পৃষ্ঠা:অনিমা গুহ.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাৰী জাতিটোক মানৱাধিকাৰৰ পৰা বঞ্চিত কৰিছে। নাৰীৰ বিৰুদ্ধে হিংসাত্মক ঘটনা বৃদ্ধিৰ বাতৰি আমি জানিব পাৰো ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনসমূহৰ পৰা।

 ব্যাপকভাৱে সংঘটিত নিপীড়নৰ কাৰণ কি হ’ব পাৰে? সবলে শাৰীৰিকভাৱে দুৰ্বলৰ ওপৰত আধিপত্য বিস্তাৰ কৰা প্ৰাণীজগতৰ নিয়ম বাবে নে? মানুহো প্ৰাণী, গতিকে পেশী শক্তিত বলীয়ান পুৰুষে হয়তো ধৰিয়ে লয় ই তেওঁলোকৰ জন্মস্বত্ব। পিছে মানুহ কেৱল প্ৰাণীয়েই নে? চিন্তা কৰিব পৰা এটা উন্নত মগজুৰ গৰাকী হোৱা বাবে মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা নহয়নে? গণতন্ত্ৰ, সাম্যবাদ, মানৱাধিকাৰ আদিৰ দৰে উচ্চ পৰ্যায়ৰ চিন্তা শিয়াল-কুকুৰে কৰিব পাৰে নে?

 হিন্দু, মুছলমান, খ্ৰীষ্ট সকলোৰে ধৰ্মপুথিত নাৰীক নিম্নখাপৰ প্ৰাণী হিচাপে চিত্ৰিত কৰা হৈছে। ধৰ্ম পুৰুষৰ বাবে। কোনো ধৰ্মই মহিলাক মানুহৰ স্বীকৃতি দিয়া নাই। সত্ৰবোৰত মহিলাৰ প্ৰৱেশ নিষেধ। পুৰুষ প্ৰধান সমাজৰ ৰীতি-নীতিৰ হেঁচাত হাওলি যোৱা মেৰুদণ্ডহীন মহিলাসকলেও মগজুৰ সদ্ব্যৱহাৰ নকৰি পুৰুষ ৰচিত শাস্ত্ৰৰ কথা মানি লয়। ধৰ্মই অধৰ্মৰ মূল নহয়নে? প্ৰাচীনকালৰ সকলো সাহিত্য নাৰীৰ প্ৰতি থকা কটুক্তিৰে ভৰা। স্বামী বিবেকানন্দই ছোৱালীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ কোৱা নাই বিজ্ঞান, দৰ্শন আৰু অৰ্থনীতি। অৰ্থাৎ মহিলাক ঘৰৰ চাৰি বেৰৰ মাজত থকাটোৱে সম্ভৱতঃ তেওঁ বিচাৰিছিল।

 পুৰুষপ্ৰধান সমাজৰ মূল্যবোধ পুৰুষৰ মূল্যবোধ। সমাজত নাৰীৰ যি শাশ্বত ৰূপ গঢ়ি তোলা হৈছে সি পুৰুষৰ সৃষ্টি। মহিলাইও তাক ঈশ্বৰৰ নিৰ্দেশ বুলি ধৰি লৈ প্ৰয়োজন হ’লে নিজৰ অস্তিত্ব বিসৰ্জন দি সেইখন সাঁচত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰে। সীতাই জুইত প্ৰৱেশ কৰিছিল সমাজৰ আগত নিজৰ সতীত্ব প্ৰমাণ কৰিবলৈ।

 পুৰুষ শাসিত সমাজে কোৱামতে নাৰী কেতিয়াও অবলা নহয়। অবলাই সন্তান ধাৰণ আৰু পালন কৰাৰ দৰে কঠিন কাম কৰিব নোৱাৰে। অবলাই দিনটো খেতিপথাৰত বেঁকা হৈ ভূঁই ৰোৱাৰ পাছত ঘৰ-গৃহস্থালি চম্ভালিব নোৱাৰে। তাৰ পাছতো সামান্য কথাত সৌকাৰ কোব খাই পুনৰ কামত সোমাব নোৱাৰে ‘অবলা’ই। পুৰুষৰ আশ্ৰয়ত লতাগছ হেন হৈ জীৱন কটাবলৈ নাৰীৰ পিঠিত অবলা শব্দটোৰ ষ্টাম্প মাৰি ৰখা হৈছে।

 নাৰীৰ শাশ্বত ৰূপটোৰ সৈতে খাপ খুৱাব নোৱৰাসকলক মানসিক নিৰ্যাতন কৰা হয় হটঙা, হস্তিনী, শংখিনী, অসতী, মদ্দানী আদি পুংলিংগবিহীন শব্দৰে। আনকি বন্ধ্যাৰো নাই পুংলিংগ। আজিৰ যুগতো অনেক শিক্ষিত স্ত্ৰী-পুৰুষৰ ধাৰণা নাৰীৰ গৰ্ভ

বাকীছোৱা জীৱন /১৯৭