পৃষ্ঠা:অনিমা গুহ.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰি আগলৈ ‘হঠাতে’ কৰা ভুলৰ বহিঃপ্ৰকাশ নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল। দুদিনমানৰ পাছত ‘পূনৰ্মূষিক ভৱ’ পৰিস্থিতি। আমি কৈছিলো অৰ্থনৈতিকভাৱে স্বাধীন মানুহগৰাকীক সেইখন ঘৰ ত্যাগ কৰি আন ঠাইলৈ যাবলৈ। তেওঁ ক'লে এতিয়া বাস কৰা এপাৰ্টমেণ্টটো কিনোতে দুই-তৃতীয়াংশ টকা হেনো তেৱেঁই দিছে। তেওঁৰ এই সমস্যা সমাধান কৰা সহজ নহয়। ক’লো মাক-দেউতাকৰ লগত আলোচনা কৰিবলৈ। তেওঁলোক প্ৰয়াত। ককায়েক-ভায়েক? ভনীয়েকৰ জীৱনৰ সমস্যাৰ লগত আজিৰ ব্যস্ততাৰ দিনত কোনেও সাঙোৰ খাব নোখোজে। গতিকে তেওঁলোকৰ মতে ভনীয়েকৰহে দোষ। দ্ৰৌপদীয়ে পাঁচোটাকৈ স্বামীক চম্ভালিছিল, তাই এটাকো নোৱাৰে নে? এৰা, ঠিকেই কৈছে পিতৃপ্ৰধান সমাজত ‘যত দোষ নন্দঘোষ’ৰূপী ব্যক্তিজন সদায় মহিলাগৰাকীয়ে হ’ব লাগে। বিবাহ-বিচ্ছেদে উত্তম উপায় বুলি আমি কোৱাত তেওঁ ভয় খাইছে কিজানিবা শিশু পুত্ৰ-কন্যা দুটাৰ দায়িত্ব দেউতাকেই পায়। যিমানদূৰ জানো নাবালক সন্তানৰ দায়িত্ব বৰ্তায় মাকৰ ওপৰত৷ সোণালী জীৱন এটা কটাবলৈ মানুহে বিবাহপাশত আবদ্ধ হয়। কিন্তু এনে পৰিণতি দেখিলে বিবাহ প্ৰতিষ্ঠানটোৰ ওপৰত আস্থা হেৰুৱাও। কিছুদিনৰ আগতে আদালতত বিবাহ-বিচ্ছেদ সম্পৰ্কীয় গোচৰবোৰৰ কলেৱৰ বৃদ্ধি হৈ থকা দেখি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এগৰাকীয়ে কৈছিল marriages are made in heaven, কিন্তু মৰ্ত্যলৈ নামি অহাৰ পাছত কিয় বা ভাঙোন ধৰে!

 অৰ্থনৈতিকভাৱে স্বাধীন আৰু থকা ঘৰটোৰ গৰাকী হ’লেও যে মহিলাৰ নিৰাপত্তা নাই তাৰ এটা জ্বলন্ত উদাহৰণ বোধকৰো গুৱাহাটীৰ মানুহে পাহৰা নাই। বেচেৰী এম এ পাছ শিক্ষয়িত্ৰীগৰাকী নিৰাপত্তাৰ সন্ধানত আইনৰ দুৱাৰে দুৱাৰে ঘূৰি প্ৰাপ্য অধিকাৰতো নাপালেই, শেষত জীৱনটো স্বামীৰ দিয়াচলাইৰ কাঠিত দিবলগীয়া হৈছিল। আমিও তেওঁক বচাব নোৱাৰিলো। তাৰ বাবে আজিও বিবেক দংশনত ভুগো। স্বামী-স্ত্ৰীৰ মাজত হোৱা ঘৰুৱা কন্দলক পুলিচে গুৰুত্ব দিব নোখোজে। আমাৰ ইয়াতে নহয়, আমেৰিকাৰ দৰে স্বাধীন আৰু মুক্ত নাৰীৰ দেশতো এনেবোৰ গোচৰ গুৰুত্বহীন। হত্যা বা সশস্ত্ৰ ডকাইতিৰ বাতৰি পালে যিটো গতিত পুলিচ ঘটনাস্থলীত ওলায়হি ঘৰুৱা সংঘৰ্ষৰ ক্ষেত্ৰত সেই তৎপৰতা দেখা নাযায়। নিৰ্যাতিতা নাৰীক অৱজ্ঞা কৰি থূপতে এওঁলোকক ‘ডমেছটিক্স’ বুলি কৈ থয় আমেৰিকাৰ পুলিচে। কেইবাটা হাই-প্ৰফাইল হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত পুলিচ কিছু সজাগ হৈছে।

 আমেৰিকাত চকুৰ আঁৰত হোৱা গৃহযুদ্ধ আৰু তাৰ পৰিণাম সম্পৰ্কে লিখিছো

বাকীছোৱা জীৱন / ১৮৯