পৃষ্ঠা:অনিমা গুহ.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৈছিল— ‘পাৰ্থক্য এটাই। আমাৰ কাষ্টমাৰ এজন।'

 মুষ্টিমেয় সচেতন গৃহিণীকেইগৰাকীৰ মন্তব্য শুনি হাঁহিছিলো যদিও কিমান গভীৰ দুখত যে সেইদৰে কৈছিল! পুৰুষপ্ৰধান সমাজে যুগ যুগ ধৰি নাৰীক অৱজ্ঞাই নহয়, নিৰ্যাতনো কৰিছে নানাভাৱে। বাল্যবিবাহ, সতীদাহ প্ৰথা, সামাজিক পদমৰ্যাদাৰ পৰা বঞ্চিত হোৱা আদি আছিল নাৰী জীৱনৰ অভিশাপ। অসমত জনজাতীয় গোষ্ঠীৰ প্ৰভাৱত পণ–প্ৰথা আৰু সতীদাহ-প্ৰথাৰ প্ৰচলন নাছিল যদিও বৰ্ণহিন্দু মহিলাৰ জীৱন অত্যন্ত পুতৌ লগা আছিল। পুৰুষতান্ত্ৰিক সমাজত ঘাইকৈ পুৰুষৰ দ্বাৰাই নাৰী উপেক্ষিতা হ'বলগীয়া হৈছিল যদিও নিৰ্যাতিতা নাৰীসত্তাক প্ৰথম স্বীকৃতি দিছিল ঊনৈশ শতিকাত পুৰুষে।

 তেতিয়াৰে পৰা প্ৰায় দুটা শতিকা পাছত গৃহিণী শ্ৰেণীটোক ভিক্ষাৰী, কয়দী আৰু বেশ্যাৰ শাৰীৰ পৰা তুলি আনি যথাযোগ্য স্থানত উপবিষ্ট কৰাবলৈ ২০১০ চনৰ ২২ জুলাইত এটা ৰায়ৰ যোগেদি আগবাঢ়ি আহিছে আন দুগৰাকী পুৰুষ।

 উচ্চতম ন্যায়ালয়ৰ বিচাৰক ন্যায়াধীশ জি এছ সিংভী আৰু ন্যায়াধীশ এ কে গাংগুলীয়ে এটা গোচৰৰ ৰায় দিবলৈ যাওঁতে আৱিষ্কাৰ কৰিলে যে ভাৰতৰ লোকগণনা আইনে অনুৎপাদনশীল কৰ্মী হিচাপে গৃহিণী শ্ৰেণীটোক কয়দী, ভিক্ষাৰী আৰু বেশ্যাৰ সৈতে একে শাৰীতে ঠাই দিছে। তেওঁলোকে এইখন আইনক কঠোৰ ভাষাৰে নিন্দা কৰি কৈছে যে দেশৰ সাংসদসকলে অনতিপলমে পুৰণি আইন সংশোধন কৰি নতুন আইন প্ৰণয়ন কৰক। মাতৃসকলক যথাযোগ্য স্থান দিয়ক। তেওঁলোকে কয় যে এগৰাকী গৃহিণীৰ মূল্য আৰু তেওঁলোকৰ অৱদানৰ পৰিমাণ জুখি উলিওৱাৰ ক্ষমতা কাৰো নাই। অতি নিৰ্দয়ভাৱে কোৱা হৈছে যে গৃহিণী এগৰাকী অৰ্থনৈতিকভাৱে উৎপাদনশীল নহয়। তেওঁলোকক ভিক্ষাৰী, কয়দী আৰু বেশ্যাৰে একেখন আসনত বহুৱাই অপমান কৰাৰ সাহস আৰু অধিকাৰ আইন প্ৰণেতাসকলে ক’ত পালে। হয়তো অদূৰ ভৱিষ্যতে লোক গণনা আইনখন সংশোধিত হ’ব। মোৰ দুখ গৃহিণীসকলে অপমানৰ প্ৰতিবাদ নকৰিলে কিয়?

 মাজে মাজে হতাশাই মনটো ছাটি ধৰে। আদৰ্শ-সুস্থ সমাজ— য'ত নাৰী-পুৰুষৰ বৈষম্য নাথাকিব— এখন গঢ়িব পাৰিম বুলি বৰ আশা কৰিছিলো নিজৰ ক্ষুদ্ৰ শক্তিৰে। বহুদিনৰ পৰা পৃষ্ঠাৰ পাছত পৃষ্ঠা জুৰি বহুত কিবা কিবি লিখি আছো। বিয়াৰ আগত দৰা-কইনাৰ তেজ পৰীক্ষা কৰোৱাৰ বিষয়টো তাৰ মাজত এটা। কোনোবাই কথাষাৰ শুনে নে? সেই যে মান্ধাতা যুগতে সোঁৱৰণী মিলোৱা ধাৰণাটোৰ জন্ম দিলে কোনোবাই

বাকীছোৱা জীৱন /১৮৩