পৃষ্ঠা:অনিমা গুহ.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুজনৰ মৃত্যুদণ্ড হোৱাৰ বাতৰি পাই তেওঁলোকৰ দগ্ধ অন্তৰে কিছু শান্তিও পাইছিল। বৰ্ণালী হত্যাৰ বিচাৰ আৰম্ভ হোৱাৰ দিনৰে পৰা প্ৰতিটো তাৰিখে আমি আদালতত উপস্থিত থাকিছিলো। ইয়াৰ আগতে আদালতৰ ভিতৰখন চিনেমাতহে দেখিছিলো। বৰ্ণালীৰ মাক-দেউতাকৰ সাক্ষ্য ল’বৰ দিনা এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছিল। অপৰাধী দুজনক দেখি বৰ্ণালীৰ দেউতাক কাঠগড়াতে অচেতন হৈ পৰিছিল। শেষ বিচাৰৰ দিনা আদালত চৌহদ হৈছিল লোকে লোকাৰণ্য। এওঁলোকৰ মাজত আছিল বাহিৰৰ পৰাও অহা বৈদ্যুতিন তথা ছপা মাধ্যমৰ সাংবাদিক। আদালত কক্ষৰ পৰা ওলাই আহিবৰ সময়ত পল্টনবজাৰ থানাৰ অ' চিয়ে সহায় নকৰা হ'লে মই কিজানি মানুহৰ হেঁচা-ঠেলাত তাত মূৰ্ছা গ'লোহেঁতেন। ৰায় শুনি সন্তুষ্ট হৈছিলো যদিও ডেকা অপৰাধীজনৰ হিয়া ভগা কান্দোনে মোৰ অন্তৰ কঁপাই তুলিছিল। বুঢ়াটোৰ বাবে অৱশ্যে অলপো অনুকম্পা বোধ কৰা নাই। শুনিছো মানুহজনৰ দুষ্কৰ্মত লজ্জিত হৈ তেওঁৰ পৰিয়ালটোৱে গুৱাহাটী এৰিছে।

 উচ্চ আদালততো নিম্ন আদালতৰ ৰায়টো বাহাল থাকিল। বৰ্তমান বিশ্বৰ বহু দেশত মৃত্যুদণ্ড উঠাই দিয়া হৈছে। আমাৰ ইয়াতো এইবিধ শাস্তিৰ বিৰুদ্ধে জনমত গঠন হোৱা পৰিলক্ষিত হৈছে। বৰ্ণালী বিচাৰৰ ৰায় ওলোৱাৰ পাছত আমাৰ চকুৱে-মুখে আনন্দৰ অভিব্যক্তি দেখি কেইগৰাকীমান বুদ্ধিজীৱীয়ে মৃত্যুদণ্ডৰ বিৰুদ্ধে প্ৰবন্ধ লিখা মনত পৰে। দৰাচলতে যাৱজ্জীৱন কাৰাদণ্ড কিছুমান অপৰাধীৰ বাবে যোগ্য শাস্তি নহয় যেন লাগে। নামত যাৱজ্জীৱন হ’লেও প্ৰকৃততে বাৰ-তেৰ বছৰৰ বাবেহে কাৰাদণ্ড হয়। বৰ্ণালী হত্যাৰ অপৰাধী দুজন বাৰ বছৰ পাছত ওলাই আহি আকৌ একেই পৈশাচিক কাণ্ডত লিপ্ত নহ'ব বুলি কোনে গেৰাণ্টি দিব পাৰে। প্ৰকৃত অৰ্থতে সিহঁতক আজীৱন জে’লত ৰাখিব পৰা হ'লে যোগ্য শাস্তি হোৱা বুলি ভাবিব পাৰিলোহেঁতেন। সিহঁতৰ দৰে নিকৃষ্ট মানুহৰ মুকলিকৈ বাস কৰাৰ অধিকাৰ আছে জানো?

 ‘বিৰলৰ মাজত বিৰলতম’ অপৰাধত লিপ্ত অপৰাধীক হেনো মৃত্যুদণ্ড দিয়া হয়। উচ্চতম ন্যায়ালয়ে বৰ্ণালীৰ দৰে সাত বছৰীয়া শুই থকা শিশুটিক সুৰক্ষিত বাছ আস্থানৰ পৰা তুলি নি বলাৎকাৰ কৰি হত্যা কৰা বৰ্বৰোচিত ঘটনাটোক ‘বিৰলৰ মাজত বিৰতলম’ বুলি স্বীকাৰ নকৰি নিম্ন আৰু উচ্চ আদালতে বিহা মৃত্যুদণ্ড নাকচ কৰিছে। উচ্চতম আদালতৰ এই ৰায়ে বৰ্ণালীৰ মাক-দেউতাকক যথেষ্ট আঘাত দিছে। আমিও হতাশ হৈছো। কিয়নো একেই অপৰাধত কলকাতাত ধনঞ্জয় নামৰ

বাকীছোৱা জীৱন /১৮৭