পৃষ্ঠা:অনিমা গুহ.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ ‘তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ’ নামৰ প্ৰবন্ধ সংকলনখনত। নাৰী মুক্তি আৰু নাৰী অধিকাৰৰ বাবে ঊনৈশ শতিকাতে আন্দোলন কৰা দেশখনত ১৯৯৪ চনৰ জুনত সংঘটিত বিস্ময়কৰ এটা ঘটনাৰ কিছু অংশ পোনপটীয়া সম্প্ৰচাৰত দেখিছিলো। নাৰী সমগ্র বিশ্বতে নির্যাতিতা— ক'ৰবাত বেছি ক'ৰবাত কম। বিচ্ছেদৰ পাছতো নাৰীৰ যে নিৰাপত্তা নাই তেনে এটা ঘটনা আছিল নিকোল ব্রাউন ছিম্পছন হত্যাকাণ্ড।

 ক্রীড়াজগতৰ বিষয়ে মোৰ জ্ঞান সীমিত। বোধকৰো সেইখন জগতৰ এজন উজ্জ্বল নক্ষত্র অ’ জে ছিম্পছন। ডিভোর্ছী পত্নী নিকোলক কটাৰীৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহত পুলিচে অ' জেক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা দৃশ্যটো আছিল এখন ৰোমাঞ্চকৰ নাটকৰ দৃশ্যৰ দৰে। নব্বৈ মিনিট জোৰা এই দৃশ্যৰ পোনপটীয়া সম্প্ৰচাৰ সমগ্ৰ আমেৰিকাবাসীয়ে প্রত্যক্ষ কৰিছে। সেই নাটকৰ দৰ্শক আছিলো ময়ো। নিজৰ মূৰত পিষ্টলৰ নলীটো লগাই অ’ জেই বন্ধু এজনক গাড়ীখন চলাই যাবলৈ কৈছিল, ৰখালেই আত্মহত্যা কৰিব। পিছে পিছে খেদি গৈছিল এজাক পুলিচৰ গাড়ীয়ে। বাটৰ ট্ৰেফিক বন্ধ হৈছিল। তাৰ ঠাইত আলিবাটৰ দুয়োকাষে থিয় দিছিল হেজাৰ হেজাৰ মানুহ। অ’ভাৰ ব্ৰীজবোৰতো মানুহ গিজগিজাই আছিল আৰু মূৰৰ ওপৰেৰে উৰিছিল বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ হেলিকপ্টাৰ, হাতত কেমেৰা আদি লৈ। অৱশেষত নিজৰ প্রাসাদ গৈ পোৱাৰ পাছত পুলিচৰ হাতত ধৰা দিছিল অ’ জেই। মোৰ যিমান দূৰ মনত পৰে দীঘলীয়া সময়ৰ বাবে তেওঁৰ কাৰাদণ্ড হৈছিল। আমেৰিকাত নাৰী নিৰ্যাতন আৰু তাৰ বিৰুদ্ধে প্রণয়ন কৰা আইন তথা আইনৰ ৰূপায়ণ সম্পর্কে মোৰ উল্লিখিত কিতাপখনত লিখা হৈছে।

 নিজৰ দোষ, নিজৰ অদূৰদৰ্শিতা বা ব্যক্তিত্বহীনতাৰ বাবে কিছুমান ছোৱালী বিপদত পৰে নাইবা নির্যাতন ভোগ কৰে। কম বয়সীয়া হ'লে তেনে ছোৱালীৰ কাষত থিয় হওঁ। কিন্তু জানি-শুনি বাৰে বাৰে ভুল বাটেৰে আগবাঢ়ি গৈ বাৰে বাৰে বিপদক মাতি অনা চঞ্চল স্বভাৱাসকলৰ প্ৰতি অলপো সহানুভূতিশীল নহওঁ। এনে এজনী অবিবাহিতা মাতৃক প্ৰতাৰণা কৰা তেওঁৰ প্ৰেমিকৰ বিৰুদ্ধে মাত নমতা বাবে কেইজনমান সমাজসেৱী ডেকাৰ দ্বাৰা নিন্দিত হৈছিলো। খা-খবৰ লৈ জানিব পাৰিছিলো একেজন প্রেমিকে বিয়াৰ প্ৰলোভন দেখুৱাই ২৬/২৭ বছৰীয়া গাভৰুজনীৰ লগত দৈহিক সম্পর্ক স্থাপন কৰিছিল। ইয়াৰ আগতে কেইবাবাৰো তেওঁ গর্ভপাত কৰোৱায়। প্ৰথমবাৰ প্ৰতাৰিত হোৱাৰ পাছত বয়সীয়া গাভৰুজনী কিয় আকৌ একেজনৰে জালত পৰিল। কিশোৰী

বাকীছোৱা জীৱন / ১৯১