পৃষ্ঠা:অনিমা গুহ.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাৰি লোৱা বিছনাত আশ্ৰয় লোৱাৰ লগে লগে টোপনিত লালকাল হৈ পৰিছিল। ৰাতি নৌপুৱাওঁতে সাৰ পাই সাত বছৰীয়া জীয়েক বৰ্ণালীক বিছনাত নেদেখি স্বাভাৱিকতেই মাক-দেউতাকৰ বুকু কঁপি উঠে। ক’তো বিচাৰি-খোচৰি নাপাই ওচৰৰ পল্টন বজাৰ থানালৈ তেওঁলোক যায়। বাছ আস্থানৰ চৌৱন্ন বছৰীয়া চকীদাৰটোৱে হেনো ধমকি দি কৈছিল দুটা নহয় এটা সন্তানকহে তেওঁলোকে আনিছিল। যি কি নহওক বৰ্ণালীক জীৱিত নহয়, মৃত অৱস্থাত আৱিষ্কাৰ কৰা হ’ল শৌচাগাৰ সংলগ্ন ছেপটিক টেংকত! সেই কাল নিশা দেউতাক-মাকৰ মাজৰ পৰা ককাকৰ বয়সীয়া যমদূতৰূপী চকীদাজনে কণমানি শিশুটিক উঠাই নি বলাৎকাৰ কৰে। অকলে নহয় আন এজন পাষণ্ড হেণ্ডিমেনৰ সহযোগত। সেই ৰাতি শিশুটিৰ ওপৰত কি ভয়ংকৰ অত্যাচাৰ সংঘটিত হৈছিল তাক আমি কল্পনাও কৰিব নোৱাৰো। কোৱা বাহুল্য এই নাৰকীয় ঘটনাই বিশ্বত জোকাৰণি তোলে। বি বি চিৰ বাতৰিত ঘটনাটোৰ বিষয়ে শুনা বুলি আমাৰ বোৱাৰীয়ে জনাইছিল।

 এই বৰ্বৰ ঘটনাৰ প্ৰতিবাদত পঁচপন্নটামান নাৰী আৰু সামাজিক-সাংস্কৃতিক সংগঠনক একত্ৰিত কৰি নিৰ্যাতনবিৰোধী ঐক্যমঞ্চ নামেৰে এটা অনুষ্ঠান গঠন কৰা হ’ল। ই আছিল সম্পূৰ্ণ অৰাজনৈতিক অনুষ্ঠান। দলীয় ৰাজনৈতিক মতাদৰ্শৰ ঊৰ্ধ্বত থাকি সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগী সন্মুখত ৰাখি নৱগঠিত অনুষ্ঠানটোৱে বৰ্ণালী হত্যাৰ প্ৰতিবাদত এক শক্তিশালী আন্দোলন গঢ়ি তোলে। জন্মলগ্নৰে পৰা অনুষ্ঠানটোৰ সৈতে যতীন্দ্ৰ কুমাৰ বৰগোহাঁঞি, সুমিত্ৰা হাজৰিকা, সবিতা লহকৰ, চম্পা বড়া, দীপ্তি বৰুৱা, শংকৰ শইকীয়া, মুকুল কলিতা, মুনীন মহন্ত, প্ৰণতি হাজৰিকা, জীমণি চৌধুৰীকে ধৰি ময়ো জড়িত হৈ আছো। অতন্দ্ৰ প্ৰহৰীৰ দৰে বৰ্ণালী হত্যাৰ বিচাৰ ব্যৱস্থা নিৰীক্ষণ কৰি আছিলো মঞ্চৰ প্ৰতিজন সদস্যই। আমিয়ে নহয় সমগ্ৰ অসমৰ ৰাইজেও সহযোগ কৰিছিল এই বৰ্বৰ কাণ্ডৰ প্ৰতিবাদত। কোৱা বাহুল্য যিকোনো প্ৰতিবাদত বিৰোধী ব্যক্তিও থাকে। গতিকে সাক্ষ্যদান কৰিবলৈ ত্ৰিপুৰাৰ পৰা বৰ্ণালীৰ দেউতাক মাক গুৱাহাটীলৈ আহিবৰ সময়ত ত্ৰিপুৰা আৰু অসম চৰকাৰে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰিবলগীয়া হৈছিল। কিছুমান দুৰ্বৃত্তই হেনো দুখীয়া পৰিয়ালটোক প্ৰায়ে ভাবুকি দিছিল। আগৰতলাত ত্ৰিপুৰাৰ ৰাজ্যিক মহিলা আয়োগৰ তেতিয়াৰ চেয়াৰপাৰ্চন অধ্যাপিকা মীনাক্ষী সেনে পৰিয়ালটোক নানাভাৱে সহায় কৰিছিল। সাক্ষ্যদান কৰিবলৈ আহোতে তেৱোঁ লগত আহিছিল।

 বৰ্ণালীক তাইৰ মাক-দেউতাকে ঘূৰাই পোৱাটো অসম্ভৱ যদিও তাইৰ হত্যাকাৰী

বাকীছোৱা জীৱন /১৮৫