পৃষ্ঠা:অনিমা গুহ.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম পাঠ শিকালে— সৃষ্টিৰ দুটা ৰূপৰ এটা পুৰুষ, যাৰ পৃথিৱীখন আনটো ৰূপ নাৰীৰ পৃথিৱীখনতকৈ বেলেগ। পুৰুষ উচ্চতৰ পৃথিৱীৰ বাসিন্দা, নাৰী নিম্নতৰৰ। তেতিয়াই মোৰ মন বিদ্ৰোহী হৈ উঠিছিল, কিয় এই পক্ষপাতিত্ব? তাৰ কাৰণ বিচাৰি হাবাথুৰি খাই ফুৰিছো তেতিয়াৰে পৰা আজিৰ তাৰিখলৈকে। পুৰুষ-নাৰীৰ বৈষম্য আৱিষ্কাৰ কৰিবলৈ কিবা কিতাপ পঢ়িব লাগেনে? অসমত নাৰী মুক্তিৰ ধ্বজাধাৰিণী দৈশিংৰী গাঁৱৰ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নাৰীমুক্তিৰ পথ বিচাৰি কিতাপ পঢ়িছিল নে? চন্দ্ৰপ্ৰভাৰ কাষৰে-পাজৰে থিয় দিয়াৰ যোগ্যতা মোৰ নাই। কিন্তু মোৰ সীমিত বিদ্যা- বুদ্ধিৰে নাৰী সমাজক সচেতন কৰিবলৈ চেষ্টা কৰিছো যে প্ৰকৃতিৰ ৰাজ্যত উচ্চ-নীচ ভেদাভেদ নাই। আমাৰ ঘৰৰ পৰিৱেশে সম্ভৱ মোৰ মনত এনে এটা ধাৰণাৰ স্থিতি লভাত সহায় কৰিছে। মা-দেউতাৰ কথা বাদেই দিলো তিনিওজন পুতেকৰ ফালৰ পৰা কেৱল নাতিনীসকলৰ আগমনৰ বাবে আবুই হা-হুতাশ কৰা কোনেও দেখা নাই। তেওঁৰ মৃত্যুৰ আগতে সৰু বোৱাৰীয়েকৰ এটি পুত্ৰ সন্তান ওপজা দেখি গৈছে। কিন্তু তাৰ বাবে তেওঁ মনে মনে হ’লেও বাহিৰত উচ্ছাস প্ৰকাশ কৰা নাই। মাছ বিলোৱা নাই। নাতি-নাতিনীৰ জন্ম সমভাৱে লৈছে।

 এজন মানুহে হেনো ভাবিছিল ছোৱালী হোৱা বাবে ঘৰত ভাল ব্যৱহাৰ নাপাই তাৰ প্ৰতিবাদত মই নাৰীবাদী হৈছো। ‘উল্টা বুঝ্‌লি ৰাম’। মই ভাল ব্যৱহাৰ পাইছিলো বাবেহে বৃহত্তৰ সমাজে নাৰীৰ প্ৰতি কৰা অন্যায়বোৰ চকুত পৰিছিল সহজতে। দুৰ্ব্যৱহাৰ পোৱা হ’লে ময়ো হয়তো ভাবিলোহেঁতেন— ‘এয়েই আমাৰ ভাগ্য। আমি আঁঠুৱাৰ তলৰ মহ, যমে মাইল্যেও মাইল্যাক, মৰদে মাইল্যেও মাইল্যাক।'

 আঁঠুৱাৰ তলৰ মহবোৰক উলিয়াই আনিবলৈ চেষ্টা কৰিছো যদিও সফল আৰু ক’ত হ’লো। অনেকে যে আঁঠুৱাৰ তলতে থাকিবলৈ ভাল পায় এই চিন্তাই মোক খুলি খুলি খায়।

ভাৰতীয় গৃহিণীৰ মৰ্যাদা : সৌসিদিনালৈ সকলো বিবাহিতা মহিলা আছিল গৃহিণী। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতাত পৰিৱৰ্তন অহাৰ পাছত একাংশ বিবাহিতাই চাকৰিক বৃত্তি হিচাপে লয়। অৱশ্যে চাকৰি কৰে বুলি তেওঁলোকে ঘৰখনৰ ঘাই দায়িত্ব গৃহকৰ্মৰ পৰা মুক্তি নাপায়। সেই অৰ্থত তেওঁলোকো গৃহিণী। পিছে চাকৰি কৰা আৰু চাকৰি নকৰা— এই দুই শ্ৰেণী গৃহিণীৰ মাজত সমাজৰ চকুততো হয়েই, আনকি ভাৰত চৰকাৰৰ চকুতো আকাশ-পাতাল প্ৰভেদ।

১৮০/ বাকীছোৱা জীৱন