পৃষ্ঠা:অনিমা গুহ.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উল্লিখিত আইনজীৱীগৰাকীৰ মতে তিৰোতা মানুহৰ পক্ষে ওকালতি কৰা টান। পিছে হিলাৰীহঁতৰ দৰে মহিলাৰ বাবে সকলো সম্ভৱ। মিশ্বেল ওবামাও এগৰাকী সফল আইনজীৱী। দুয়োগৰাকীৰ উপাৰ্জন স্বামীসকলতকৈ বেছি আছিল।

 দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ ছাত্ৰী অনসূয়া সেনগুপ্তই হিলাৰী ক্লিনটনক স্বৰচিত কবিতা এটা উপহাৰ দিছিল যেতিয়া তেওঁ দিল্লীলৈ আহিছিল। কবিতাটো তেওঁ আত্মজীৱনীত প্ৰকাশ কৰি অনসূয়াক বিখ্যাত কৰিছে। নাৰীবাদী কবিতাটোৰ শিৰোনাম SILENCE। কবিতাটোৱে যিকোনো অনুভূতিসম্পন্ন ব্যক্তিক আলোড়িত কৰিব।

 Too many women
 In too many countries
 Speak the same language
 Of Silence.
 We seek only to give words
 To those who can not speak
 (too many women in too many countries)
 I seek only to forget
 The sorrows of my grandmother's
 Silence.


নানা কামত সাঙোৰ খাই পৰিলো

 সাহিত্য-সংস্কৃতিৰ জগতত : কুৰি শতিকাৰ ষাঠি-সত্তৰ আৰু আশীৰ দশকত কাকত-পত্ৰ আৰু আলোচনী আদিত ছেগাচোৰোকাকৈ লিখা-মেলা কৰিছিলো যদিও নব্বৈৰ দশকৰে পৰা কলমে মোৰ পিছ নেৰা হ'ল। মোৰ ভাগ্য ভাল বুলিয়ে ক’ব পাৰো। একাংশ পাঠকৰ পৰা উদগনি নোপোৱা হ'লে কলমৰ গতি স্তব্ধ হ'লহেঁতেন। বিশেষকৈ নাৰীৰ অধিকাৰকে ধৰি নাৰীকেন্দ্ৰিক সমস্যা আৰু তাৰ প্ৰতিকাৰ সম্পর্কে লিখিবলৈ আৰম্ভ কৰাত মহিলাসমাজৰ পৰা সমাদৰ লাভ কৰিছো।

 এই প্ৰসংগত মোৰ পদ্মশ্ৰী ড° শীলা বৰঠাকুৰলৈ মনত পৰিছে। ১৯৭৪ চনত প্রতিষ্ঠিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্রী শীলা বৰঠাকুৰে ১৯৭৮ চনত সমিতিৰ নগাঁৱত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক অধিৱেশনত বিশিষ্ট অতিথি

১৭৪/ বাকীছোৱা জীৱন