পৃষ্ঠা:অনিমা গুহ.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইয়াৰ পিছত ভালে কেইখন কিতাপৰ সমালোচনা লিখিছো যদিও বিশেষজ্ঞ সমালোচক মই নহওঁ। মোৰ সীমাবদ্ধতাৰ প্ৰতি মই সচেতন। এই বিষয়ে কিছু পঢ়া-শুনা, চিন্তা-চৰ্চা কৰিলে হয়তো সেই সীমাবদ্ধতা অতিক্ৰম কৰিব পাৰিলোহেঁতেন, কিন্তু সময় ক’ত? জীৱনত এটা কামো নিয়াৰিকৈ ক'ৰা নহ'ল। ইয়াকেই কয় জেক অব্ অল, মাষ্টাৰ অব্ নান্।

 বিশ্বনাথ চাৰিআলি অধিৱেশনলৈ আমন্ত্ৰিত হৈ কলকাতাৰ পৰা আহিছিল স্নেহলতা ভট্টাচাৰ্য নামৰ এগৰাকী লেখিকা। সিদিনা গুৱাহাটীৰ পৰা তোষপ্ৰভা কলিতা আৰু মোৰ লগত তেওঁ বিশ্বনাথ চাৰিআলিলৈ যাওঁতে ওৰেটো বাট আতংকগ্ৰস্ত হৈ যোৱা যেন লাগিছিল। তিনিওৰে থকা-মেলাৰ বন্দবস্ত কৰিছিল বিনন্দি কলিতাৰ ঘৰত। মন কৰিছিলো তেওঁলোকৰ ঘৰ পোৱাৰ পাছতহে স্নেহলতাৰ মুখত সামান্য হাঁহি বিৰিঙি উঠিছিল৷ গুৱাহাটীৰ পৰা ৰাওনা হওঁতে পলম হোৱা বাবে তেজপুৰৰ পাছত ভালেখিনি বাট নিজান চাহ বাগিচাৰ বুকু ফালি এন্ধাৰৰ মাজেৰে যাবলগীয়া হৈছিলো। তেতিয়াৰ দিনত সন্ত্ৰাসৰ ভয় বৰকৈ নাছিল যদিও কলিকতীয়া মানুহজনীৰ হেনো ঘোপমৰা এন্ধাৰৰ মাজেৰে আহোঁতে খুব ভয় লাগিছিল। ইমান নিৰ্জন ঠাই হেনো জীৱনতে তেওঁ দেখা নাই। ওৰে বাট ইষ্টনাম জপ কৰি অহা বুলি শুনি আমি বৰ আমোদ পাইছিলো৷ পিছদিনা সভাস্থলীলৈ গৈ সাহিত্যিক আৰু সাহিত্যপ্ৰেমী অসংখ্য মহিলাক একেলগে দেখি স্নেহলতা অবাক। কেৱল মহিলাৰে গঠিত সাহিত্য সমাৱেশৰ কথা তেওঁলোকে হেনো কল্পনাও কৰিব নোৱাৰে। সিবাৰ অৱশ্যে পঞ্চাশৰো অধিক মহিলা কবিক কবি সন্মিলনীৰ দিনা কবিতা পাঠ কৰা দেখি ময়ো কম আচৰিত হোৱা নাছিলো। সকলো কবিতা উচ্চ স্তৰৰ নহ'লেও মহিলাসকলে হেতা-কৰচ এৰি কলম হাতত তুলি ল’বলৈ আগ্ৰহী হোৱাটোৱে উত্তৰণৰ প্ৰথম সোপান। লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্য হলেও একে সময়তে প্ৰীতি বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠিত সদৌ অসম লেখিকা সংস্থাৰ লগতো মোৰ ওচৰ সম্পৰ্ক। তেওঁলোকৰো একাধিক অধিৱেশন তথা সভা-সমিতিলৈ আমন্ত্ৰিত হৈছো। কেৱল মহিলাৰ দ্বাৰা প্ৰতিষ্ঠিত অসমৰ এই দুটা সাহিত্য-সংস্কৃতিমূলক প্ৰতিষ্ঠানে অসমৰ নাৰী সমাজক জুহালৰ পৰা উলিয়াই আনি সৃষ্টিধৰ্মী কাম-কাজ কৰিবলৈ আৰু সাহিত্যৰ অনুৰাগী হ’বলৈ উদ্বুদ্ধ কৰিছে। পিতৃতান্ত্ৰিক সমাজত সৌসিদিনালৈকে নাৰীৰ সকলো প্ৰতিভা ৰান্ধনি ঘৰৰ জুইত জাহ গৈছিল। আজিও নাৰী মুক্ত হৈছে বুলি ক'ব নোখোজো। কিন্তু উল্লিখিত সংস্থা দুটাই মহিলা কবি-ঔপন্যাসিক, গল্পকাৰ, প্ৰৱন্ধকাৰ আদিৰ ৰচনা পুস্তকাকাৰে প্ৰকাশ

১৭৬/ বাকীছোৱা জীৱন