পৃষ্ঠা:অনিমা গুহ.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰি অসমীয়া সাহিত্যৰ ভঁৰাল কৰিছে সমৃদ্ধ। সমাজ সংস্কাৰমূলক কামতো তেওঁলোক জড়িত হৈ আছে।

 সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ১৯৮৮ চনত বৰপেটাত অনুষ্ঠিত দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশনত মহিলাসকলে বৰপেটাৰ কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশ ঘটাবলৈ চেষ্টা কৰি বিফল হৈছিল। বৰপেটা সত্ৰত প্ৰচলিত এই যুক্তিহীন পৰম্পৰাই আমাক যুগপৎ মনত দুখ দিয়ে আৰু মনটোক বিদ্ৰোহী কৰি তোলে। বৰপেটাৰ সত্ৰাধিকাৰ আৰু ভকতসকলে কয় এই পৰম্পৰাটো হেনো মহিলাসকলেই জীয়াই ৰাখিছে। এটা কথা অস্বীকাৰ নকৰো যে ৰক্ষণশীলতা মহিলাসকলৰ মাজত বেছি। পৰম্পৰাক জীয়াই ৰাখিছে তেওঁলোকেই। পিছে মহিলাসকলৰ বিষয়ে থকা আন এটা ধাৰণা স্বীকাৰ নকৰো যে বংশগতভাৱে (hereditarily) মহিলা প্ৰজাতিটো ৰক্ষণশীল বা পৰম্পৰাগত মূল্যবোধ খামুচি ধৰি থকা বিধৰ। পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ নিষ্ঠুৰ পৰিৱেশে মহিলা প্ৰজাতিটোৰ স্বাভাৱিক প্ৰবৃত্তিবোৰক হেঁচি থকা বাবে ই প্ৰস্ফূটিত হ’ব পৰা নাই। নাৰীৰ চেতনাক বৰ্ধিত হ’বলৈ নিদি বাওনা কৰি ৰাখিছে।

 নাৰীয়ে মাহৰ তিনিটা দিন নিজকে অশুচি বুলি ভাবে বাবে সেই তিনি দিন গোসাঁইঘৰত বা মন্দিৰত নোসোমায়। কীৰ্তন ঘৰত সোমাবলৈ নিদিয়াৰ এইটোৱে কাৰণ। বোধকৰো ভকতনীসকলৰ ভয় কোনোবাই অশুচি দেহাৰেই সোমাব। এবাৰ কেইজনীমান বান্ধৱী আৰু সহকৰ্মীৰ সৈতে কলকাতাৰ এখন চহৰতলীৰ মন্দিৰ এটালৈ গৈছিলো তাত অধিষ্ঠিত বিপদতাৰিণী গোসাঁনীক দৰ্শন কৰিবলৈ। নিৰাকাৰ শক্তি এটা প্ৰকৃতিৰ মাজত আছে বুলি বিশ্বাস কৰো যদিও মন্দিৰ, দেৱস্থান আদিৰ লগত মোৰ সম্পৰ্ক ক্ষীণ। তথাপিতো বিপদতাৰিণী মন্দিৰলৈ যাবলগীয়া হ'লো। সেই মন্দিৰত সকলোৰে অবাধ প্ৰৱেশ চাবলৈ। বিপদতাৰিণী কালী গোসাঁনীৰ এটা অন্য ৰূপ। অবাধ প্ৰৱেশৰ কাৰণ হ’ল মাকৰ দৰ্শন পোৱাত বাধা থাকিব কিয়? কেৱল দৰ্শনে নহয় মহিলাসকলে দেখিলো দহ ফুটমান ওখ বিপদতাৰিণীৰ কিচ্‌কিচীয়া ক’লা আৰু চিক্‌চিকীয়া মসৃণ দেহটোক সাবটি ধৰি আছে। ৰজস্বলা ছোৱালীও মন্দিৰত সোমাই বিপদতাৰিণীক চুমা খাই আহিব পাৰে। সঁচাকৈয়ে মন্দিৰৰ কাণ্ড-কাৰখানা দেখি বিচূৰ্তি খাইছিলো। মাটিৰ মূৰ্তিটো তো আৰু প্ৰগতিশীল দৃষ্টিভংগী সম্পন্ন হ’ব নোৱাৰে, পৰিচালনা কমিটীয়ে বিপদতাৰিণীক আধুনিকমনস্ক কৰিছে। পৰিচালনা কমিটীৰ প্ৰশংসা কৰি গোসাঁনীক সিদিনা প্ৰণাম কৰি আহিছিলো।

 ইয়াৰ বিপৰীত চিত্ৰ দেখিবলৈ পাওঁ বৰপেটা কীৰ্তন ঘৰত। কিয় এনে হ’ল তাৰ

বাকীছোৱা জীৱন /১৭৭