পৃষ্ঠা:অনিমা গুহ.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বলাৎকাৰীজনৰ ফাঁচী হৈছিল, ফাঁচী হৈছিল উত্তৰ প্ৰদেশৰ এজন ডেকাৰো। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে কোৱাৰ অধিকাৰ আমাৰ নাই যদিও প্ৰশ্ন এটা মনত থাকি গ'ল — বিৰলৰ মাজত বিৰলতম ঘটনা তেনেহ'লে কাক কোৱা হয়।

 বৰ্ণালী ইছ্যুটোৰ পাছত নিৰ্যাতনবিৰোধী ঐক্য মঞ্চৰ ওপৰত অনেকৰ আস্থা বাঢ়িছে। বহু নিৰ্যাতিত নাৰী সহায় বিচাৰি আমাৰ ওচৰলৈ আহে। কত ধৰণৰ যে নিৰ্যাতন! বাহিৰৰ পৰা সুখী যেন লগা কিছুমান দম্পতীৰ ভিতৰি কিমান যে অশান্তি। নিৰ্যাতনৰ কোনো বয়স নাই। স্তম্ভিত হৈ গৈছিলো যিদিনা তিনিগৰাকী প্ৰাপ্তবয়স্ক বিবাহিত ভাই-ভনী আমাৰ ওচৰলৈ পঁচাশী বছৰ বয়সীয়া দেউতাকৰ বিৰুদ্ধে কি শাস্তিমূলক ব্যৱস্থা লোৱা যায় পৰামৰ্শ বিচাৰি আহিছিল। ভয়ংকৰ অশান্তিৰ মাজেৰে ওৰে জীৱন কটাবলগীয়া হৈছে মাকে, বুঢ়া বয়সতো যাৰ অন্ত পৰা নাই। বৰ্তমানে খোৱা-পিন্ধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। লাজ-মান কাতি কৰি মাকে জীয়েকহঁতৰ আগত তেওঁ যৌন নিৰ্যাতনৰ বলি বুলি দুখ কৰে। এটা সময়ত তেওঁ হেনো স্বামীৰ ভৰিত ধৰি অনুৰোধ কৰিছিল দ্বিতীয় বিবাহ কৰাবলৈ। ষাঠি-সত্তৰ বছৰ বয়সতো চলিছিল এই নিৰ্যাতন। মানুহজন অৱসৰপ্ৰাপ্ত চৰকাৰী পেন্সনাৰ, সমাজত নাম আছে। আমি এপালি কাঢ়া দৰব দিয়াৰ পাছত বুঢ়ীৰ লগত মাত-বোল নাথাকিলেও খাবলৈ পিন্ধিবলৈ খৰচ দিছিল। অৰ্থনৈতিক স্বাধীনতা নথকা মহিলাৰ কি যে দুৰ্গতি!

 এবাৰ দামী গাড়ী এখন ড্ৰাইভ কৰি আহিছিল কথা-বতৰা, চেহেৰা-পাতি, সাজ-পাৰত এগৰাকী ঈৰ্ষণীয় আধুনিকা। দেখাত সুখী যেন লগা ৰূপৱতীজনী কিন্তু ভিতৰি নিঃস্ব। প্ৰতি নিশা মদ্যপান কৰি অহা স্বামীজনে হেনো তেওঁক প্ৰাণভৰি প্ৰহাৰ কৰে। শৰীৰৰ ক্ষতবোৰ ঢাকি ৰাখিবলৈ তেওঁ চাৰ্ট পিন্ধি আহিছিল। বুকুৱে-পিঠিয়ে-ডিঙিয়ে-হাতে কালসিৰাবোৰ দেখি মানুহগৰাকীক থানাত এজাহাৰ দিবলৈ কোৱাত তেওঁ মান্তি নহ’ল। কাৰণ দেউতাকক গ্ৰেপ্তাৰ কৰিলে ল’ৰা-ছোৱালী দুটাৰ ভৱিষ্যৎ এন্ধাৰ হ’ব। তেনেহ'লে আমাৰ ওচৰলৈ অহাৰ অৰ্থ কি? ক’লে এটা চাকৰিৰ সন্ধানত আহিছিল তেওঁ। চাকৰিটো পালে মাৰ খাই থাকিবলগীয়া নহ'ব। সন্তান দুটাক লৈ ওলাই আহিব ঘৰৰ পৰা। পিছে চাকৰি দিয়াৰ ক্ষমতাতো আমাৰ নাই!

 আন এদিনৰ কথা। সিদিনাও আহিছিল এগৰাকী নিজৰ গাড়ীত। পিছে এওঁ উপাৰ্জনশীলা, নাম কৰা কোম্পানী এটাত উচ্চ পদস্থ বিষয়া। তেওঁৰো একেই সমস্যা— স্বামীৰ অত্যাচাৰ। পাণবজাৰ মহিলা থানাত গোচৰ তৰিছিল। স্বামীজনক তালৈ মাতি পঠোৱাৰ পাছত মিঠা মিঠা কথাৰে বুদ্ধিমান মানুহজনে সকলোকে মোহিত

১৮৮/ বাকীছোৱা জীৱন