পৃষ্ঠা:অনিমা গুহ.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হয়। বিয়াত সুখী হ’ব নোৱৰা আন কেইজনীমান অৰ্থনৈতিকভাৱে স্বাধীন আত্মঘাতী ছোৱালীৰ প্ৰাণহীণ দেহবোৰ একে একে আহি আছে মোৰ মনৰ পৰ্দালৈ। বিবাহেই নাৰী জীৱনৰ একমাত্ৰ লক্ষ্য আছিল সৌ সিদিনালৈকে। আজিৰ আধুনিক যেন লগা ছোৱালীবোৰৰো মানসিক উত্তৰণ নোহোৱা দেখিলে হতাশ হওঁ।

 বিবাহিত পুত্ৰৰ অত্যাচাৰ সহিব নোৱৰা এগৰাকী মাক সহায় বিচাৰি আমাৰ ওচৰলৈ আহিছিল। দেউতাকৰ মৃত্যুৰ পাছত মাকো তেওঁলোকৰ দুমহলীয়া ঘৰটোৰ এক তৃতীয়াংশৰ গৰাকী হৈছিল। সকলো বিষয়ত পুতেকৰ ওপৰত নিৰ্ভৰশীল ( আৰ্থিকভাৱে নহয় ) মাকজনীক তেওঁৰ অংশটো পুতেকৰ নামত লিখি দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল নিৰ্দয়ভাৱে। বাতৰি পাই মানুহগৰাকীৰ অসমৰ বাহিৰত থকা জীয়েকে আমাৰ লগত যোগাযোগ কৰিছিল। মহিলাগৰাকীৰ আন এজন আত্মীয়ইও আমাৰ সহায় বিচাৰিছিল। সঁচা কথা ক'বলৈ গ'লে আমাৰ ওচৰলৈ অনেকে আহে যদিও আমাৰ মূলধন একমাত্ৰ মনৰ জোৰ আৰু মানুহক সহায় কৰাৰ মানসিকতা। আমাৰ ঐক্য মঞ্চৰ নাই কোনো ফাণ্ড, নাই কোনো ৰাজনৈতিক ক্ষমতা। সভা-সমিতি পাতিলে সভাস্থলীতে সদস্যসকলৰ পৰা চান্দা আদায় কৰা হয়, কিছু সদাশয় ব্যক্তিয়ে সহায়ো কৰে। কেতিয়াবা নিজকে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ যেন লাগে। যি কি নহওক, নিৰ্যাতিতা মাকগৰাকীৰ জীয়েকক কোৱা হৈছিল— থানাত এজাহাৰ দিবলৈ। দৰবে ভাল কাম দিলে। নিৰ্যাতক পুতেকক থানাত উত্তম-মধ্যম শোধোৱাৰ পাছত সি চিধা হ’ল। কিছুদিনৰ বাবে বোধকৰো তাক ঘৰৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থাও কৰা হৈছিল। অৱশেষত সপৰিয়ালে আহি মাকৰ ভৰিত দীঘল দি পৰিল। মাকৰ দৰে ক্ষমাশীলা পৃথিৱীত দ্বিতীয় এজন নাই। শুনিছো তেওঁলোক মিলাপ্ৰীতিৰ মাজেৰে একেলগে আছে।

 কাকতে-পত্ৰে নাৰী নিৰ্যাতনৰ বিষয়ে পঢ়ো, কিন্তু নিৰ্যাতিতা নাৰী আৰু তেওঁলোকৰ বিবিধ সমস্যাৰ সৈতে মুখামুখি হ’লো নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ গঠন কৰাৰ পাছত। কিছু হাই-প্ৰফাইল নিৰ্যাতিতাও আমাৰ ওচৰলৈ অহা দেখি বিস্ময়বোধ কৰিছিলো। তেওঁলোকে ইচ্ছা কৰিলেই দিল্লী-মুম্বাই-কলকাতাৰ নামী-দামী নাৰী সংগঠনলৈ অনায়াসে যাব পাৰে। কিন্তু আমাৰ ওচৰলৈ আহে। বহু অভিজ্ঞতা হ’ল জীৱনত। আমি জানো আৰক্ষীয়ে নিৰাপত্তা দিয়ে, চোৰ-ডকাইত-প্ৰৱঞ্চক-নিৰ্যাতকক শাস্তি দিয়ে। কিন্তু কোনোবাই বিশ্বাস কৰিব নে উচ্চপদস্থ আই পি এছ বিষয়াই যৌতুকৰ বাবে তেওঁৰ পত্নীক চূড়ান্ত পৰ্যায়ত নিৰ্যাতন কৰে বুলি। গুৱাহাটীত নিযুক্তি পোৱা দক্ষিণ

বাকীছোৱা জীৱন / ১৯৩