পৃষ্ঠা:অনিমা গুহ.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শস্যক্ষেত্র তুল্য। বীজ ৰোপণ কৰে পুৰুষে, যি বীজ তেওঁলোকৰ ধাৰণাত সদায় অংকুৰণক্ষম। সেই বীজ অংকুৰিত নহ'লে দোষ জাপি দিয়া হয় অনুৰ্বৰ ক্ষেত্ৰৰ ওপৰত। সেয়েহে বন্ধ্যা শব্দৰ নাই পুংলিংগ। সেইদৰে পুত্র সন্তান জন্ম দিবলৈ নোৱৰাৰ অপৰাধো নাৰীৰ। আজিৰ যুগতো অনেক পৰিয়ালত বংশধৰ এটা জন্ম দিব নোৱাৰিলে পুত্রহীনাই অপৰাধবোধত ভোগে। নিজৰ জৰায়ুটোত অধিকাৰ নথকা বাবে স্বামী বা তেওঁৰ পৰিয়ালৰ অৰ্ডাৰমতে মহিলাগৰাকী পুত্ৰ সন্তানৰ আশাত বাৰে বাৰে গৰ্ভৱতী হ’বলগীয়া হয়। ভ্রূণৰ লিংগ নিৰ্ধাৰণ কৰি কন্যা ভ্রূণ পালে গর্ভপাতৰ যন্ত্রণাও ভুগিবলগীয়া হয় নাৰীয়ে। লিংগ নিৰ্ধাৰণ কৰিব নোৱৰাসকলে বাৰে বাৰে কন্যা সন্তান জন্ম দিয়াৰ ‘অপৰাধ’ত দুর্ব্যৱহাৰো নোপোৱা নহয়। আজিৰ শিক্ষিত প্রগতিশীল পৰিয়ালবোৰত অৱশ্যে এনে ধৰণৰ অত্যাচাৰ নাই। সন্তানৰ লিংগ নিৰ্ধাৰক X (এক্স) আৰু Y (ওৱাই) ক্ৰমজ’মৰ ভূমিকাৰ কথা সত্তৰ-আশী বছৰ আগতেই জীৱবিজ্ঞানীসকলে জনাইছে। পুত্র সন্তান সৃষ্টিকাৰী ওৱাই ক্ৰমজ’মটো পিতৃৰ ফালৰ পৰা অহা বুলি জানিও দোষ জাপি দিয়ে পত্নীৰ ওপৰত। প্ৰকৃততে সুদূৰ অতীততে পুৰুষ-মহিলাৰ মগজুত যি মানসিকতাই বাহ লৈছে তাক উৎপাটন কৰা বৰ সহজ কাম নহয়। নহ'লেনো গুজৰাট সংঘৰ্ষত মুছলমান মহিলাৰ ওপৰত হোৱা যৌন উৎপীড়নৰ তাৎক্ষণিক প্রতিক্রিয়া হিচাপে প্রাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফার্নাণ্ডেজৰ মুখৰ পৰা কুখ্যাত উক্তি শাৰী—What is new about women getting raped in riots নির্গত হয়নে? একৈশ শতিকাৰ বিজ্ঞানৰ আকাশলংঘী উন্নতিৰ সময়তো কোনোবাই উচ্চাৰণ কৰে নে যে স্ত্ৰী দেহত হাড়ৰ সংখ্যা পুৰুষৰ হাড়ৰ সংখ্যাতকৈ কম!

 পুৰুষৰ মানসিকতা যে আওপুৰণি অৱস্থাতে আছে তাৰ এটা উদাহৰণ হ’ল নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মাত মতাত তেওঁলোকৰ অধিকাংশৰে অনীহা। নির্যাতন বিৰোধী ঐক্য মঞ্চৰ জন্মলগ্নৰ পৰা মন কৰিছো আমাৰ সহযাত্ৰী শংকৰ শইকীয়া, প্রয়াত সুৰজিৎ বৰুৱা, মুকুল কলিতা, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, সমাজসেৱী মুকুট সিংহ চেতিয়া প্ৰমুখ্যে মুষ্টিমেয় কেইজনমান পুৰুষৰ বাহিৰে অধিকাংশ পুৰুষ নির্যাতিত নাৰীৰ কাষত থিয় দিবলৈ আগবাঢ়ি নাহে। বর্তমানে যৌতুক সংক্রান্ত কাৰণত অসমত যিটো হাৰত নাৰীৰ ওপৰত নিৰ্যাতন বাঢ়িছে তাৰ প্ৰতিকাৰাৰ্থে একেটা হাৰত সমাজ জাগি উঠা নাই। নাৰী সংগঠনবোৰো আশা কৰামতে সক্রিয় হ’ব পৰা নাই। কোনোবাই ভাবি চায় নে মণিপুৰত হঠাতে কিয় কম বয়সীয়া বিধৱাৰ সংখ্যা বাঢ়িছে। কিয়

১৯৮/ বাকীছোৱা জীৱন