পৃষ্ঠা:অনিমা গুহ.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুৰণি কালত পালতোলা নাৱত দুঃসাহসী নাৱিকসকলে কেনেকৈ যে সমুদ্ৰ যাত্ৰা কৰিছিল নাজানো।

 যিসকলক বিচাৰি কেপকডলৈ আহিছিলো সেই তিমি মাছবোৰ সিদিনা ক’ত যে লুকাই থাকিল! সেইখিনি অঞ্চলত তিমিবোৰে জাক বান্ধি ঘূৰি ফুৰে বাবে পৰ্যটক কোম্পানীবোৰে ৰমৰমীয়া ব্যৱসায় কৰি আছে। সিদিনা জাহাজ ভৰা পৰ্যটকক তিমি দেখুৱাব নোৱাৰি তেওঁলোক হতাশ। আমিও হতাশ। নিৰ্দিষ্ট সময়তকৈ কেইবাঘণ্টা বেছি এই উথল-পাথল মহাসমুদ্ৰত আমাক ঘূৰোৱাৰ পাছত প্ৰত্যেকৰ হাতত জাহাজ কোম্পানীয়ে দহ বছৰৰ বাবে কাৰ্যকৰী একোখনকৈ বিনামূলীয়া টিকেট দিলে। অৱশ্যে আমি আৰু তেখেতসকলক বিচাৰি যোৱা নাই।

 তিমি দৰ্শন নোহোৱা বাবে জাহাজৰ পৰা নামিয়ে পোনে পোনে গ’লো পিলগ্ৰিম মনুমেণ্ট দৰ্শন কৰিবলৈ। এইখিনি ঠাইত ১৬২০ চনৰ ২১ নৱেম্বৰ তাৰিখে ইংলেণ্ডৰ পৰা অহা পিলগ্ৰিম ফাদাৰসকল নামিছিল। স্বভূমি ত্যাগ কৰি অচিনাকি ভূ-খণ্ড এডোখৰলৈ আটলাণ্টিক মহাসাগৰ নাৱেৰে পাৰ হৈ অহা মানুহবোৰক দুঃসাহসী নুবুলি কি বুলিম? এওঁলোকৰ পাছত ইংলেণ্ড-ইউৰোপৰ পৰা দলে দলে প্ৰব্ৰজনকাৰী বিভিন্ন প্ৰৱাহত আমেৰিকামুখী হয় নতুন জীৱনৰ সন্ধানত। সেইখন দেশলৈ প্ৰব্ৰজনৰ সোঁত আজিও বন্ধ হোৱা নাই। ইউৰোপৰ পৰা হোৱা প্ৰব্ৰজনৰ কাহানিবাই অন্ত পৰিছে, তাৰ পাছত আৰম্ভ হৈছে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আমেৰিকামুখী জনস্ৰোত। আমেৰিকাক এখন মিনি বিশ্ব বুলিব পাৰি। কোন দেশৰ মানুহ নাই তাত?

 মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিখ্যাত কেনেডি পৰিয়ালৰ বাস কেপকডত। এওঁলোকৰ পূৰ্বপুৰুষ আহিছিল ইংলেণ্ডৰ পৰা। অস্বাভাৱিক মৃত্যুৰ কৱলত পৰিছে অভিশপ্ত পৰিয়ালটোৰ কেইবাজনেও। প্ৰেছিডেণ্ট জন এফ কেনেডি আৰু তেওঁৰ ভায়েক ৰবাৰ্ট কেনেডি দুয়ো আততায়ীৰ গুলীৰ আঘাতত নিহত হয়। জন এফ আৰু জেকুলিনৰ একমাত্ৰ পুত্ৰই স্বচালিত বিমানত কেপকডলৈ আহি থাকোতে সপত্নীক বিমান দুৰ্ঘটনাত আটলাণ্টিকৰ পানীত জীৱন হেৰুৱায়। ডেকা বয়সত এইজনা কেনেডিয়ে নিজৰ চিনাকি লুকুৱাই সাধাৰণ পৰ্যটকৰ দৰে সাধাৰণভাৱে ভাৰত দৰ্শন কৰি গৈছে। দিল্লীৰ বাটে বাটে হেনো ফুৰিছে চাইকেল চলাই। দিল্লীৰ পৰা কেৰেলালৈ তেতিয়াৰ দিনৰ ৰে'লৰ তৃতীয় শ্ৰেণীত ভ্ৰমণ কৰিছিল। এওঁ বুলিয়ে নহয় চহকী দেশৰ মানুহবোৰ অলপ চেৰাবলিয়াই হয় নেকি। ধন-ঐশ্বৰ্যই এওঁলোকক মাজে মাজে আমুৱায়।

 বহু বছৰ আগতে কলকাতালৈ আহিছিল এজন জাৰ্মান হিপ্পী। এদিন এগৰাকী

বাকীছোৱা জীৱন /১৬৯