পৃষ্ঠা:অনিমা গুহ.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নোখোজো। তেওঁলোক যোৱাৰ পাছত মই বিছনাত শুই দিলো। সিদিনাই উপলব্ধি কৰিলো মই মানসিকভাৱে দুৰ্বল হৈছো। শাৰীৰিকভাৱেও। আগৰ দৰে পূৰ্ণোদ্যমে কাম কৰা বোধকৰো সম্ভৱ নহ’ব। গতিকে সক্রিয় অংশগ্ৰহণৰ পৰা কিছু বিৰত হৈ আছো। বর্তমানে কাম-কাজ আন সদস্যসকলে কৰে। সেই বুলি মই সন্ন্যাস গ্ৰহণ কৰা নাই। যিটো হাৰত সমাজত বিভিন্ন পৰিস্থিতিত মানুহে মানুহক শোষণ-নিষ্পেষণ-নির্যাতন কৰে তাক উৎপাটন কৰা এক দুৰূহ কাম যদিও সচেতন ব্যক্তি হিচাপে চকু মুদি বহি থাকিব নোৱাৰো। সেয়েহে আমাৰ ক্ষুদ্ৰ চেষ্টাৰে যিকণ পাৰো জীৱনৰ শেষ দিনলৈ কৰি যাম।

নাৰীৰ ঐতিহাসিক পৰাজয় : পিতৃতান্ত্রিক সমাজ ব্যৱস্থাৰ পিঞ্জৰাত বন্দিনীসকলৰ বাবে নির্যাতন কোনো নতুন ঘটনা নহয়। আদি প্ৰস্তৰ যুগত সমাজত, সম্ভৱ প্ৰচলিত আছিল আদিম সাম্যবাদ, যেতিয়া স্ত্রী-পুৰুষ নির্বিশেষে সকলোৱে ঘূৰি ফুৰিছিল খাদ্যৰ সন্ধানত। নৱপ্ৰস্তৰ যুগত স্থূল খেতিবাতিৰ আৰম্ভণিৰ সময়তো সমাজৰ গাঁথনি জটিল নাছিল। কৃষি আৱিষ্কাৰৰ পৰৱৰ্তী পৰ্যায়ৰ পৰাই নাৰীৰ পদমর্যাদা নিম্নগামী হ’বলৈ ধৰে। বীজৰ পৰা গছৰ উৎপত্তি — এই আৱিষ্কাৰক নাৰীৰ অৱদান বুলি কোৱা হয়। এনে এক যুগান্তকাৰী আৱিষ্কাৰৰ ফলতে সৃষ্টি হৈছে ভূ-সম্পত্তি, অধিকাৰ আদি ধাৰণাবোৰৰ। এই ধাৰণাসমূহৰ মেৰপাকত পৰি নাৰীৰ হ’ল পুৰুষ নিৰ্ভৰ জীৱন। গৃহবন্দী নাৰী ক্ৰমে পুৰুষৰ ভোগৰ সামগ্ৰী আৰু সন্তান জন্ম দিয়াৰ আহিলালৈ ৰূপান্তৰিত হ’ল। এনে পৰিস্থিতিক এংগেলছে কৈছিল নাৰীৰ ঐতিহাসিক পৰাজয় বুলি।

 এংগেলছৰ ভাষাত – The overthrow of mother right was the world historic defeat of the female sex. The man seized the reins in the house also, the woman was degraded, enthralled, the slave of the man's lust, a mere instrument for breeding children.' (Origin of the Family, Private Property and State).

 এনে এক পৰিস্থিতিত আমাৰ দেশত ধৰ্ম আৰু পিতৃতান্ত্রিক সমাজ ব্যৱস্থাই নাৰীক এষাৰ কথাত ক'বলৈ গ'লে Concentration Camp-ৰ চিৰস্থায়ী বাসিন্দাত পৰিণত কৰিলে। ভাৰততে নহয় পৃথিৱীৰ সৰ্বত্ৰ নাৰীৰ ইতিহাস নিৰ্যাতনৰ এক সুদীৰ্ঘ ইতিহাস। সীতা-দ্রৌপদীৰ যুগৰ পৰা আৰম্ভ কৰি বৰ্তমানকাললৈ নিৰৱচ্ছিন্নভাৱে সংঘটিত হৈ

বাকীছোৱা জীৱন /১৯৫