পৃষ্ঠা:অনিমা গুহ.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নিৰ্ভেজাল গৃহিণী অৰ্থাৎ অৰ্থ উপাৰ্জন নকৰা গৃহিণীসকলক ক’বলৈ মন যায় তেওঁলোকে সচেতন হৈ উপলব্ধি কৰক যে বিয়া হ'বৰ পিছদিনাৰে পৰা নিজৰ ঘৰ বুলি গ্ৰহণ কৰা এই ঘৰখনৰ শ্ৰীবৃদ্ধিৰ বাবে উদয়াস্ত খাটনি খটাৰ পাছত পুৰুষপ্ৰধান ভাৰত চৰকাৰে তেওঁলোকক কাৰ লগত ক’ত স্থান দিছে।

 অৰ্থোপাৰ্জন নকৰা মহিলাসকল হেনো অৰ্থনৈতিকভাৱে অনুৎপাদনশীল কৰ্মী। মানিছো তেওঁলোকে দৃশ্যমান দৰমহা ঘৰলৈ আনিব নোৱাৰে, কিন্তু অদৃশ্যমান কিমান ধন যে ৰাহি কৰে তাক সচেতনভাৱে আমিও নাভাবো। জাতীয় আয়ৰ টোপোলাত দেখদেখকৈ নিৰ্ভেজাল গৃহিণী শ্ৰেণীটোৰ কোনো অৱদান নাই, গতিকে তেওঁলোক economically unproductive worker. অৱশ্যে গৃহিণীসকলৰ দৰে অৰ্থনৈতিকভাৱে অনুৎপাদনশীল মানুহ ভূ-ভাৰস্তত নোহোৱা নহয়। এনে মানুহবোৰক একেটা গোহালিৰ গৰুৰ দৰে ১৯৪৮ চনতে ৰচনা কৰা ভাৰত চৰকাৰৰ লোক গণনা আইনে একেলগে থূপ খুৱাই থৈছে।

 কোন এওঁলোক? আৰু কোন কোন শ্ৰেণীৰ ভাৰতীয় অৰ্থনৈতিকভাৱে অনুৎপাদনশীল? এওঁলোক হ’ল কয়দী, ভিক্ষাৰী আৰু বেশ্যা। ২০১০ চনৰ ২৩ জুলাইৰ বাতৰি কাকতত পঢ়ি প্ৰথমতে চিন্তাশক্তি হেৰুৱাই পেলাইছিলো। বিষয়টো আলোচনা কৰিলো কেইগৰাকীমান গৃহিণীৰ লগত, আকৌ চিন্তাশক্তি হেৰুৱালো কাৰো কোনো প্ৰতিক্ৰিয়া নেদেখি। দিনটো গেবাৰি খাটোতে খাটোতে গৃহিণীসকলে আত্মসন্মানবোধ হেৰুৱাই পেলাইছে নে মান-অপমানবোধৰ ঊৰ্ধ্বত ধ্যানমগ্ন ঋষি-মুনিৰ পৰ্যায়লৈ উন্নীত হৈছে উপলব্ধি কৰিব পৰা নাছিলো।

 বহু চিন্তা কৰি তেওঁলোকৰ নিৰ্লিপ্ততাৰ আন এটা কাৰণ বিচাৰি পালো। হয়তো তেওঁলোকে ভাবে গোলাপক ভিক্ষাৰী বুলি ক'লেও গোলাপ গোলাপেই, কয়দী বুলি ক’লেও গোলাপেই, বেশ্যা বুলিলেও গোলাপৰ মৰ্যাদা হ্ৰাস নহয়, তেওঁলোকো মানুহ।

 কিছুমানে আকৌ ক’লে চৰকাৰে ভুলটো ক’ত কৰিলে? গৃহিণীসকল কয়দী নহয় নো কি? তেওঁলোকৰ ভৰি দুখন অদৃশ্য শিকলিৰে বান্ধি থোৱা। গৃহস্থ ওলাব খুজিলেই ওলাব পাৰে গৃহিণীয়ে নোৱাৰে। এগৰাকী মহিলাই দুখ কৰি কৈছিল— গুৱাহাটীৰ পৰা তেজপুৰলৈ বহু বছৰ মাকক চাবলৈ যাব পৰা নাই, কাৰণ শাহু অসুস্থ, আলপৈচান ধৰিব লাগে। কিন্তু যাৰ মাক তেওঁ টলৌ টলৌকৈ ঘূৰি ফুৰে।

 গৃহিণীসকল ভিক্ষাৰীও, কৈছিল এগৰাকীয়ে। আচলতে ভিক্ষাৰীৰো অধম। জাতীয় আয়ত অৱদান নাথাকিলেও ভিক্ষাৰীৰ উপাৰ্জন নথকা নহয়। কিছুমান ভিক্ষাৰীৰ

বাকীছোৱা জীৱন / ১৮১