৰবন্ধৰ পাছত প্ৰবন্ধ। আমিও এই কাৰ্যৰ প্ৰতিবাদ কৰিছো, যোগ দিছিলো প্ৰতিবাদ সভাত, সমদলত। অতি দুখেৰে পৰ্যবেক্ষণ কৰিছো আমেৰিকাৰ বিৰুদ্ধে সোচ্চাৰ হোৱা আমাৰ সুশীল সমাজখনৰ বিবেকে সাৰ নাপায় আপোন মানুহৰ দ্বাৰা আক্ৰান্ত বাই-ভনীৰ ক্ষেত্ৰত।

 ২০১১ চনৰ জনপিয়ল হৈ থকাৰ সময়ত আশা কৰিছিলো জনসাধাৰণৰ মানসিকতাৰ উত্তৰণ ঘটিছে। একৈশ শতিকাৰ পিতৃ-মাতৃয়ে চকুৰ আগত সকলো ক্ষেত্ৰতে দেখিছে নাৰীৰ উত্থান। গতিকে ভাবিছিলো কন্যা ভ্ৰূণ হত্যাকাৰী পৰিয়ালবোৰৰ চেতনাৰ উন্মেষ ঘটিছে। পিছে ফলাফল ওলোৱাৰ পাছত উপলব্ধি কৰিলো যেতিয়ালৈকে মৃত্যুৰ পাছত শ্ৰাদ্ধ কৰি পুৎ নামৰ নৰকৰ পৰা পুত্ৰই উদ্ধাৰ কৰাৰ ভ্ৰান্ত ধাৰণাবোৰ মানুহৰ মানসিকতাৰ পৰা আঁতৰি নাযায় তেতিয়ালৈকে চেতনাৰ উন্মেষ কাৰো নঘটে।

 সম্প্ৰতি বিজ্ঞানী ষ্টিফেন হকিংছে মৃত্যুৰ পাছত জীৱৰ সকলো শেষ, স্বৰ্গ-নৰক বুলি একো নাই কোৱাৰ বহু আগৰে পৰা আমি একেটা কথাকে বহুবাৰ লিখিছো, কৈছো। কিন্তু মোৰ দৰে গৰিবৰ কথাত গুৰুত্ব দিয়ে কোনে? ডেৰশ বছৰ আগতেও এই কথা কৈছিল হেমচন্দ্ৰ বৰুৱাই (১৮৩৫-১৮৯৬)। তেওঁৰ শৱদেহ মৃত্যুৰ পাছত দাহ কৰিব নালাগে বুলি কৈছিল, কাৰণ তেওঁৰ মতে আত্মাৰ অস্তিত্ব নাই আৰু শৱদেৱ আৱৰ্জনা সদৃশ। গতিকে টানি নি হাবিত পেলাই দিয়াৰ পক্ষপাতী আছিল তেওঁ। কিন্তু আজিও অধিকাংশ মানুহৰ নৰকলৈ বৰ ভয়। কি যে শাস্তি! যমদূতবোৰে গৰম তেলত ভাজিব, জুইত পুৰিব আৰু যে কত কষ্ট। পুত্ৰই শ্ৰাদ্ধৰ মাধ্যমেৰে এনেহেন নৰকৰ পৰা উদ্ধাৰ কৰি পোনে পোনে স্বৰ্গত লেণ্ড কৰাব। আহ্ ভাবিলেই মৰিবলৈ মন যায়। মৰ্ত্যৰ শোক-দুখ-তাপ-জ্বালা-যন্ত্ৰণা, বস্তু-বাহানিৰ দৰবৃদ্ধি, উৎপীড়ন-

বাকীছোৱা জীৱন /১৯৯