পৃষ্ঠা:অনিমা গুহ.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছে নাৰী নিৰ্যাতন। আৰব্য ৰজনীত পাওঁ নাৰীৰ প্ৰতি কৰা চৰম অন্যায়ৰ কাহিনী। প্ৰতি নিশা হাৰুল-অল-ৰছিদৰ শোৱনি কোঠাত যোগান ধৰা হৈছিল একোজনীকৈ কুমাৰী কন্যা। পিছদিনা পুৱাই তাইক বিহা হৈছিল মৃত্যুদণ্ড। আমাৰ ৰজা-মহাৰজাসকলৰ হাৰেম উপচি পৰিছিল উপ-পত্নীৰে। মোগল সম্ৰাটসকলে পাশা খেলৰ গুটি হিচাপে ব্যৱহাৰ কৰিছিল বান্দীসকলক। সিন্ধু সভ্যতাৰ চিল-মোহৰ এটাত খোদিত দৃশ্য বিশ্লেষণ কৰি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে সেই সময়ত কুমাৰী বলিদানৰ বিধান প্ৰচলিত আছিল। বিভিন্ন সময়ত বিভিন্ন স্থানত কুমাৰী কন্যাক বলি দিছিল বিভিন্ন কাৰণে— মাটিৰ উৰ্বৰতা বঢ়াবলৈ, অনাবৃষ্টিৰ বতৰত বৃষ্টিপাত ঘটাবলৈ ইত্যাদি। আফ্ৰিকাৰ নীল নদত জলপ্ৰৱাহ অবিৰাম গতিত বৈ থকা গেৰেণ্টিড কৰিবলৈ প্ৰতি বছৰে একোজনীকৈ কুমাৰীক সেই পানীত জীৱন্তে সমাধি দিছিল।

 পাঁচ শতাব্দী আগতে দক্ষিণ আমেৰিকাৰ ইন্কা সাম্ৰাজ্যত কিশোৰী এজনীক বলি দিয়া ঘটনা এটা পোহৰলৈ অহা বেছি দিন হোৱা নাই। ১৯৯৫ চনত পেৰুৰ আমপাট পৰ্বতৰ ২০,৭০০ ফুট উচ্চতাত শুকান পৰিবেশত হিমীভূত হৈ থকা কিশোৰীজনীৰ মমিলৈ ৰূপান্তৰিত দেহটো আৱিষ্কৃত হয়। বিশেষজ্ঞসকলৰ মতে ইন্কা সাম্ৰাজ্যৰ পতনমুখী বছৰবোৰৰ কোনোবা এটা দিনত এণ্ডিজ পৰ্বতৰ চূড়া এটাৰ হিমশীতল পৰিবেশত আঁঠুকাঢ়ি বহিছিল ছোৱালীজনী। তাইৰ কেউপাশে মাটিৰ পাত্ৰত আগবঢ়োৱা হৈছিল দেৱতালৈ নৈবেদ্য। তাই আগফালে সামান্য হাওলিবলৈ লওঁতে কোনোবাই প্ৰচণ্ড জোৰে কোব মাৰি তাইৰ সোঁ চকুটোৰ ওপৰভাগত মূৰটো চিৰাচিৰ কৰে। মস্তিষ্কৰ ৰক্তস্খলনত তাইৰ মৃত্যু হয়। এইদৰে আনুষ্ঠানিকভাৱে ৰূপৱতী কিশোৰী কন্যাক উৎসৰ্গ কৰি তুষ্ট কৰা হৈছিল পৰ্বতৰূপী দেৱতাক। এসময়ত পাৰ্চীসকলৰ কন্যা সন্তানক ওপজাৰ লগে লগে পিতৃয়ে হত্যা কৰাৰ নিয়ম আছিল। অতীতত বংগদেশতো কন্যা সন্তানক গংগাসাগৰত বিসৰ্জন দিয়া হৈছিল।

 এনে বহু নিষ্ঠুৰ উদাহৰণেৰে সমৃদ্ধ পৃথিৱীত নাৰী নিৰ্যাতনৰ ইতিহাস। একেই নিষ্ঠুৰতা আজিও আছে, কেৱল সলনি হৈছে পন্থাৰ। অতীতত আছিল বুলিয়ে আজিও থকাৰ কোনো যুক্তিসংগত কাৰণ নাই। কিয়নো আজিৰ বিশ্বত জ্ঞান-বিজ্ঞান, তথ্য- প্ৰযুক্তি আদিয়ে কল্পনাতীত পৰিৱৰ্তন আনিছে। মানৱাধিকাৰ প্ৰতিষ্ঠাৰ আদৰ্শ হ’ল

বৰ্তমান শতাব্দীৰ অন্যতম প্ৰধান সমাজ ভাৱনা। শিক্ষা, চিকিৎসাৰ সা-সুবিধা, বিশ্বশান্তি, বাক-স্বাধীনতা, নাৰী মুক্তি আন্দোলন, পৰিবেশ সংৰক্ষণ, পৰমাণু শক্তিৰ অপব্যৱহাৰ ৰোধ, মুক্ত চিন্তাৰ অধিকাৰ আদি সেই ভাৱনাৰ অন্তৰ্গত। ক্ৰমবৰ্ধমান নাৰী নিৰ্যাতনে

১৯৬/ বাকীছোৱা জীৱন