পৃষ্ঠা:অনিমা গুহ.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আনহাতে নাৰীক ধৰ্মীয় জগতত এখন উচ্চ আসন দিয়াৰ কথাও অবিদিত নহয়, চন্দৰী আইক তেওঁ শৰণ দিছিল। চন্দৰী আয়ে গীতাৰ ব্যাখ্যা দাঙি ধৰিছিল। কনকলতাক পাতিছিল সত্ৰৰ অধিকাৰিনী। এইবোৰ প্ৰগতিশীলতাৰে লক্ষণ। তথাপিতো কিয় তেওঁ ‘জ্ঞানীগনে কামিনীৰ সংগ’ এৰাৰ দৰে বাক্যবোৰ লিখিলে ই মোৰ বাবে এক বিস্ময়। আৰু মনোকষ্টও।

 মই কোনোমতে বুজি নাপাওঁ যিগৰাকী মাকে নিজৰ গৰ্ভত ভ্ৰূণ হিচাপে ধাৰণ কৰি তাক সেই অৱস্থাৰ পৰা এটি পূৰ্ণমানৱলৈ বৃদ্ধি কৰি জন্ম দিয়ে অসহ্য যন্ত্ৰণা সহ্য কৰি, সেইজনা মানৱে কেনেকৈ ভাবিব পাৰে সেইগৰাকী মাতৃৰ স্থান সমাজত তুচ্ছাতিতুচ্ছ! অনেক লেখাত পঢ়ো — অমুকৰ সন্তানক ধাৰণ কৰিছে অমুকীয়ে নাইবা অমুকীয়েও কয়, আপোনাৰ সন্তানক গৰ্ভত ধাৰণ কৰিছো ইত্যাদি ইত্যাদি। কিছুমানৰ ধাৰণা নাৰীৰ গৰ্ভ শস্যক্ষেত্ৰ, পুৰুষে ছটিওৱা বীজৰ পৰা গজালি মেলি এটি মানৱ শিশুৰ সৃষ্টি হয়। পুত্ৰ জন্ম দিব নোৱৰিলে কয় মাটি সাৰুৱা নোহোৱা বাবে উন্নত বীজ ৰোৱাৰ পাছত উৎপাদিত হ’ল নিকৃষ্ট কন্যা ফচল! এনেবোৰ অদ্ভূত ধাৰণা আজিও অনেকৰ মাজত আছে। এই সম্পৰ্কে এজন অৰ্বাচীনৰ লগত তৰ্ক কৰি কৈছিলো— তোমাৰ সন্তান আকৌ কেনে কথা? তোমাৰ তেইশটা আৰু তোমাৰ শ্ৰীমতীৰ তেইশটা ক্ৰমজ’মৰ মিলনৰ ফলত তেইশযোৰ ক্ৰমজ’ম বিশিষ্ট তোমালোকৰ সন্তান এটা উপজিছে।

মোক প্ৰশ্ন কৰে : এবাৰ আলোচনী এখনৰ পক্ষৰ পৰা মোক কেইটামান প্ৰশ্ন কৰিছিল। তাৰে এটা আছিল কোন কোন কিতাপ পঢ়ি মোৰ মনত নাৰীবাদী ধাৰণাৰ জন্ম হৈছিল। উত্তৰত কৈছিলো— কোনো কিতাপে নহয়, বাল্যকালত চাৰিওফালৰ সামাজিক পৰিৱেশে মোৰ মনত এই ধাৰণাৰ জন্ম দিয়ে। অৱশ্যে তাৰ নাম নাৰীবাদ নে আন কিবা বাদ জনা নাছিলো! আজিও মই নাৰীবাদ শব্দটো শুনিবলৈ ভাল নাপাওঁ। নাৰী আৰু পুৰুষ সৃষ্টিৰ দুটা ৰূপ, এটা আনটোৰ পৰিপূৰক। জ্ঞান হ’বৰ পাছতেই চাৰিজন ব্যক্তিক ঘনিষ্ঠভাৱে পাইছো— মা-দেউতা আৰু আতা (মাতামহ)- আবুক (পিতামহী)। এওঁলোকৰ পাছতেই বৃহত্তৰ পৰিয়ালৰ আন অনেকক। এওঁলোকৰ প্ৰত্যেকৰে মোৰ মানৱিক আৰু চাৰিত্ৰিক গঠন সৃষ্টিত অৱদান সমান বুলি ভাবো। এওঁলোকৰ কোনোবা উচ্চতৰ কোনোবা নিম্নতৰ বুলি মোৰ ধাৰণাত ঠাই পোৱা নাছিল। ধীৰে ধীৰে পাৰিপাৰ্শ্বিক পৰিৱেশে হেড মাষ্টৰৰ ভূমিকা লৈ মোক জীৱনৰ

বাকীছোৱা জীৱন /১৭৯