পৃষ্ঠা:অনিমা গুহ.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফাণ্ড বেচ টনকিয়াল। কলকাতাৰ ফুটপাথবাসী বুঢ়ী ভিক্ষাৰী এজনীৰ মৃত্যুৰ পাছত গাৰুৰ তলত পোৱা গৈছিল পঁচিশ বছৰ আগতে পঁচিশ হেজাৰ টকাৰ এটা টোপোলা। দক্ষিণ ভাৰতৰ ভিক্ষাৰীবোৰ হেনো বেচ চহকী। গৃহিণীৰো উপাৰ্জন নথকা নহয়। তেওঁলোকৰ উপাৰ্জনৰ উৎস দুটা। অনেকক দেখিছো খোৱা-বোৱা বাবদ মাহটোৰ খৰচ চলাবলৈ গৃহস্থই একেলগে কিছু টকা গৃহিণীৰ হাতত দিয়ে। সুগৃহিণীসকলে তাৰ পৰা কিছু ৰাহি কৰি নিজৰ তহবিলত জমা কৰে। কিছুমানে স্বামীৰ পকেট মাৰে। স্বামীৰ উপাৰ্জন বেছি হ’লে তেওঁৰো হয়।

 মনত পৰিল কলিকতীয়া বান্ধৱী বেলাৰ জীয়েক টুনীলৈ। বেলা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল গৃহিণী, অৰ্থাৎ ডবল ডিউটি মহিলা। পুৱাৰে পৰা টাকুৰি ঘূৰাদি ঘূৰি ঘৰুৱা কাম-বন সামৰি থিয়ই থিয়ই দুগৰাহ গিলি কাপোৰখন মেৰিয়াই বাছ ষ্টেণ্ডলৈ বুলি ঢাপলি মেলে। শিশু বয়সৰে পৰা টুনীয়ে মাকৰ এই বিধ্বস্ত অৱস্থা দেখিছে। ইয়াৰ বিপৰীতে দেউতাকক দেখিছে আৰামত জীৱনটো কটোৱা। মাকে যেতিয়া লৰা-ঢপৰা কৰি কাম সামৰে দেউতাকে তেতিয়া ভৰিৰ ওপৰত ভৰিখন তুলি দি বাতৰি কাকত পঢ়ে, দাঢ়ি খুৰায়, আইনাৰ আগত থিয় হৈ টাইৰ গাঁঠি মাৰে আলফুলকৈ। টুনীয়ে মনে মনে সিদ্ধান্ত লৈছিল তাই বিয়াৰ পাছত ফুল টাইম গৃহিণী হ’ব।

 এবাৰ গৰম বন্ধত মোমায়েকৰ ঘৰত পোন্ধৰ দিন কটাই টুনী উভতি আহিল পৰিৱৰ্তিত দৃষ্টিভংগী লৈ। ফুল টাইম গৃহিণী মামীয়েকে মোমায়েকৰ ওচৰত টকা কেইটামান বিচাৰি যাওঁতে মোমায়েকে হেনো ইমান ঘনাই পইচা কিয় লাগে বুলি প্ৰশ্ন কৰিছিল। লগতে কৈছিল টকা আৰ্জিবলৈ কিমান কষ্ট কৰিব লাগে দিনটো ঘৰত আৰাম কৰাসকলে জানিব কেনেকৈ? টুনীৰ জাধলী মাকজনীলৈ মনত পৰিছিল। তেওঁতো কোনো দিনে ভিক্ষাৰীৰ দৰে দেউতাকৰ ওচৰত হাত পতা নাই। তাই চাকৰি কৰিব৷ পিছে দেউতাকৰ দৰে ঘৰুৱা কাম নকৰা মানুহক নকৰায়। ফিফ্‌টি ফিফ্‌টি হাৰত কাম ভগাই ল’ব। নকৰিলে ঘৰৰ পৰা গতিয়াই উলিয়াই দিব। আজিৰ পুৰুষৰ মাজত বহু পৰিৱৰ্তন আহিছে। তেওঁলোক অনেকে ঘৰুৱা কামত ঘৈণীয়েকক সহায় কৰে, শিশুৰ কেথা ডায়েপাৰ সলাই দিয়ে, ভাত ৰান্ধে। পিছে কিছুমানে প্ৰকাশ্যে আনৰ সমুখত নকৰে, জানোচা কোনোবাই তিৰোতা সেৰুৱা বুলি কয়।

 যি কি নহওক আলোচনাত বহা নিৰ্ভেজাল গৃহিণীসকলে তেওঁলোকক কয়দী আৰু ভিক্ষাৰীৰ শাৰীত স্থান দিয়া বাবে লোকগণনা আইনত ত্ৰুটি বিচাৰি নাপালে। তৃতীয় আনটো শ্ৰেণীভুক্ত কৰাৰ সপক্ষে যুক্তি কি, সুধিছিলো। এগৰাকীয়ে টপৰাই

১৮২/ বাকীছোৱা জীৱন